Logo
image

দীপৰ বিল ভৰিব লুইতৰ পানীৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ জুলাইঃ বৰ লুইতৰ পানীৰে ভৰিব দীপৰ বিল৷ গুৱাহাটীৰ অন্যতম জলাশয় ৰামচা চাইট হিচাপে খ্যাত দীপৰ বিলৰ জৈৱ বৈচিত্ৰ আৰু পাৰিপাশ্বিৰ্কত বৰ্তাই ৰখাৰ স্বাৰ্থত দীপৰ বিললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী বৈ অহাৰ বিশেষ সু-ব্যৱস্থা গ্ৰহণ কৰিছে জলসম্পদ বিভাগে৷ দীপৰ বিলৰ প্ৰদূষণ প্ৰতিৰোধ আৰু জলধাৰাৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থতেই লুইতৰ পানী বোৱাই অনাৰ পদক্ষেপ লোৱা বুলিও বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে৷ বানমুক্ত গুৱাহাটীৰ নামত শেহতীয়াকৈ মহানগৰীৰ ভৰলু, বশিষ্ঠ-বাহিনী নৈৰ আৱৰ্জনাযুক্ত পানী পামহী নৈৰে কঢ়িয়াই অনা নলা দীপৰ বিলৰ সৈতে সংযুক্ত কৰা হৈছে৷ ফলত দীপৰ বিলৰ পানীৰ প্ৰদূষণময় হৈ পৰাত উৎকট দুৰ্গন্ধই চৌপাশ ছানি ধৰাৰ লগতে বিষাক্ত হৈ উঠিছে৷ আনকি দীপৰ বিলৰ প্ৰদূষণমুক্ত পানীয়ে বিলখনৰ জৈৱ-বৈচিত্ৰ ধবংস কৰিছে৷ পূৰ্বতে বাৰিষা ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত স্বাভাৱিকভাৱে দীপৰ বিললৈ বৈ আহিছিল আৰু খৰালিৰ বিলৰ উপচি পৰা পানী খনাজান নদীৰে নাতি দূৰৈৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বুকুলৈ নিৰ্গত হৈছিল৷ কিন্তু কিছু বছৰ ধৰি জলসম্পদ বিভাগে লুইতৰ পানী বৈ অহা তথা বিলৰ পানী ওলাই যোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল৷ ব্ৰহ্মপুত্ৰৰ পানী বৈ আহিলে দীপৰ বিলৰ পানী পৰিস্কাৰ হোৱাৰ লগতে বিলৰ জীৱকুলৰ প্ৰতি অনুকূল হিচাপে বিবেচনা কৰা হয়৷ কিন্তু ব্ৰহ্মপুত্ৰ আৰু দীপৰ বিলৰ সংযোগস্থলত খনামুখত জলসম্পদ বিভাগে শ্লুইছ গেট স্থাপন কৰি স্বাভাৱিক পানী প্ৰৱাহত বাধা সৃষ্টি কৰি আহিছিল৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে দীপৰ বিলক প্ৰদূষণমুক্ত কৰি সংৰক্ষণৰ বাস্তৱ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছিল৷ সেই সূত্ৰেই জসম্পদ বিভাগে এতিয়া দীপৰ বিললৈ লুইতৰ পানী নিৰবিচ্ছিন্নভাৱে বৈ অহাৰ বিশেষ পদক্ষেপ হাতত লৈছে৷ বুধবাৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই খনামুখৰ জানপাৰত জলসম্পদ বিভাগৰ শ্লুইছ গেটেৰে লুইতৰ পানী দীপৰ বিললৈ বোৱাই অনাৰ কাৰিকৰী দিশটো নিৰীক্ষণ কৰে৷ এই সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই উল্লেখ কৰিছে এইদৰে– ‘গুৱাহাটীখনৰ পাৰিপাশ্বিৰ্ক পৰিৱেশ বৰ্তাই ৰখাৰ অন্যতম উৎস দীপৰ বিলক ৰক্ষা কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বদ্ধপৰিকৰ৷ সেয়েহে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত খনামুখত উপস্থিত হৈ শ্লুইচ গেটৰ জৰিয়তে বিলখনৰ পানী সোমোৱাৰ ব্যৱস্থাৱলী পৰ্যবেক্ষণ কৰো৷ এই ব্যৱস্থাৰ জৰিয়তে দীপৰ বিলৰ পানী ১.৫ মিটাৰ উচ্ছতালৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ আনহাতে, উক্ত ব্যৱস্থাৰ মাজেৰে বিলখনৰ ঐতিহ্য, সৌন্দৰ্য তথা ইয়াৰ স্বকীয়তাক ৰক্ষা কৰাৰ  প্ৰয়াস হাতত লোৱা হৈছে৷’ উল্লেখ্য মন্ত্ৰী হাজৰিকাৰ পৰিদৰ্শন কালত কুইন ওজা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি আন আন বিষয়াসকলে উপস্থিত থাকে৷ অৱশ্যে শ্লুইছ গেটেৰে ব্ৰহ্মপুত্ৰৰ পানী দীপৰ বিললৈ বৈ অহাৰ ব্যৱস্থা কৰিলেও ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে দীপৰ বিলৰ সুৰক্ষাৰ বাবে মাত মাতি অহা পৰিৱেশ কৰ্মী প্ৰমোদ কলিতাই৷ লুইতৰ পানীৰ সৈতে স্বাভাৱিকভাৱে দীপৰ বিলৰ সংযোগ থাকিলেহে বিলখন প্ৰদূষণমুক্ত হ’ব বুলিও সদৰী কৰিছে প্ৰকৃতিপ্ৰেমীজনে৷