Logo
image

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক আছুৰ সমৰ্থন, আমছুৰ বিৰোধিতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাইঃ ‘অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ পৃথক৷ কাৰণ অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজন-অনুপ্ৰৱেশে অসমত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অন্যতম ৰক্ষাকৱচ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোঁতে অসমৰ জনবিন্যাসৰ বিষয়টোলৈ চকু দিব লাগিব৷ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰকে ধৰি যিবোৰ জিলাত জনবিন্যাসৰ পৰিৱৰ্তনে বিশেষ প্ৰভাৱ পেলোৱা নাই, সেইসমূহ জিলাত সমষ্টি কমিব নালাগিব৷ এই জিলাসমূহৰ চাৰিসীমাৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হওক৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত সংশোধনৰ প্ৰয়োজন আছে৷’ –এই ভাষ্য সদৌ অসম ছাত্ৰ সন্থাৰ৷ গুৱাহাটীৰ শ্বহীদ ন্যাস ভৱনত বুধবাৰে এখন সংবাদমেলত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) স্থিতি ব্যাখ্যা কৰি আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয়– ‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা দেশৰ নিৰ্বাচন আয়োগৰ ইতিবাচক আৰম্ভণি৷ আছুৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী জনাই আহিছে৷ ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি জনাইছোঁ৷’ অসম উন্নতি সভাৰ সভাপতি আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ (নেছ’) মুখ্য উপদেষ্টাৰ দায়িত্বত থকা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই আৰু কয়– ‘আচলতে ১৯৯১ চনৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিব লাগিছিল৷ সমষ্টি পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগে কৰিব লাগে নে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে কৰিব লাগে তাক লৈ বিতৰ্ক হোৱাৰ প্ৰয়োজন নাই৷ জনপ্ৰতিনিধি আইনত স্পষ্টভাৱে উল্লেখ আছে যে যি চাৰিখন ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ ৰৈ গৈছে, সেই ৰাজ্যকেইখনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব দেশৰ নিৰ্বাচন আয়োগে৷ আমাৰ দাবী আছিল অসমত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব আৰু নিৰ্ণায়ক অধিকাৰ সৰ্বকালৰ বাবে অক্ষুন্ন থাকিব লাগিব৷ সমষ্টিৰ খচৰা সন্দৰ্ভত ১১ জুলাইৰ ভিতৰত নিৰ্বাচন আয়োগক লিখিতভাৱে মতামত দিব লাগে৷ সেইমতে আমি লিখিতভাৱে মতামত দিছোঁ৷ আমাৰ প্ৰতিবেদনত কৈছোঁ যে নিৰ্বাচন আয়োগৰ এয়া ইতিবাচক আৰম্ভণি৷ কিন্তু বিষয়টোত কিছু সংশোধনীৰ প্ৰয়োজন আছে৷ সৰ্বকালৰ বাবে খিলঞ্জীয়াৰ প্ৰভূত্ব আৰু নিৰ্ণায়ক ভূমিকা অক্ষুন্ন থাকিব লাগে৷’ বুধবাৰৰ সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ অংশ হিচাপে শেহতীয়াকৈ খচৰা প্ৰকাশ কৰিছে৷ খচৰা সম্পৰ্কত আয়োগে ১১ জুলাইৰ ভিতৰত ৰাইজক মতামত দাখিল কৰিবলৈ কৈছিল৷ সদৌ অসম ছাত্ৰ সন্থাই নিৰ্বাচন আয়োগলৈ লিখিত প্ৰতিবেদন প্ৰেৰণ কৰিছে৷ মুখ্য নিৰ্বাচন আয়ুক্তৰ পৰৱৰ্তী অসম ভ্ৰমণৰ সময়ত ছাত্ৰ সন্থাই আয়োগক সাক্ষাৎ কৰি সন্থাৰ দৃষ্টিভংগী সম্পৰ্কে পুনৰ অৱগত কৰাব৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আছুৱে চলিত বৰ্ষৰ ২৭ মাৰ্চত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক দাখিল কৰা স্মাৰক-পত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী বিস্তৃতভাৱে ব্যাখ্যা কৰিছিল৷ ছাত্ৰ সন্থাই ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক স্পষ্টভাৱে আদৰণি জনাইছে৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ পৃথক৷ কাৰণ অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজন-অনুপ্ৰৱেশে অসমত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি মাতি আনিছে৷ অসম ভ্ৰমণলৈ অহা ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক সাক্ষাৎ কৰি ছাত্ৰ সন্থাই দাখিল কৰা স্মাৰক-পত্ৰত কোৱা হৈছিল– ‘অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অন্যতম ৰক্ষাকবচ৷ সেইবাবে সদৌ অসম ছাত্ৰ সন্থাই অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাকৈ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতত সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ নিশ্চিতভাৱে থকাকৈ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো বিচাৰিছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোঁতে অসমৰ জনবিন্যাসৰ বিষয়টো চকু দিব লাগিব৷ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ জিলাকে ধৰি যিসমূহ জিলাত জনবিন্যাসৰ পৰিৱৰ্তনে প্ৰভাৱ পেলোৱা নাই সেইসমূহ জিলাত সমষ্টি কমিব নালাগিব৷ জিলাসমূহৰ চাৰিসীমাৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হওক৷’ শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে৷ খচৰাখন সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট মত প্ৰকাশ কৰি কয় যে– এয়া নিৰ্বাচনী আয়োগৰ ইতিবাচক আৰম্ভণি৷ কিন্তু খচৰাখনত কিছু সংশোধনৰ প্ৰয়োজন আছে৷ প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা গ্ৰহণেৰে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাকৈ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হাতত সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ থকাকৈ নিৰ্বাচন আয়োগে এই প্ৰক্ৰিয়া ইতিবাচকভাৱে সম্পূৰ্ণ কৰিব বুলি ছাত্ৰ সন্থাই আশা কৰিছে৷ অসমৰ বিধানসভাত অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন বৃদ্ধিৰ সিদ্ধান্ত আদৰণীয়৷ বিটিআৰ আৰু পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত আসন বৃদ্ধিৰ সিদ্ধান্ত আদৰণীয়৷ কোকৰাঝাৰ আৰু ডিফু সংসদীয় সমষ্টি দুটা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা  বাহাল ৰখাটো ইতিবাচক কথা৷ ধেমাজি জিলা, লখিমপুৰ জিলা আৰু তিনিচুকীয়া জিলাত একোটাকৈ সমষ্টি বৃদ্ধি হোৱাটো এক যোগাত্মক সিদ্ধান্ত৷ কিন্তু ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো বিলুপ্ত হ’ব নালাগিছিল৷ সমষ্টি দুটা বাহাল ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ চাবুৱা সমষ্টি, টিংখং সমষ্টি, শিৱসাগৰ সমষ্টি, যোৰহাট সমষ্টি, হাজো সমষ্টি, টিহু সমষ্টি, বঙাইগাঁও সমষ্টি, চতিয়া সমষ্টিকে ধৰি অসমৰ কেতবোৰ অঞ্চলত সমষ্টিৰ সীমা নিৰূপণৰ ক্ষেত্ৰত ৰাইজৰ মাজত যিসমূহ যুক্তিপূৰ্ণ আপত্তি উত্থাপিত হৈছে, সেইসমূহ আয়োগে ইতিবাচকভাৱে বিবেচনা কৰা উচিত৷ নামনি আৰু মধ্য অসমত জনবিন্যাস সলনিয়ে প্ৰভাৱ নেপেলোৱা কেতবোৰ সমষ্টিৰ সীমা নিৰ্ধাৰণত সেই অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ আয়োগে বিষয়টো বিবেচনা কৰা উচিত৷ অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰা ‘খিলঞ্জীয়া অসমীয়া মুছলমান’ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাকৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত৷ বৰাক উপত্যকাৰ বিষয়টোত নিৰ্বাচনী আয়োগে চকু দিয়া উচিত৷ অসমৰ ঐতিহ্যপূৰ্ণ অঞ্চলৰ ঐতিহ্য বিঘ্নিত কৰিব নালাগে৷ উদাহৰণস্বৰূপে– ঐতিহ্যমণ্ডিত জনিয়া সত্ৰৰ নামৰ আধাৰত থকা জনিয়া সমষ্টিৰ নাম একে ৰাখি সমষ্টিটো পূৰ্বৰ দৰে বৰপেটা লোকসভা এলেকাত ৰখা উচিত৷ হাজোৰ দিহিনা সত্ৰৰ এলেকা হাজো সমষ্টিত ৰখা উচিত৷ এয়া উদাহৰণহে৷ সমগ্ৰ অসমত এনে ঐতিহ্যমণ্ডিত অঞ্চলৰ ঐতিহ্যক অটুত ৰাখিবলৈ আয়োগক ছাত্ৰ সন্থাই আহ্বান জনাইছে৷ ঐতিহাসিক কাৰণত অসমৰ বহু সমষ্টিৰ নামকৰণ কৰা হৈছিল৷ সেই ঐতিহাসিক নামবোৰ সলনি নকৰিবলৈ ছাত্ৰ সন্থাই আয়োগক আহ্বান জনাইছে৷ অসম আন্দোলনৰ পাছত ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল৷ ১৯৮৬ চনত ছাত্ৰ সন্থাই তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰক অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষাকবচৰ পৰামৰ্শ দাখিল কৰিছিল৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো এই পৰামৰ্শাৱলীৰ অন্যতম পৰামৰ্শ আছিল৷ সেই দৃষ্টিভংগীৰে বৰ্তমান অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ ১৯৮৫ চনৰ অসম চুক্তি সম্পাদন হোৱাৰ পিছৰ ১৯৯১ চনৰ লোকপিয়লৰ ভিত্তিত হ’ব লাগিছিল৷ তথাপি এইবাৰ ২০০১ চনৰ আধাৰত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক ছাত্ৰ সন্থাই আদৰণি জনাইছে৷ কিন্তু ২০২৬ চনৰ পিছত অসমত হ’বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ ১৯৮৫ চনত অসম চুক্তি সম্পাদন হোৱাৰ পিছৰ লোকপিয়ল ১৯৯১ চনৰ আধাৰত হোৱা উচিত৷ তেতিয়াহে অসম চুক্তিৰ ৬ নং দফাই প্ৰদান কৰা সাংবিধানিক ৰক্ষাকবচৰ প্ৰতিশ্ৰুতি সাৰ্থক হ’ব৷ অসমৰ পৰৱৰ্তী সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তো অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ থকা সমষ্টি কোনো কাৰণত কমিব নালাগিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সমষ্টিৰ সংখ্যা বৃদ্ধি হ’ব লাগিব৷’

সংখ্যালঘুবিৰোধী এই খচৰা বাতিল কৰকঃ আমছু

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনোৱাৰ সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰত সংশোধনীৰ পৰামৰ্শ দিয়াৰ বিপৰীতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ (আমছু) নেতৃবৃন্দই৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিত ভাৰতৰ নিৰ্বাচন আয়োগে পক্ষপাতমূলকভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰি ৰাজনৈতিকভাৱে বিভিন্ন জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰাৰ অভিযোগ উত্থাপন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে আমছুৱে৷ নিৰ্বাচন আয়োগৰ এই খচৰা আসোঁৱাহপূৰ্ণ আৰু এই খচৰাই খিলঞ্জীয়া মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ তুলি মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত বুধবাৰে প্ৰতিবাদত বহিল আমছু নেতৃবৃন্দ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক আমছু কৰ্মী-সমৰ্থকৰ উপস্থিতিত প্ৰতিবাদকাৰীসকলে ‘নিৰ্বাচনী আয়োগে সাংবিধানিক স্বতন্ত্ৰতা বজাই ৰাখক, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিল কৰক, সংখ্যালঘুবিৰোধী ষড়যন্ত্ৰ বন্ধ কৰক, সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণক লৈ ৰাজনীতি কৰা নচলিব’ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ আমছুৱে ঘোষণা কৰা মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিল কৰাৰ দাবীত অহা ২৯ জুলাইত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ কৰিব সংগঠনটোৱে৷