এটিএমত কাৰ্ডখন সোমাই ৰ’লে কি কৰিব?
এটিএমৰ পৰা পইচা উলিয়াবলৈ গৈ কেতিয়াবা নিশ্চয় আপুনিও এনে সমস্যাৰ সন্মুখীন হৈছে যে এটিএমৰ পৰা পইচাও নোলাল আৰু এটিএম কাৰ্ডখনো মেচিনত সোমাই থাকিল৷ এনেদৰে মেচিনত এটিএম কাৰ্ড ৰৈ যোৱাটো নতুন কথা নহয়৷ এনে সময়ত আপোনাৰ মনত নিশ্চয় এনে শংকাৰ সৃষ্টি হয়– কি হ’ব এতিয়া? বেংকৰ পৰা নতুনকৈ এটিএম কাৰ্ড পোৱা যাবনে নাই তাক লৈ একপ্ৰকাৰ দুঃশ্চিন্তাই হয়৷ কিন্তু এনে সময়ত এনে চিন্তা পৰিহাৰ কৰি কেনেকৈ কাৰ্ডখন উদ্ধাৰ কৰিব পাৰি বা আন সমস্যাৰ পৰা বাচিব পাৰি তাক লৈহে চিন্তা কৰা উচিত৷ এটিএমত ৰৈ যোৱা কাৰ্ডখন উদ্ধাৰ কৰিবলৈ কেইবাটাও পদ্ধতি অৱলম্বন কৰিব পাৰি৷ কিন্তু তাৰ আগতে জনা উচিত এটিএম কাৰ্ডখন কেনেকৈ মেচিনত ৰৈ যায়৷
কি কাৰণত মেচিনত ৰৈ যায় কাৰ্ডখন
⬛এটিএম মেচিনত নিজৰ তথ্য দিয়াত পলম হ’লে সাধাৰণতে এটিএমত কাৰ্ডখন ৰৈ যায়৷
⬛মেচিনত এটিএম কাৰ্ডখন সোমাই চাৰিটা অংকৰ ‘পিন’ ভুলকৈ দিলেও ৰৈ যাব পাৰে কাৰ্ডখন৷ পিনৰ উপৰি আন তথ্য ভুলকৈ দিলেও এনে সমস্যা হ’ব পাৰে৷
⬛কাৰ্ডখন যদি ভঙা থাকে তেতিয়াও মেচিনত ৰৈ যাব পাৰে৷ মেচিনটোৰ যান্ত্ৰিক বিজুতি হ’লে অথবা বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’লেও কাৰ্ডখন ৰৈ যাব পাৰে৷
⬛মেচিনত এটিএম কাৰ্ড ৰৈ যোৱাৰ অন্য এটা কাৰণ হ’ব পাৰে ছাৰ্ভাৰৰ বিসংগতি৷
এটিএম মেচিনত কাৰ্ডখন ৰৈ গ’লে কি কৰিব?
⬛পইচা উঠোৱাৰ সময়ত কাৰ্ডখন ৰৈ গ’লে প্ৰথমে আপোনাৰ ধনৰ লেনদেন বাতিল কৰক৷
⬛লগে লগে বেংকৰ সৈতে যোগাযোগ কৰক৷ বেংকৰ গ্ৰাহক সেৱাৰ নম্বৰত ফোন কৰি আপোনাৰ সমস্যাৰ কথা স্পষ্টভাৱে কৈ দিয়ক৷ এনেদৰে কৈ দিয়াৰ পাছত আপোনাৰ একাউণ্ট থকা বেংকৰ শাখাৰ জৰিয়তে সহজে কাৰ্ডখন ঘূৰাই পাব৷
⬛এটিএমৰ পৰা ওলাই আহোতে বাৰে বাৰে চাবলৈ নাপাহৰিব আপোনাৰ লেনদেনৰ প্ৰক্ৰিয়া বাতিল হৈছে নে নাই৷ অন্যথা কোনো দুষ্কৃতিকাৰীয়ে আপোনাৰ একাউণ্টৰ পৰা ধন উঠাই নিব পাৰে৷