Logo
image

আগন্তুক পাঁচটা দিনত অসমসহ উত্তৰ-পূর্বত প্রবল বৃষ্টিপাতৰ আশংকা

ডিজিটেল সংবাদ, গুৱাহাটীঃ দক্ষিণ পশ্চিম মৌচুমী বায়ু বিগত জুন মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যকেইখনত প্রৱেশ কৰাৰ পাছত এটা মাহৰো অধিক দিন ধৰি অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে বেছিভাগ ঠাইতে কম-বেছি পৰিমাণে বৰষুণ হৈ আছে। আনকি ভূটান, অৰুণাচল প্রদেশ আৰু মেঘালয় সীমান্ত অসমৰে সংলগ্ন অঞ্চলসমূহৰ বেছিভাগ ঠাইতে মজলীয়াৰ পৰা ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈছে। যাৰ বাবে জুন মাহৰ মাজভাগত ভূটান সীমান্তত হোৱা প্রবল বৃষ্টিপাতৰ বাবে বেকী, মানাহ, পাগলাদিয়াকে ধৰি ভূটানৰ পৰা অসমলৈ নামি অহা আটাইকেইখন নৈ ফেনে-ফুটুকাৰে ওফন্দি উঠি বানপানীৰ সৃষ্টি কৰিছিল৷ ইফালে, গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে সদৰি কৰা অনুসৰি আগন্তুক পাঁচদিনত অসম , অৰুণাচল প্রদেশ আৰু মেঘালয়ৰ  উপৰিও কেবাখনো ৰাজ্যত বেছিভাগ ঠাইতে কম-বেছি পৰিমাণে বৰষুণ হব। ইয়াৰ মাজতে কিছু কিছু ঠাইত মজলীয়াৰ পৰা ধাৰাসাৰ পৰিমাণৰ আৰু দুই এঠাইত গাজনি-ঢেৰেকনিৰ সৈতে প্ৰবল বৃষ্টিপাত হব। 

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি উত্তৰ ভাৰতৰ কেবাখনো ৰাজ্যত মৌচুমী বায়ুৰ প্ৰভাৱত বিগত তিনি-চাৰিদিন ধৰি হৈ থকা বৰষুণ আৰু ইয়াৰ প্ৰভাৱত সৃষ্টি হোৱা বতৰৰ পৰিঘটনাৰ বাৱে বিহাৰ হৈ সাগৰপৃষ্ঠৰ পৰা মাত্ৰ ৯০০ মিটাৰ ওপৰেৰে মেঘ অৰুণাচল প্ৰদেশ অভিমুখে গতি কৰিছে৷ ইয়াৰ ফলত মঙলবাৰে অসমসহ উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ পৰিছে। ইয়াৰ প্ৰভাৱত ইতিমধ্যেই অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়কে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈছে আৰু আগন্তুক পাঁচটা দিনত ঠাইবিশেষে প্রবল বৃষ্টিপাত হ'ব বুলি আগতীয়া সতর্কতা জাৰি কৰিছে।  

আগন্তুক পাঁচটা দিনত অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ কেতবোৰ ঠাইত প্রবল বৃষ্টিপাত হ'ব। বিশেষকৈ ভূটান সীমান্তৱৰ্তী অঞ্চল আৰু উত্তৰ পূবৰ অসমৰ বিভিন্ন ঠাইত বৰষুণৰ প্ৰকোপ বৃদ্ধি পাব। বতৰ বিজ্ঞান কেন্দ্রই অহা ১৫ জুলাই পর্যন্ত বৰষুণ হব বুলি আগতীয়া সতর্কতা জাৰি কৰিছে। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা যদি বাস্তৱত পৰিণত হয় তেন্তে উত্তৰ অসমৰ লগতে অৰুণাচল আৰু ভূটানৰ পাদদেশৰ এক বিস্তীর্ণ অঞ্চল পুনৰ বানৰ কবলত পৰাটো নিশ্চিত৷ প্ৰথমটো বানৰ কবলত হাবু-ডাবু খোৱা বানাগ্ৰস্ত ৰাইজে পৰিস্থিতি কিছু স্বাভাবিক হোৱাৰ পৰিপ্ৰেক্ষিতত স্বস্তিৰ নিশ্বাস এৰিছিল। কিন্তু বৰষুণৰ হ'লে পুনৰ বান পৰিস্থিতি আৰু অধিক অৱনতি হোৱাৰ আশংকা আছে।