Logo
image

উজনিৰ চাহ বাগিচাক আলফাৰ ১ কোটিকৈ দাবী! পলাইছে কতৃৰ্পক্ষ

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক, ১১ জুলাইঃ আলফা-চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া আদবাটতে স্তব্ধ হৈ পৰাৰ সময়তে উজনি অসমত নিষিদ্ধঘোষিত সংগঠনটোৱে নিজৰ শক্তি বৃদ্ধি কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ অসমত আলফাকে ধৰি উগ্ৰপন্থী সংগঠনসমূহ নোহোৱা হ’ল বুলি মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ উপৰি আৰক্ষী-প্ৰশাসনৰ বৰমূৰীয়াসকলে অহৰহ দাবী কৰি থকাৰ মাজতে উজনি অসমত যুদ্ধকালীন তৎপৰতাৰে শক্তি-সামৰ্থ্য বৃদ্ধি কৰিবলৈ দিন-ৰাতি একাকাৰ কৰিছে আলফাই৷ সংগঠনটোৱে নিজৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি সংগঠনত নতুন সদস্য ভৰ্তি আৰু ধন সংগ্ৰহৰ অভিযান অব্যাহত ৰখাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ উজনি অসমৰ বিভিন্ন ঠাইৰ প্ৰতিষ্ঠিত উদ্যোগী, ব্যৱসায়ী, চাহ খেতিয়ক, চৰকাৰী বিষয়া আদিৰ পৰা বিপুল পৰিমাণৰ ধন দাবী কৰাৰ তথ্য পোহৰলৈ অহাৰ সমান্তৰালভাৱে উজনি অসমৰ বিভিন্ন ঠাইত, বিশেষকৈ চৰাইদেউ জিলাৰ বহু ব্যৱসায়ী আৰু চাহ বাগিচা কতৃৰ্পক্ষলৈ ধনদাবী-পত্ৰ প্ৰেৰণ  কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক, বিজেপি নেত্ৰী নৱনীতা সন্দিকৈ তথা প্ৰখ্যাত সন্দিকৈ পৰিয়ালৰ মালিকানাধীন চাহ বাগিচাকে ধৰি জিলাখনৰ তিনিখন চাহ বাগিচাৰ কতৃৰ্পক্ষলৈ সংগঠনটোৱে ধনদাবী-পত্ৰ প্ৰেৰণ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি মাহমৰাৰ টিমন চাহ বাগিচা কতৃৰ্পক্ষলৈ নিষিদ্ধঘোষিত সংগঠনটোৱে প্ৰেৰণ কৰিছে ৭২ লাখ টকাৰ ধনদাবী-পত্ৰ৷ অমিত জৈন মালিকানাধীন মাহমৰাৰ টিমন চাহ বাগিচা কতৃৰ্পক্ষলৈ এসপ্তাহ পূৰ্বে নয়ন অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী-পত্ৰ প্ৰেৰণ কৰা হয় আৰু অতি শীঘ্ৰে সংগঠনটোলৈ ৭২ লাখ টকা প্ৰেৰণ কৰিবৰ বাবে পত্ৰযোগে আলফাৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হয়৷ পত্ৰখনত উল্লেখ কৰা অনুসৰি, টিমন চাহ বাগিচাই ইতিপূৰ্বে আলফা স্বাধীনক বাৰ্ষিক বৰঙণি হিচাপে প্ৰদান কৰি অহা ১২ লাখ টকা বিগত ছটা বছৰে আদায় দিয়া নাছিল৷ সেয়ে ৬টা বছৰৰ মুঠ অনাদায় বাৰ্ষিক বৰঙণি ৭২ লাখ টকা অচিৰেই সংগঠনটোক প্ৰদান কৰিবলৈ পত্ৰযোগে নিৰ্দেশ দিয়ে আলফাই৷ আলফাৰ ভয়ত ত্ৰস্তমান বাগিচাখনৰ পৰিচালক মনোজ গগৈয়ে ইতিমধ্যে বাগিচাৰ চাকৰি এৰি পলায়ন কৰা বুলি আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ চৰাইদেউ জিলাৰ বৰহাটৰ বিমলাপুৰ চাহ বাগিচাক ১ কোটি ৮ লাখ আৰু স্মৃতি চাহ বাগিচাক ৬০ লাখ টকা দাবী কৰি নয়ন অসম স্বাক্ষৰিত ধনদাবী-পত্ৰ প্ৰেৰণ কৰিছে আলফাই৷ আলফাৰ পত্ৰত উল্লেখ কৰা মতে নিৰ্দিষ্ট সময়ত দাবীকৃত ধন আদায় শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ আলফাৰ ধনদাবী-পত্ৰৰ জৰিয়তে আন এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ ধনদাবী-পত্ৰত নিষিদ্ধঘোষিত সংগঠনটোৱে উল্লেখ কৰা অনুসৰি, মাহমৰাৰ টিমন চাহ বাগিচাই বিগত ছটা বছৰে সংগঠনটোক দিয়া নাই দাবীকৃত ধন৷ সেয়ে বছৰত ১২ লাখ টকাকৈ ছয় বছৰত মুঠ ৭২ লাখ টকা সংগঠনৰ পুঁজিত জমা দিবলৈ আলফাই নিৰ্দেশ দিছে বাগিচাৰ মালিকপক্ষক৷ তদ্ৰুপ বিমলাপুৰ আৰু স্মৃতি চাহ বাগিচাৰ উপৰি নৱনীতা সন্দিকৈৰ পৰিয়ালৰ বাগিচাকো একে ধৰণৰ নিৰ্দেশ দিয়া গৈছে৷ বিমলাপুৰ চাহ বাগিচাক বছৰি ১২ লাখকৈ ৯ বছৰৰ মুঠ ১ কোটি ৮ লাখ, স্মৃতি চাহ বাগিচাক বছৰি ১২ লাখকৈ ৫ বছৰৰ বাবে মুঠ ৬০ লাখ আৰু প্ৰাক্তন বিধায়কৰ পৰিয়ালৰ মালিকানাধীন বাগিচাক বছৰি ১২ লাখকৈ ৬ বছৰৰ বাবে মুঠ ৭২ লাখ টকা আদায় দিবলৈ আলফাই পত্ৰযোগে নিৰ্দেশ দিছে৷ ধনদাবী-পত্ৰৰ দ্বাৰা উজনি অসমৰ প্ৰায় প্ৰতিখন চাহ বাগিচাই নিষিদ্ধঘোষিত সংগঠনটোক বাৰ্ষিক বৰঙণি দিয়াৰ বিষয়টো স্পষ্ট হৈ পৰিছে৷ সেয়ে অনাদায় বৰঙণিৰ হিচাপ-নিকাচ কৰি আলফাই বহু চাহ বাগিচাক এক কোটি টকাকৈ আদায় দিবলৈ নিৰ্দেশ দিছে৷ আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে, একাংশ বাগিচা আৰু একাংশ ব্যৱসায়ীয়ে আলফাই দাবী কৰা ধনৰ কিছু অংশ ইতিমধ্যে আদায় দিছে৷ আলফাৰ ধনদাবী-পত্ৰ লাভ কৰাৰ বিষয়ে একাংশ চাহ বাগিচাৰ কতৃৰ্পক্ষই ইতিমধ্যে চৰাইদেউ আৰক্ষীক লিখিতভাৱে অৱগত কৰিছে৷ আলফাৰ ধনদাবীৰ বিষয়টো ৰাজহুৱা হোৱাৰ পাছতে চৰাইদেউ জিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, উদ্যোগী, চাহ বাগিচাৰ মালিকসকলৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰাৰ সময়তে চৰাইদেউ আৰক্ষীয়ে আজি সংবাদমেলৰ জৰিয়তে চৰাইদেউবাসীক নিশ্চিন্ত হৈ থাকিবলৈ পৰামৰ্শ দিছে৷ চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি এএছপি দেৱৰ্ষি চৌধুৰীয়ে জনোৱা মতে, আলফা নেতা নয়ন অসম ওৰফে নয়ন মেধি স্বাক্ষৰিত ধনদাবী-পত্ৰ চৰাইদেউৰ কেইখনমান চাহ বাগিচালৈ আলফাই প্ৰেৰণ কৰিছে যদিও নিষিদ্ধঘোষিত সংগঠনটোৱে এতিয়াও ধন সংগ্ৰহ কৰিব পৰা নাই৷ আলফাৰ ধনদাবী-পত্ৰ লাভ কৰা সকলোকে পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দি আৰক্ষী বিষয়াজনে কয় যে সমগ্ৰ চৰাইদেউ জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব৷ বিশেষকৈ জিলাখনৰ নগালেণ্ড আৰু অৰুণাচল সীমান্তত সেনা-চিআৰপিএফৰ সহযোগত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে আৰক্ষী বিষয়াজনে৷ আলফা নেতা নয়ন অসম ওৰফে নয়ন মেধিয়ে নগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তৰ পৰা ধনদাবী-পত্ৰ প্ৰেৰণ কৰাৰ উপৰি নিষিদ্ধঘোষিত সংগঠনটোৰ সাংগঠনিক কাম-কাজ অব্যাহত ৰখা বুলি মন্তব্য কৰি নগালেণ্ডৰ মন জিলা প্ৰশাসনৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ কৰা হৈছে বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে৷ মন জিলাৰ আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত অচিৰেই ম্যানমাৰ সীমান্তত বাহৰ পাতি থকা আলফাৰ দলটোক নিৰ্মূল কৰিব পৰা যাব বুলি দাবী কৰে চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষি চৌধুৰীয়ে৷