Logo
image

ইউৰিক এচিডৰ পৰা হাত সাৰিবলৈ এইবোৰ খাদ্য এৰি চলক

ইউৰিক এচিড– আজিকালি খুব বেছিকৈ প্ৰচলিত এটা৷ প্ৰায়ভাগ লোকেই ইউৰিক এচিডৰ সমস্যাত ভোগা বুলি শুনিবলৈ পোৱা যায়৷ ইউৰিক এচিডৰ সমস্যাত ভোগা লোকেহে জানে ইয়াৰ অসহ্যকৰ যন্ত্ৰণাৰ কথা৷ গতিকে দেহত যাতে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি নহয় তাৰবাবে আগতীয়াকৈ সতৰ্ক হোৱাটো ভাল৷ বিশেষকৈ খোৱা খাদ্যৰ ক্ষেত্ৰত সচেতন নহ’লে ইউৰিক এচিডৰ সমস্যাত ভোগাৰ আশংকা বৃদ্ধি পায়৷ বহুতেই ইউৰিক এচিড হ’লেই দাইল, বিলাহী আদি খোৱা বন্ধ কৰে৷ বহুতৰে ধাৰণা দাইল আৰু বিলাহীয়ে ইউৰিক এচিড বঢ়ায়৷ পিছে এই ধাৰণা ভুল৷ ইউৰিক এচিডৰ পৰা সাৰি থাকিবলৈ হ’লে ৰেডমিট আৰু এলকহল এৰিব লাগিব৷ তদুপৰি দুই কিলোগ্ৰামতকৈ অধিক ওজনৰ মাছ, চৰ্বিযুক্ত মাছ খোৱা এৰাই চলাটো অপৰিহাৰ্য৷ এইখিনিতে জানি থোৱা ভাল যে বজাৰত সহজতে পোৱা কেইবিধমান পাচলিও ইউৰিক এচিডৰ বাবে ক্ষতিকাৰক৷ 

কোনবোৰ খাদ্যই ইউৰিক এচিড বঢ়ায় জানেনে–

⬛  উৰহী জাতীয় পাচলিয়ে ইউৰিক এচিডৰ পৰিমাণ বঢ়ায়৷ সেয়ে যিসকলৰ ইউৰিক এচিডৰ সমস্যা আছে তেওঁলোকে খাদ্য তালিকাৰ পাৰ উৰহী একেবাৰেই বাদ দিয়ক৷ উৰহীয়ে ইউৰিক এচিডৰ লগতে দেহত প্ৰদাহজনিত সমস্যাৰো সৃষ্টি কৰে৷

⬛  যিকোনো দাইল আৰু মটৰমাহত প্ৰচুৰ পৰিমাণে পিউৰিন থাকে৷ এইবিধ উপাদানে আমাৰ দেহত ইউৰিক এচিডৰ পৰিমাণ বঢ়ায়৷ সেয়ে দাইল খালেও অত্যধিক নাখাব৷ একেদৰে নিতৌ মটৰমাহৰ ব্যঞ্জন খোৱা অভ্যাস নিয়ন্ত্ৰণ কৰক৷

⬛  দাইল আৰু মটৰমাহৰ দৰে বেঙেনাটো অত্যধিক পৰিমাণে পিউৰিন থাকে৷ ই দেহত ইউৰিক এচিডৰ মাত্ৰা বঢ়োৱাৰ লগতে প্ৰদাহৰ সৃষ্টি কৰে৷ তদুপৰি  যিসকলৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে বেঙেনা একেবাৰেই খাব নালাগে৷ বেঙেনাই খজুৱতি বঢ়ায়৷

⬛  ইউৰিক এচিডৰ সমস্যা থাকিলে স্বাস্থ্য বিশেষজ্ঞসকলে শাক খোৱাত বাধা দিয়ে৷ বিশেষকৈ পালেং শাক খাব নালাগে বুলি কয়৷ পালেং শাকত প্ৰ’টিন আৰু পিউৰিন থাকে৷ সেয়েহে ইউৰিক এচিডৰ সমস্যা থাকিলে এইবোৰ খাদ্য এৰাই চলা ভাল৷

⬛  ইউৰিক এচিডৰ সমস্যা থকা লোকৰ বাবে মদ খোৱাটো অতি বিপদজ্জনক৷ যদি আপোনাৰ ইউৰিক এচিডৰ সমস্যা থকা বুলি সন্দেহ হয়, তেন্তে শীঘ্ৰে মদ্যপান কৰাটো বন্ধ কৰক৷ 

⬛  সাধাৰণতে মধুমেহ ৰোগত আক্ৰান্ত লোকৰ ইউৰিক এচিডৰ সমস্যা হোৱাৰ সম্ভাৱনা বেছি৷ গতিকে মধুমেহ ৰোগত আক্ৰান্ত লোকে নিজৰ খাদ্যৰ তালিকাৰ পৰা ছাগলীৰ মাংস, মচুৰ দাইল, পালেং শাক আদি খোৱাটো উচিত নহয়৷