Logo
image

মূল্যবৃদ্ধি হোৱাটো সত্য, মিঞাৰ লগত অসমীয়াই প্ৰতিযোগিতা কৰিব লাগিবঃ আৰু কি কি ক'লে মুখ্যমন্ত্ৰীয়ে?

ডিজিটেল সংবাদ, চামগুৰিঃ নিৰ্বাচন আয়োগে আমাৰ কথা মানিব লাগিব বুলি কোনো কথা নাই। নিৰ্বাচন আয়োগ স্বতন্ত্ৰ। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুটামান সমষ্টিৰ নাম সাল সলনি কৰাৰ প্ৰয়োজন আছে। এই বিষয়ে আমাৰ মনত যি  কথা আছে সেয়া আমি প্ৰস্তাৱ আকাৰে নিৰ্বাচন আয়োগক জনাইছো।  কিন্তু নিৰ্বাচন আয়োগ আমাৰ কথা মানিবলৈ বাধ্য নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত চলি থকা বিতৰ্কক লৈ এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

বুধবাৰে নগাঁৱৰ ভেৰভেৰিস্থিত বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰত আচাৰ্য বাবা ভৃগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিবলৈ আহি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মূল্যবৃদ্ধিৰ সম্পৰ্কত কয় যে মূল্যবৃদ্ধি হোৱাটো সত্য, মূল্যবৃদ্ধিয়ে ৰাইজক ক্ষতি কৰাটোও সত্য৷ আমি যিমান পাৰি ৰাইজক সকাহ দিয়াৰ বাবে চেষ্টা কৰি আছোঁ। ৰাজস্থানকে ধৰি কংগ্ৰেছ শাসিত ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যত পেট্ৰ'ল-ডিজেলৰ দাম কমকৈ ৰাখিছোঁ। ৰাইজৰ পৰা ধান কিনিছো, সময়মতে চাউল দিয়াৰ ব্যৱস্থা কৰিছো৷। আমি দুখীয়া ৰাজ্য হৈও ৰাইজক যিমান পাৰি সুবিধা দিছোঁ। ৪০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছোঁ৷ ৫ লাখ টকালৈকে চিকিৎসা ব্যৱস্থা ,অৰুণোদয় আঁচনি আদি দিয়াৰ ব্যৱস্থা কৰিছোঁ বুলি কৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে মোৰ হাতত থকাখিনি মই কৰিছোঁ। মোৰ হাতৰ বাহিৰত থকাখিনি কৰিব নোৱাৰিলে মোৰ দুখ লাগে।

ইফালে, হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লোৱাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বনাঞ্চলত হাতীয়ে ভালপোৱা গছ লগাব লাগিব। লামডিঙৰ বনাঞ্চলত এনেধৰণৰ গছ ৰোপন কৰাৰ বাবেই এতিয়া সেই অঞ্চলত হাতী-মানুহৰ সংঘাতৰ পৰা ৰাইজে যথেষ্ট সকাহ পাইছে। লগতে জনসংখ্যা বিস্ফোৰণৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে জনসংখ্যা নিয়ন্ত্ৰণ আইন মানুহে নামানে। এই আইন নমনা মানুহক আমি জে'লত থব নোৱাৰোঁ। এই আইন নমনা মানুহক আমি হয়টো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰিব পাৰিম। ইয়াৰ উপৰিও বহু বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত আইন অনাৰ ব্যৱস্থা কৰিছোঁ। ইফালে, আহোমে অসমীয়া জাতি নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ নশৰ্মাই কয় যে এজন বা দুজনে আহোম জাতিটোক প্ৰতিনিধিত্ব নকৰে। আহোম কেতিয়াও অসমীয়া জাতিৰ স্বাৰ্থৰ বিপৰীতে যাব নোৱাৰে। 

লগতে অসমীয়া মানুহে খেতি কৰিবলৈ এৰিছে বুলি কৈ তেওঁ কয় যে ইমান সুন্দৰ বতৰত অসমীয়া মানুহ এতিয়াও পথাৰত নাম নাই। মিঞাৰ লগত অসমীয়াই প্ৰতিযোগিতা কৰিব লাগিব। য'ত মিঞা আগবাঢ়িছে তাত অসমীয়াই প্ৰতিযোগিতা কৰিব লাগিব আৰু য'ত অসমীয়া আগবাঢ়িছে তাত মিঞাই প্ৰতিযোগিতা কৰিব লাগিব। ইফালে, বঢ়মপুৰত এখন মহাবিদ্যালয়ৰ প্ৰয়োজন বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত প্ৰতি ত্ৰিশ কিলোমিটাৰ আঁতৰে আঁতৰে একোখনকৈ মহাবিদ্যালয় থাকিব লাগে। কিন্তু কিছুমান ঠাইত একে স্থানতে ১০-১২ খনকৈ কলেজ আছে। আমি প্ৰতি ত্ৰিশ কিলোমিটাৰত একোখনকৈ কলেজ পাম বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা মহা মৃত্যুঞ্জয় মন্দিৰলৈ অহাৰ পূৰ্বে পুৰণিগুদাম ভীমৰ গাঁওস্থিত সাইবাবা মন্দিৰ পৰিদৰ্শন কৰে। ইয়াৰ পিছতে বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ বাবা ভৃগুগিৰি  মহাৰাজৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ বাবা ভৃগুগিৰি মহাৰাজৰ তপস্যাৰ বলত মন্দিৰ নিৰ্মাণ কৰা ভূমিত মৃত্যুঞ্জয় শক্তি থকাটো প্ৰমাণ হৈছিল আৰু এই ভৃগুগিৰিৰ চেষ্টাত ২০০৩ চনত মন্দিৰৰ এই ভূমিত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জয় যজ্ঞ হৈছিল। হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতত হোৱা এই যজ্ঞৰ পিছৰে পৰা ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত স্থাপন হৈছিল অস্থায়ী মহা মৃত্যুঞ্জয় মন্দিৰ। বাবা ভৃগুগিৰি মহাৰাজৰ নেতৃত্বত স্থানীয় ৰাইজে দান কৰা ভূমিত মন্দিৰ নিৰ্মাণৰ কাম ২০১০ চনত আৰম্ভ হৈছিল। ইয়াৰ পিছতে মন্দিৰ কাম লাহে লাহে হৈ ২০২১ চনত মন্দিৰৰ কাম সম্পূৰ্ণ হয় যদিও মন্দিৰ প্ৰতিষ্ঠাৰ পূৰ্বে আচাৰ্য বাবা ভৃগুগিৰি মহাৰাজৰ মৃত্যু হয়। এই মহান ব্যক্তিগৰাকীৰ ত্যাগক চিৰ যুগমীয়া কৰি ৰাখিবলৈ মন্দিৰ চৌহদত ভক্তপ্ৰাণ ৰাইজে দৰ্শন কৰিব পৰাকৈ নিৰ্মাণ কৰা ভৃগুগিৰিৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰাৰ উপৰিও মন্দিৰটো ভক্তপ্ৰাণ ৰাইজৰ সুবিধা হোৱাকৈ আৰু কি কৰিব লাগিব সেই বিষয়েও মন্দিৰটোৰ চৌহদ পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ইয়াৰ উপৰি মন্দিৰত পূজা-অৰ্চনা কৰে তেওঁ। মুখ্যমন্ত্ৰীৰ লগত আচাৰ্য বাবা ভৃগুগিৰি মহাৰাজৰ পুত্ৰ, তেওঁৰ পৰিয়াল,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ লগতে জিলা প্ৰশাসনৰ কৰ্মকৰ্তা উপস্থিত থাকে।