Logo
image

দুৰ্যোগৰ বাবে অমৰনাথ যাত্ৰা স্থগিত

‘আমাৰ অসম’ৰ প্ৰতিবেদন, ৯ জুলাইঃ আকস্মিক দুৰ্যোগৰ বাবে স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা৷ দৰ্শনাৰ্থীৰ সুৰক্ষাৰ বাবে স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা৷ প্ৰৱল দুৰ্যোগৰ বাবে এই সিদ্ধান্ত লৈছে প্ৰশাসনে৷ শনিবাৰে পুৱাৰ ভাগতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা৷ শনিবাৰে পুৱা ৮ বজাতেই চলিত বছৰৰ নতুন দৰ্শনাৰ্থীৰ বাবে অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল৷ বতৰৰ আকস্মিক পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুৰ্যোগৰ বাবে স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা৷ স্মৰ্তব্য, বছৰি লাখ লাখ লোকে অমৰনাথলৈ দৰ্শন কৰিবলৈ যায়৷ জম্মুসহ সমগ্ৰ উত্তৰ ভাৰতত প্ৰৱল বৃষ্টিপাতৰ ফলত অমৰনাথ যাত্ৰাপথত ভূমিস্খলনৰ সম্ভাৱনাই দেখা দিছে৷ তদুপৰি পথটোৰ বিভিন্ন স্থান বিপৰ্যস্ত হৈছে৷ ফলত কেইবাটাও স্থানত যান-বাহনৰ চলাচল ব্যাহত হৈছে৷ শনিবাৰে জম্মু আৰু কাশ্মীৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ কৰি দিছে প্ৰশাসনে৷