চিৰতাৰ পানী খালেও পাব অনেক সুফল
চিৰতা ব্যৱহাৰ কৰিলেও বিভিন্ন ৰোগত উপশম পাব পাৰি৷ হেপাটাইটিছ, প্ৰদাহ, আৰু পাচন ৰোগৰ চিকিৎসাৰ বাবে চিৰতা ব্যৱহাৰ হৈ আহিছে৷
⬛কাহ, জ্বৰ আৰু চৰ্দিৰ বাবেঃ চিৰতাত থকা এণ্টি-ভাইৰেল গুণাগুণবোৰে কাহ, জ্বৰ আৰু চৰ্দি উপশম কৰিব পাৰে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো চিৰতাই সুফল দিয়ে৷
⬛মধুমেহ নিয়ন্ত্ৰণঃ শেহতীয়া এক গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে ৰক্ত শৰ্কৰাৰ স্তৰ [Blood Sugar Level] হ্ৰাস কৰাত চিৰতাই সহায় কৰে৷ গৱেষণা অনুসৰি, Aamarogentin হৈছে চিৰতাৰ এক Bioactive Compound৷ এই যৌগটোৱে ডায়েবেটিছ প্ৰতিৰোধীৰ কাম কৰে৷ যাৰ বাবে চিৰতাই ৰক্ত শৰ্কৰা হ্ৰাস কৰিব পাৰে৷
⬛ৰক্তহীনতাৰ বাবে চিৰতাঃ চিৰতাই শৰীৰক ৰক্তহীনতাৰ পৰাও সুৰক্ষিত কৰিব পাৰে৷ ইয়াৰ পাতত থকা ভিটামিন আৰু খনিজ পদাৰ্থ Haematinic প্ৰভাৱ থাকে৷ এই প্ৰভাৱে শৰীৰত তেজ তৈয়াৰ কৰাত সহায় কৰে৷ সেয়েহে ৰক্তহীনতাৰ বাবে চিৰতা ব্যৱহাৰ কৰিব পাৰি৷
⬛যকৃতৰ বাবে উপকাৰীঃ যকৃত [Liver] ৰ বিকাৰ আঁতৰাবলৈ চিৰতা ব্যৱহাৰ কৰিব পাৰি৷ চিৰতাত Swerchirin যৌগ থাকে, ই যকৃতক ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে৷ যকৃতৰ ৰোগ যেনে হেপাটাইটিছ, হেপাটাইটিছ বি আৰু চি প্ৰতিৰোধ কৰিব পাৰে৷
⬛হজম শক্তি বৃদ্ধিঃ চিৰতাৰ ব্যৱহাৰে হজম শক্তি বৃদ্ধি কৰে৷ এই ভেষজৰ তিতাই শৰীৰত লেলাৱতি আৰু গেষ্ট্ৰিক ৰস সৃষ্টি কৰি বদহজমৰ সমস্যা হ্ৰাস কৰে৷ ই হজম শক্তি উন্নত কৰে আৰু পিত্তৰ নিষ্কাশন বৃদ্ধি কৰি কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিব পাৰে৷
⬛মেলেৰিয়া জ্বৰ প্ৰতিৰোধঃ পৰম্পৰাগতভাৱে মেলেৰিয়া জ্বৰ প্ৰতিৰোধ কৰিবলৈও চিৰতা ব্যৱহাৰ কৰা হয়৷ চিৰতাত Swerchirin নামৰ এটা উপাদান থাকে, যি Anti-malaria দৰে কাম কৰিব পাৰে৷
⬛দৃষ্টিশক্তি উন্নত কৰেঃ চিৰতাক চকুৰ টনিক বুলি কোৱা হয় ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ , সেয়েহে চকুৰ স্বাস্থ্যৰ বাবে চিৰতাৰ পানী সেৱন কৰা উচিত৷ ভিটামিন চিয়ে দৃষ্টিশক্তি উন্নত ৰাখিব পাৰে আৰু চকুৰ ৰোগ প্ৰতিৰোধ কৰে৷
⬛পেটৰ পেলু নাশ কৰেঃ চিৰতাৰ Anthelmintic প্ৰভাৱ আছে৷ ই হৈছে Antiparasitic এক পদ্ধতি যি পাকস্থলী আৰু অন্ত্ৰত পোক-পতংগ ধবংস কৰাত সহায় কৰিব পাৰে৷ চিৰতাৰ পানী খালে পেটৰ পেলুৰ পৰা হাত সাৰিব পাৰি৷
⬛গাঁঠিৰ বিষত উপকাৰীঃ চিৰতাৰ গুৰিয়ে গাঁঠিৰ বিষ উপশম কৰিব পাৰে৷ দৰাচলতে, চিৰতাত Swertiamarin যৌগ থাকে, এই যৌগটোৱে আথ্ৰৰ্াইটিছৰ সমস্যা হ্ৰাস কৰে৷
⬛চৰ্ম ৰোগত উপশমঃ ছালৰ ৰোগ নিৰাময় কৰাত ই সহায় কৰে৷
⬛কেন্সাৰ প্ৰতিৰোধকঃ কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিবলৈও চিৰতা ব্যৱহাৰ কৰা হয়৷ ৷ দৰাচলতে, চিৰতাত Amarogentin যৌগ থাকে৷ এই যৌগটোৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে, যি কৰ্কট ৰোগৰ কোষ বৃদ্ধিত বাধা দিয়ে৷
⬛তেজ পৰিষ্কাৰ কৰেঃ চিৰতাত থকা ঔষধি গুণে তেজ পৰিষ্কাৰ কৰে৷
⬛ভোক বৃদ্ধি কৰেঃ ভোক বঢ়াবলৈও চিৰতা ব্যৱহাৰ কৰিব পাৰি৷ এক গৱেষণা পত্ৰত কোৱা হৈছে যে, ই পিত্ত [Bile] বৃদ্ধি কৰে, যি ভোক বৃদ্ধি কৰিব পাৰে৷
এইদৰে চিৰতাৰ পানী সেৱন কৰি বিভিন্ন ৰোগত সুফল পাব পাৰি৷ অৱশ্যে এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটোও জৰুৰী৷