Logo
image

এইবিধ তেলে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

আজি-কালি প্ৰায়ভাগ লোকৰ মুখত ৰক্তচাপৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ৰক্তচাপৰ সমস্যা হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ ৰক্তচাপত আক্ৰান্ত হোৱা সকলে খাদ্যৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’ব লাগে৷ কিন্তু জানি আচৰিত হ’ব যে তিলৰ তিলে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ অকল ৰক্তচাপেই নহয়, তিল তেলৰ পৰা আন বিভিন্ন উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল তিল তেলৰ উপকাৰিতা–
- ডায়েবেটিছ নিয়ন্ত্ৰণঃ সৰুৱেই হওক বয়স্থই হওক আজিকালি যিকোনো বয়সতে মধুমেহ বা ডায়েবেটিছত আক্ৰান্ত হোৱাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ তিল তেলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷
- ৰক্তচাপ নিয়ন্ত্ৰনঃ তিল তেলত থকা মেগনেছিয়ামে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ হাড় শক্তিশালী কৰি ৰখাতো সহায় কৰে তিল তেলে৷
- কেন্সাৰৰ আশংকা কমায়ঃ তিল তেলত বিভিন্ন ভিটামিন আৰু খনিজ উপাদান থাকে৷ দৈনিক খাদ্যত তিল তেল ব্যৱহাৰ কৰিলে দেহত কেন্সাৰৰ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷ কেম’থেৰাপি লোৱা সকলে দৈনিক খাদ্য তালিকাত তিল তেল ৰাখিলে উপকাৰ পাব৷
- গাঁঠিৰ বিষ উপশম কৰেঃ তিল তেলে হাড় শক্তিশালী কৰি ৰাখে৷ তিলত থকা ক’পাৰে গাঁঠিৰ বিষ, ভৰি ফুলা, পেশীৰ বিষ তথা বাতবিষ উপশম কৰে৷ সেয়ে নিতৌ তিল তেলেৰে ৰন্ধা ব্যঞ্জন খোৱা অভ্যাস কৰক৷
- কোষ্ঠকাঠিন্য দূৰ কৰেঃ অনিয়মীয়া খাদ্যাভাসে পেটৰ সমস্যা কৰে৷ পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ ৰন্ধন প্ৰণালীত তিল তেল ব্যৱহাৰ কৰিলে উপকাৰ পাব৷