Logo
image

দায়িত্ব পালনত ব্যৰ্থ? সুস্মিতাই নাপালে টিকট, ৰিপুণো বঞ্চিত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ জুলাইঃ কংগ্ৰেছৰ পৰা গৈ তৃণমূল কংগ্ৰেছত যোগদান কৰা অসমৰ সাংসদ সুস্মিতা দেৱ আৰু ৰিপুণ বৰাৰ আশাত চেঁচা পানী ঢালিলে বংগ কন্যা মমতা বেনাৰ্জীয়ে৷ পশ্চিমবংগৰ ৰাজ্যসভাৰ ৬ খন আসনত তৃণমূল কংগ্ৰেছে সোমবাৰে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগে লগে সুস্মিতা দেৱ আৰু ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ইতি পৰিলে বুলিও এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ ২০২১ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতেই বংগৰ পৰা উপ-নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে সাংসদ হিচাপে সুস্মিতা দেৱক ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছিল৷ সুস্মিতা দেৱৰ  নেতৃত্বতে ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছে বিগত বিধানসভা নিৰ্বাচনত যুঁজ দিছিল যদিও মুখ ঠেকেঁচা খাবলগীয়া হৈছিল৷  ত্ৰিপুৰাৰ মুঠ ২৮খন আসনত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰি আটাইকেখন আসন মিলাই সৰ্বমুঠ ভোট লাভ কৰিলে মাত্ৰ ২২ হাজাৰ ৩১৬ টা৷ এয়া আছিল ৰাজ্যখনৰ মুঠ ভোটাৰৰ ০.৮৮ শতাংশ৷ অৰ্থাৎ দলটোৱে ৰাজ্যখনত ১ শতাংশ ভোটো লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ ইফালে বিগত বৰ্ষত অসমৰ ৰাজ্যসভাৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতেই একাংশ কংগ্ৰেছ বিধায়কৰ বিজেপি দলৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ কৰি দলত্যাগ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ৰিপুণ বৰাই৷ ছোনিয়া গান্ধীলৈ পত্ৰ লিখি কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতেই ৰাজ্যসভাৰ সাংসদ হোৱাৰ চৰ্তত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল প্ৰাক্তন কংগ্ৰেছী ৰিপুণ বৰাই৷ অসম তৃণমূলক ৰিপুণ বৰাই নেতৃত্ব দিলেও দলটোৰ সাংগঠনিক ভেটি বিশেষ শক্তিশালী কৰিব নোৱৰাত শেহতীয়াকৈ অসন্তুষ্ট হৈ পৰিছিল মমতা বেনাৰ্জী৷ অৱশ্যে দিনচেৰেক পূৰ্বে বংগৰ একাংশ সংবাদ পত্ৰত ৰিপুণ বৰাই পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ টিকট লাভ কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল যদিও শেষ মুহূৰ্তত মমতা বেনাৰ্জীয়ে ৰিপুণ বৰাকো টিকটৰ পৰা বঞ্চিত কৰিলে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰিপুণ বৰাৰ সাংসদ হোৱাৰ আশাত চেঁচাপানী পৰা বুলিও চৰ্চা লাভ কৰিছে৷ এক কথাত অসমৰ দুয়োজন প্ৰাক্তন কংগ্ৰেছী নেতাকে টিকটৰ পৰা বঞ্চিত কৰিলে মমতা বেনাৰ্জীয়ে৷ এই মুহূৰ্তত অসমত কোনো নিৰ্বাচন নথকাৰ পৰিপ্ৰেক্ষিতত বংগ কন্যা মমতা বেনাৰ্জীৰ বাবে গুৰুত্বহীন হৈ পৰিল ৰিপুণ বৰা আৰু সুস্মিতা দেৱ৷ লক্ষণীয়ভাৱে সোমবাৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে সুস্মিতা দেৱে শিলচৰত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ সুস্মিতা দেৱে পূৰ্বে শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সমষ্টি পুনৰ গঠনৰ খচৰাত শিলচৰ লোকসভা সমষ্টিটোক এছচিৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ দিছে৷ যাৰ পৰিপ্ৰেক্ষিত শিলচৰ লোকসভা সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা ক্ষীণ হৈ আহিল সুস্মিতা দেৱৰ বাবে৷ সেই সূত্ৰেই সমষ্টি পুনৰ গঠনৰ খচৰাৰ বিৰোধিতাৰে সোমবাৰে শিলচৰত অনশন প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে তৃণমূল কংগ্ৰেছে ১৮ আগষ্টত সুস্মিতা দেৱৰ ৰাজ্য সভাৰ সাংসদ হিচাপে কাৰ্যকাল অন্ত পৰিবলগীয়া আসনখনৰ বিপৰীতে দ্বিতীয়বাৰলৈ বৰাকৰ যুৱ নেত্ৰীগৰাকীক টিকট নিদিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ বৰাকৰ যুৱ নেত্ৰীগৰাৰীয়ে ২০২১ চনত কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰাৰ সময়ত ৰাজ্যসভাৰ পৰা তৃণমূলৰ প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ আশা কৰা হৈছিল দ্বিতীয়বাৰলৈ তৃণমূলৰ পৰা ৰাজ্যসভাৰ টিকট লাভ কৰিব সুস্মিতাই৷ কিন্তু এইবাৰ যেন বিমুখ হ’বলগীয়া হ’ল সুস্মিতা৷ তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰা বংগৰ ৰাজ্যসভাৰ ছয়খন আসনৰ প্ৰাৰ্থী তালিকাত নাম নাই সুস্মিতা দেৱৰ৷ উল্লেখ্য পশ্চিমবংগৰ ছয়খন ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে৷ উক্ত তালিকাত সুস্মিতা দেৱৰ স্থান লাভ কৰিছে বিতৰ্কিত আৰটিআই কৰ্মী তথা সাংবাদিক সাকেত গোখলেয়ে৷ তৃণমূল কংগ্ৰেছে ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা আনকেইজন প্ৰাৰ্থী হৈছে ক্ৰমে–ডেৰেক অ’ব্ৰাইন, দোলা সেন, সুখেন্দু শেখৰ ৰয়, সমীৰুল ইছলাম আৰু প্ৰকাশ চিক বাৰাইক৷ ভাৰতীয় নিৰ্বাচন আয়োগে পশ্চিমবংগ, গুজৰাট আৰু গোৱাৰ ১০ খন খালী হোৱা ৰাজ্যসভা আসনৰ নিৰ্বাচন ২৪ জুলাইত অনুষ্ঠিত কৰিব৷ সেই সূত্ৰে তৃণমূলে সুস্মিতা দেৱ আৰু শান্তা ছেত্ৰীক ৰাজ্যসভাৰ তালিকাৰ পৰা বাদ দিছে৷ ন’-ভোট-টু-বিজেপি প্ৰচাৰৰ অন্যতম মুখ সমীৰুল ইছলাম আৰু মন্ত্ৰী বুলু চিক বাৰাইকৰ ভাতৃ প্ৰকাশ চিক বাৰিকে এইবাৰ নতুনকৈ টিকট লাভ কৰিছে৷ উল্লেখ্য, আৰটিআই কৰ্মী সাকেত গোখলে প্ৰথমতে এগৰাকী সাংবাদিক আছিল৷ হিন্দুস্তান টাইমছ আৰু ফাইনেন্সিয়েল টাইমছত বিদেশী সংবাদদাতা হিচাপে কাম কৰাৰ পাছত ২০২১ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল৷ ২০২২ চনৰ ডিচেম্বৰত গুজৰাটত মৰ্বি দলং খহি পৰা ঘটনাৰ সময়ত কৰা  বিতৰ্কিত টুইটৰ পাছতেই গোখলে চৰ্চালৈ আহিছিল৷ গুজৰাটৰ বাসিন্দা সাকেতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ভুল তথ্য পোষ্ট কৰাৰ অভিযোগ উঠিছিল৷আহমেদাবাদৰ মেট্ৰ’পলিটান আদালতৰ পৰা জামিন লাভ কৰাৰ পাছত গোখলেক একেটা টুইটৰ বাবে দুবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল৷

শিলচৰত অনশনত বহিল সুস্মিতা দেৱ

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ ৰাজ্যসভাৰ তৃণমূলৰ সাংসদ সুস্মিতা দেৱে বিধানসভাৰ সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰতিবাদত সোমবাৰে শিলচৰত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱৰ প্ৰতিবাদ জনাই ইতিমধ্যে কাছাৰকে ধৰি বৰাক উপত্যকাত একাধিক দল-সংগঠনে প্ৰতিবাদ জনাই ১২ ঘণ্টীয়া বন্ধ পালন কৰিছিল৷ উক্ত বৰাক বন্ধত তৃণমূলৰ সাংসদ সুস্মিতা দেৱে সমৰ্থন জনাইছিল৷ তদুপৰি কাছাৰ জিলাকে ধৰি বৰাক উপত্যকাত বিভিন্ন স্তৰত হোৱা আন্দোলনত সাংসদ সুস্মিতা দেৱে অংশগ্ৰহণ কৰিছিল৷ সেইদিনা সাংসদ সুস্মিতা দেৱে দলৰ বিষয়া-কৰ্মীক লগত লৈ শিলচৰৰ নৰসিংটলা ময়দানত পুৱা ৯ বজাৰ পৰা সন্ধিয়া জ্জ বজালৈ ক’লা পোছাক পৰিধান কৰি অনশন কাৰ্যসূচী পালন কৰে৷ তেওঁ কয়– সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰতিবাদৰ ঢৌ কেৱল বৰাক উপত্যকাতে বলা নাই, সমগ্ৰ ৰাজ্যতে এই আন্দোলন অব্যাহত আছে৷ সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত কেৱল বিধানসভাবোৰকে কাটি ছিন্নভিন্ন কৰা হোৱা নাই৷  বৰাক উপত্যকাৰ পৰা দুটা বিধানসভা সমষ্টি বিলুপ্ত কৰা হৈছে৷ ইয়াৰ বাবে বৰাকৰ ৰাজনৈতিক আৰু অৰাজনৈতিক দল- সংগঠনৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷ ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ সুস্মিতা দেৱে উল্লেখিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ তেওঁ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷  তেওঁ কয়,  ২০০৬ চনত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে বৰাকৰ আসন বৃদ্ধি পালেহেঁতেন৷ কেৱল বৰাকৰ নহয়, সমগ্ৰ ৰাজ্যৰ আসনৰ সংখ্যাও বৃদ্ধি পালেহেঁতেন৷  তেওঁলোকৰ দলে কোনো কাৰণতে এই খচৰা গ্ৰহণ নকৰে৷

কোক্‌ৰাঝাৰত এবছুৰ জোঁৰ লৈ সমদল

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ উই ৱাণ্ট জাষ্টিছ, ওদালগুৰি লোকসভা সমষ্টি গঠন কৰক, বিটিআৰত জনজাতিৰ বাবে দহটা বিধানসভা সমষ্টি সংৰক্ষণ কৰক আদি শ্লোগানেৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত উলিওৱা জোঁৰ সমদল যাত্ৰাৰে আজি সন্ধিয়া উত্তাল হৈ পৰে বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰ৷ উল্লেখ্য যে বিটিচিত ওদালগুৰি লোকসভা সমষ্টি গঠনৰ উপৰিও বিটিআৰত জনজাতিৰ বাবে দহটা বিধানসভা সমষ্টি সংৰক্ষণ কৰা আৰু অসমত থকা বড়োসকলৰ লগতে আন জনজাতিসকলক বিধানসভা সমষ্টি পুনৰ গঠনৰ নামত ছেদেলি-ভেদেলি কৰা কাৰ্য বন্ধ কৰাৰ দাবীত উক্ত জোঁৰ সমদলটো উলিওৱা হয়৷ কোকৰাঝাৰ জিলা এবছুৰ উদ্যোগত চহৰখনৰ টেঙাপাৰাস্থিত এবছুৰ জিলা কাৰ্যালয় প্ৰাংগণৰ পৰা জেডি ৰোড হৈ বডোফা শিশু উদ্যানলৈ উলিওৱা হয় উক্ত জোঁৰ সমদলটো৷ সমদলটোৰ নেতৃত্ব দিয়া কোকৰাঝাৰ জিলা এবছুৰ সভাপতি কৃপেশ দৈমাৰীয়ে সাংবাদিকৰ আগত নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত থকা ব্যাপক খেলি-মেলি আৰু বিসংগতি দূৰ কৰি গ্ৰহণযোগ্য হোৱাকৈ পুনৰ প্ৰকাশ কৰাৰ দাবীত কোকৰাঝাৰ জিলা এবছু, বড়ো সাহিত্য সভা, দুলাৰায় বড়ো হাৰিমু আফাতৰ লগতে কোকৰাঝাৰ জিলা ইউনিট সদৌ অসম ট্ৰাইবেল সংঘ আদি কেইবাটাও জাতীয় দল-সংগঠনৰ যৌথ সহযোগত জোঁৰ সমদলটো উলিওৱা হৈছে বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে জোঁৰ সমদলত এবছু, বড়ো সাহিত্য সভা, ট্ৰাইবেল সংঘ আদিৰ নেতা সদস্য কৰ্মী সমৰ্থকৰ উপৰিও বহুতেই অংশগ্ৰহণ কৰে৷