Logo
image

গুৱাহাটী হ’ব প্ৰাগজ্যোতিষপুৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুলাইঃ দেশৰ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে গুৱাহাটী লোকসভা সমষ্টিকে ধৰি পুনৰ অন্য ১০টা বিধানসভা সমষ্টি নাম সলনিৰ প্ৰস্তাব দিছে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ ইয়াৰে ভিতৰত গুৱাহাটী লোকসভা সমষ্টিৰ নাম প্ৰাগজ্যোতিষপুৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে নিৰ্বাচন আয়োগক৷ আয়োগে ইতিমধ্যে প্ৰকাশ কৰা খচৰাত কলিয়াবৰ লোকসভা সমষ্টিৰ চাৰি সীমা সলনি কৰি  কাজিৰঙা লোকসভা সমষ্টি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ ঠিক তেনেদৰে তেজপুৰ লোকসভা সমষ্টিৰ নাম শোণিতপুৰ আৰু মঙলদৈ সমষ্টিৰ নাম দৰং কৰাৰ প্ৰস্তাব দিয়া হৈছে৷ মাজুলী বিধানসভা সমষ্টিক যোৰহাট লোকসভা সমষ্টিত সংলগ্ন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ এই খচৰাত বহু বিধানসভা সমষ্টি বিলুপ্ত কৰাৰ সমান্তৰাভাৱে বহু সমষ্টিৰ চাৰিসীমা নতুন কৈ নিৰ্ধাৰণ কৰি সমষ্টিৰ নাম পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ প্ৰায় ২৭ টা বিধানসভা সমষ্টিৰ নাম এই খচৰাত সলনিৰ প্ৰস্তাব দিয়া হৈছে৷ লক্ষণীয়ভাৱে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য আদিও এই খচৰাত নিজৰ নিজৰ সমষ্টি হেৰুৱাবলগীয়া হৈছে৷ সমষ্টি হেৰুৱাৰ তালিকাত শাসক-বিৰোধীৰ উভয় শিবিৰৰ বহু বিধায়কৰ নামো আছে৷ বৰাক উপত্যকাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক কেন্দ্ৰ কৰি বৰ্তমানো প্ৰবল প্ৰতিবাদ অব্যাহত আছে৷ নামনি আৰু উজনী অসমতো অব্যাহত আছে শক্তিশালী প্ৰতিবাদ৷ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাও হেৰুৱাবলগীয়া হ’ব পাৰে নিজৰ নিজৰ সমষ্টি৷ ৰাজ্যৰ সৰ্বত্ৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক কেন্দ্ৰ কৰি শাসক-বিৰোধী উভয় শিবিৰতে তীব্ৰ ক্ষোভ অসন্তোষ অব্যাহত থকাৰ মাজতে ৰাজ্যৰ অন্য ১০ টা সমষ্টিৰ নাম সলনি কৰিবলৈ আকৌ নিৰ্বাচন আয়োগলৈ প্ৰস্তাব প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে৷ মূলতঃ স্থানীয় লোকৰ আবেগ অনুভূতি আৰু ইচ্ছাৰ প্ৰতি সন্মান জনাই এই ১০টা সমষ্টিৰ নাম সলনিৰ প্ৰস্তাব দিয়া বুলি চৰকাৰে উল্লেখ কৰিছে৷ উল্লেখ্য যে বটদ্ৰৱা সমষ্টিৰ নাম ধিং সমষ্টি কৰাৰ প্ৰস্তাব দিছে নিৰ্বাচন আয়োগৰ ওচৰত৷ বটদ্ৰৱা থান নগাঁও সদৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বাবে নাম সলনিৰ এই প্ৰস্তাব দিছে চৰকাৰে৷ বৰাক উপত্যকাৰ ধলাই সমষ্টিৰ নাম বাহাল ৰখাৰ বাবেও চৰকাৰে প্ৰস্তাব দিছে নিৰ্বাচন আয়োগক৷ বদৰপুৰ সমষ্টিৰ নাম ৰামকৃষ্ণনগৰ কৰিব বিচাৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ ঠিক তেনেদৰে মৰাণ বিধানসভা সমষ্টিৰ নাম খোৱাং, ভবানীপুৰ বিধানসভা সমষ্টিৰ নাম বৰনগৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে আয়োগৰ ওচৰত৷ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল ২০ জুলাইত অসমলৈ আহিব এই খচৰাৰ ওপৰত ৰাজহুৱা শুনানীৰ বাবে৷ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই ৰাজহুৱা শুনানী৷ ইয়াৰ পিচতে চূড়ান্ত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা৷

খচৰাৰ প্ৰতিবাদ, আহোমলেণ্ডৰ দাবী ‘টাইপা’ৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ বিগত কেইদিনমান ধৰি বিজেপি চৰকাৰৰ কেইবাজনো নেতা-মন্ত্ৰীয়ে তিনিজন গগৈ উপাধিধাৰী নেতাক সমালোচনা কৰিবলৈ গৈ সমগ্ৰ আহোম জনগোষ্ঠীটোকে চূড়ান্ত অপমান কৰা আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুতক লৈ জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে হত্যা কৰা কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাও বিজয় ৰাজকোঁৱৰে কয়– বিজেপি দল আৰু চৰকাৰৰ যে আহোম জনগোষ্ঠীটোৰ প্ৰতি ভাল ভাৱ নাই দলটোৰ শেহতীয়া কৰ্মকাণ্ডই প্ৰমাণ কৰিছে৷ পূৰ্বতে কংগ্ৰেছ আৰু অগপ দলৰ চৰকাৰৰ আমোলত জনগোষ্ঠীটোৰ পৰা কমেও তিনিজনক মন্ত্ৰীসভাত স্থান দিয়া হৈছিল৷ বিজেপি চৰকাৰৰ আমোলত ইয়াৰ সংখ্যা এজনলৈ অৱনমিত হৈছে৷ বিজেপি চৰকাৰৰ আমোলত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ যি খচৰা তালিকা প্ৰকাশ হৈছে তাত আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰা হৈছে৷ যাৰ বাবে আমি ২০০১ চনৰ সলনি ২০১১ চনৰ লোকপিয়ল মতে খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচনী আয়োগক দাবী জনাইছোঁ৷ আমাৰ টাইপাৰ স্পষ্ট কথা– আসনৰ সংখ্যা কমাব নোৱাৰিব, বঢ়াবহে লাগিব৷ শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ লগতে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পাছতহে খচৰা প্ৰস্তুত কৰিব লাগিব৷ আমগুৰি আৰু লাহোৱাল সমষ্টি দুটাও ষড়যন্ত্ৰমূলকভাৱে বিলুপ্ত কৰা কাৰ্যৰ আমি বিৰোধিতা কৰিছোঁ৷ সমষ্টি দুটা পূৰ্বৰ দৰে অক্ষুন্ন থাকিব লাগিব৷ আনহাতে, শদিয়াৰ পৰা গুৱাহাটীলৈ এখন সুকীয়া আহোমলেণ্ড ৰাজ্য প্ৰদান কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ বুলি চাও বিজয় ৰাজকোঁৱৰে সদৰী কৰে৷ সংবাদমেলত টাইপাৰ উপদেষ্টা মৃদুল কোঁৱৰ, উপ-সভাপতি পৰমানন্দ গগৈ আৰু মুখপাত্ৰ গুণকান্ত গগৈ উপস্থিত থাকে৷