Logo
image

বান্ধ খুলি দিলে ভূটান, নীপ্‌কোৱে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ জুলাইঃ পুনৰবাৰ নামনি অসমলৈ অশনি বাৰ্তা দি চুবুৰীয়া ভূটানে খুলি দিলে কুৰিশ্বু বান্ধৰ গেট৷ শুকুৰবাৰে মাজনিশা ১২ বজাৰ পৰা ভূটানে বান্ধৰ পানী শুকুৰবাৰে খুলি দিছে অসমলৈ৷ ভূটানৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্ততে নামনি অসমত মহাপ্ৰলয়ৰ সৃষ্টি কৰা আশংকা প্ৰৱল হৈ পৰিছে৷ শেহতীয়াকৈ ভূটানত সৃষ্টি হোৱা বৃষ্টিপাত আৰু ডাৱৰ বিস্ফোৰণৰ ফলত নামনিলৈ বৈ অহা পানীৰ ধলে ইতিমধ্যে আই নৈ, পাগলাদিয়া, বৰনদী, পহুমৰা, বেকী, কালদিয়া, মানাহকে ধৰি নামনি অসমৰ প্ৰতিখন নৈ ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ লগতে নৈপৰীয়া অঞ্চলসমূহত তাণ্ডৱ সৃষ্টি কৰিছে৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত নামনি অসমলৈ দুৰ্যোগ নামি অহাতো নিশ্চিত হৈ পৰিছে৷ ভূটানে পানী এৰি দিয়াক লৈ বৃহস্পতিবাৰে দিনৰ ভাগতে বাগ্‌সা, তামুলপুৰ, বৰপেটা জিলা প্ৰশাসনে পৃথকে পৃথকে সতৰ্কতা জাৰি কৰিছে৷ বাগ্‌সা জিলা প্ৰশাসনৰ হৈ শালবাৰী মহকুমাধিপতিয়ে শুকুৰবাৰে নিশা ১২ বজাত কমেও ৯ঘণ্টাৰ বাবে কুৰিশ্বু বান্ধৰ পানী এৰি দিব বুলি সদৰী কৰি ৰাইজক সতৰ্ক কৰি দিছে৷ বান্ধৰ পানী এৰি দিয়াৰ ফলত বেকী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে ওদালগুৰি, বালিপুৰ, নাৰায়ণগুৰি, এলেংগামাৰি আৰু চুনবাৰী গাঁৱৰ ৰাইজক নিৰাপদ দূৰত্বত আশ্ৰয় লোৱাৰ বাবেও আহ৩ান জনাইছে৷ আনকি মহকুমা প্ৰশাসনে হেল্প লাইন নম্বৰো মুকলি কৰিছে৷ একেদৰে তামুলপুৰ জিলা প্ৰসাসনেও পাগলাদিয়া, বৰনদীৰ পুঠিমাৰী নৈত ভূটানৰ পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকাত ৰাইজক সতৰ্ককৰি দিছে৷

নীপকোৱে এৰি দিলে ৰঙানদী বান্ধৰ পানী

‘আমাৰ অসম’ৰ গুৱাহাটী আৰু আনন্দবজাৰৰ প্ৰতিবেদকঃ অপৰিবৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি৷ উজনিত যদি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অহা পানী তেন্তে নামনি অসমৰ কেইবাখনো জিলাত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা ধলে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি৷ বিশেষকৈ নামনি অঞ্চলৰ চিৰাং, নলবাৰী, বঙাইগাঁও জিলাৰ এক বিশাল অঞ্চল পুনৰ বানৰ কৱলত পৰিছে৷ চিৰাঙৰ কেইবাখনো নৈৰ বাঢ়নি পানীত বুৰ গৈ আছে শতাধিক গাঁও৷ দুদিন ধৰি ভূটানৰ পৰা বৈ অহা পানীৰে উফন্দি উঠিছে চিৰাং জিলাৰ ভূটান সীমান্তৰ পৰা বৈ অহা আই, মাক্ৰা নৈ, নাঙলভাঙা নৈ, লালাই, টাক্লাই, নিজলা নৈকে আদি কৰি কেবাটাও নৈ উপ-নৈ৷ ভূটান সীমান্তৰ কংক্ৰাঝোৰাকে আদি কৰি বহু কেইখন গাঁৱত ভূটানৰ পৰা নামি অহা পানী সোমোৱাৰ ফলত প্লাৱিত হৈছে গাঁওসমূহ৷ ইফালে, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২০ খনৰো অধিক গাঁও আই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে৷ লক্ষণীয়ভাৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লখিমপুৰ জিলাৰ ৩৬খন গাঁও বানৰ কৱলত পৰিছে৷ লখিমপুৰত ভূতৰ ওপৰত দানহ পৰাদি বৃহস্পতিবাৰে বিয়লি নীপকোৱে ৰঙানদী বান্ধৰ পানী এৰি দিয়াত নামনিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বৃহস্পতিবাৰে পুৱা ভাগতে নীপকো কতৃৰ্পক্ষই প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ সুৰক্ষাৰ স্বাৰ্থত জলাধাৰৰ অতিৰিক্ত জলৰাশি এৰি দিয়া হ’ব পাৰে বুলি লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাণী প্ৰেৰণ কৰিছিল৷ এই সতৰ্কতাৰ পাছতেই বিয়লি নীপকোৱে ৰঙানদী বান্ধৰ দুখন গেটেৰে পানী এৰি দিয়া বুলি নিশ্চিত কৰিছে৷ স্বাভাৱিকতেই এতিয়া লখিমপুৰত নদীৰ কাষৰীয়া অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে৷ নীপকোৱে পানী এৰি দিয়াত নৈপৰীয়া অঞ্চলত বাজি উঠিছে প্ৰলয়ৰ সংকেত ধবনি৷ যাৰ বাবে আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান চৰকাৰে কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ অহা বেঁকী নদীত সংহাৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰি শালবাৰী মহকুমাৰ প্ৰশাসনে ৰাইজক সতৰ্ক কৰি দিছে৷ দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা এছডিআৰএফ, এনডিআৰএফৰ লগতে অগ্নিনিৰ্বাপক বাহিনীও ইতিমধ্যে সাজু কৰি ৰখা হৈছে৷ ইতিমধ্যে প্ৰশাসনে গৰ্ভৱতী মহিলা আৰু শিশুক নাৰায়ণগুৰি চৰ অঞ্চলৰ পৰা ওখ নিৰাপদ স্থানত ৰখাৰ সুব্যৱস্থা কৰিছে৷ বেঁকী নৈৰ পাৰত শালবাৰীৰ চুনবাৰী, নাৰায়ণগুৰি, মইনামাতা ভিচিডিচিৰ অধ্যক্ষ সহিতে এটা দলে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বানপানী হোৱাৰ আশংকা কৰি অঞ্চলটোত সজাগতা আনিবলৈ প্ৰয়াস কৰিছে আৰু বানপানীয়ে যাতে অধিক ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিছে৷ লক্ষণীয়ভাৱে ইতিপূৰ্বে ২০০৪ আৰু ২০০৭ চনত ভূটানে বেঁকী নৈৰে এৰি দিয়া পানীৰ বাবে বৃহত্তৰ নামনি অসমত প্ৰলয়ৰ সূচনা কৰিছিল৷ ইফালে ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামনি অসমবাসীক সতৰ্ক হ’বলৈ আহ্বান জনাইছে৷ মুখ্যমন্ত্ৰীয়ে লগতে বেঁকী আৰু মানাহ নৈ পাৰৰ ৰাইজক সতৰ্ক কৰি দিবলৈ সংশ্লিষ্ট জিলা প্ৰশাসনক নিৰ্দেশ দিছে৷

তামুলপুৰত প্ৰশাসনৰ সাৱধান বাণী

‘আমাৰ অসম’ৰ তামুলপুৰৰ প্ৰতিবেদকঃ তামুলপুৰ ৰাজহ চক্ৰ বিষয়া স্বাক্ষৰিত এখন জাননীৰ জৰিয়তে তামুলপুৰৰ ৰাইজক সজাগ সচেতন হৈ থাকিবলৈ জনোৱা হৈছে৷ উক্ত আকস্মিক পৰিস্থিতিৰ বাবে প্ৰশাসনে জাননী যোগে জনাইছে যে—— চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত প্ৰবল বৃষ্টিপাত আৰু ডাৱৰ বিস্ফোৰণৰ ফলত নামনিত পাগলাদিয়া আৰু বৰনদী (পুঠিমাৰী) নদীৰ পানী বৃদ্ধিৰ আশংকা কৰা হৈছে৷ সেয়ে আকস্মিক বানপানীৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ ৰাজহ চক্ৰৰ অধীনত পৰা সকলো লোকক মাছ ধৰা, সাঁতোৰা, ফটো লোৱা, ঘূৰি ফুৰা আদিৰ বাবে পাগলাদিয়া,  বৰনদীৰ পুঠিমাৰীৰ পাৰলৈ নাযাবলৈ আহ৩ান জনোৱা হৈছে৷ আকস্মিক বানপানীৰ সময়ত, মূল্যৱান সামগ্ৰী, কাপোৰ, বাচন-বৰ্তন, শিক্ষাৰ্থীৰ কিতাপ, পাকঘৰৰ সামগ্ৰী আদি ওখ ঠাইত ৰাখিব৷ যদি কোনো লোকে আকস্মিক বানপানী আৰু ধাৰাসাৰ বৰষুণৰ ফলত কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে তৎকালীন সহায়ৰ বাবে— ৯৩৮৭৮৯৩৩৯৪ নাইবা ০৩৬২৪-১০৭৭ নম্বৰত যোগাযোগ কৰিবলৈ তামুলপুৰ মহকুমা প্ৰশাসনৰ হৈ ৰাজহ চক্ৰ বিষয়াই আহ্বান জনাইছে৷

গোসাঁইগাঁৱত বানে বুৰাইছে গাঁও, স্কুলত শিবিৰ

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ ভূটানৰ পৰা নামি অহা পানীৰ ধলে নামনি অসমত তাণ্ডৱ লীলা চলাইছে৷ এখনৰ পিছত আনখন গাঁও বানত প্লাৱিত হৈছে৷ নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে বানাক্ৰান্ত৷ ওখ ঠাইলৈ নিয়া হৈছে পোহনীয়া জীৱজন্তু৷ দবাল পিটা বৰষুণৰ ফলত ভুটানৰ পৰা নামি আহিছে পানীৰ ধল৷ ভূটানৰ পানীয়ে নামনি অসমৰ নদীসমূহ ভৰি পৰিছে৷ ফেনেফোটোকাৰে পানী বাঢ়িবলৈ ধৰাত বিভিন্ন অঞ্চলত বানপানীৰ সৃষ্টি হয়৷ ভাৰত-ভূটান সীমান্তৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা বৈ অহা বল্লাম নৈৰ বাঢ়নী পানীয়ে চিন্দ্ৰী নৈত সংযোগ হৈ বানৰ সৃষ্টি কৰিছে বল্লামঝোৰা গাঁৱত৷ গোসাঁইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বল্লামঝোৰা গাঁৱৰ শতাধিক পৰিয়াল বানৰ কবলত৷ জলবন্দী বহু পৰিয়াল৷ বানত বল্লামঝোৰা গাঁৱৰ ৰাইজে যাতায়াতৰ বাবে নানা দুখ- দুৰ্দশাৰ সন্মুখীন হৈছে৷ ইফালে প্ৰশাসনে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে৷ বানাক্ৰান্তই ঘৰৰ চোতালতে ধৰিছে মাছ৷ আনহাতে, গোসাঁইগাঁও মহকুমাৰ বৰবাধা ফৰেষ্ট গাঁও বানৰ কবলত৷ গুৰুফেলা নৈৰ পানী বিপদ সীমাৰে গতি কৰিছে৷ গাঁওখনৰ পৰিয়ালসমূহ নিৰাপদ ঠাই বিচাৰি গাঁৱৰ এখন স্কুলত আশ্ৰয় গ্ৰহণ কৰিছে৷

টিহু-হাৰিভাঙা-কৈঠালকুছি-নলবাৰী পথেৰে যাতায়াত বন্ধ

‘আমাৰ অসম’ৰ টিহুৰ প্ৰতিবেদকঃ মঙলবাৰে নিশাৰে পৰা মূষলধাৰে অহা বৰষুণৰ বাবে পুনৰ বৃদ্ধি হৈছে মৰাপাগলাদিয়া নৈৰ পানী৷ ফলত উত্তৰ বালিৰ ভগ্ন মথাউৰিৰে নৈখনৰ বাঢ়নী পানী সোমাই বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে৷ উল্লেখ্য যে নলবাৰী জিলাখনৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰবালিৰ বিভিন্ন স্থানত জুন মাহত মৰাপাগলাদিয়া নৈৰ মথাউৰি ছিগি ৰাইজক জ্বলা-কলা খুওৱাৰ পিছত পুনৰাই মঙলবাৰে নিশাৰ ভাগত মৰাপাগলদিয়া নৈৰ বাঢ়নী পানীয়ে উত্তৰবালি, কৈহাটীপাৰা, বালি, বৰপীত, ভোজকুছিকে ধৰি হাৰিভাঙাৰ কিছু অংশ জলমগ্ন কৰে৷ বহু পৰিয়ালৰ ঘৰৰ ভিতৰতো পানী উঠে যদিও আজি বিয়লিৰ ভাগত সামান্য উন্নতি হোৱা পৰিলক্ষিত হয়৷ মৰাপাগলদিয়া নৈৰ বানে পূৰ্বতে হাৰিভাঙা-কৈঠালকুছি গড়কাপ্তানি পথৰ ভগ্ন অংশৰে পুনৰ পানী বাগৰাত পথটিৰে আজিও যাতায়াত সম্পূৰ্ণ বন্ধ হৈ আছে৷

চিৰাঙৰ ভূটান সীমান্তত বানৰ তাণ্ডৱ

‘আমাৰ অসম’ৰ কাজলগাঁৱৰ প্ৰতিনিধিঃ চিৰাং জিলাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ নামনি অঞ্চলত আজিও বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে৷ চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা বিগত দুটা দিনে নামি অহা পানীয়ে আই নৈ, নাঙলভাঙা, মাক্ৰা, নিজলা, লালাই, চম্পানৈকে ধৰি কেইবাখনো নৈৰ বাঢ়নী পানীয়ে ক্ৰমশ বানৰ জটিল ৰূপ ধাৰণ কৰিছে৷ যোৱানিশা ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ লাওখ্ৰীগুৰী গাঁৱত ভূটান পাহাৰৰ পৰা নামি অহা নিজলা নৈৰ ওফন্দি উঠা পানীয়ে বানৰ সৃষ্টি কৰাত ঘৰে ঘৰে পানী সোমাইছে৷ ৰুণীখাটাৰ পৰা লাইমুথি গাঁৱৰ সংযোগী পথৰ চম্পা নৈৰ ওপৰত থকা কাঠৰ দলংখনো পানীৰ প্ৰবল সোঁতত বিধবস্ত হৈ পৰিছে৷ অঞ্চলটোৰ যাতায়াতৰ একমাত্ৰ দলংখনৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিছতে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ৷ ইপিনে বুধবাৰে নিশাৰ ভাগত খুংখ্ৰাঝোৰা গাঁৱত মাক্ৰা নৈৰ বাঢ়নী পানীৰ মাজত চাৰিটাকৈ পৰিয়াল আৱদ্ধ হৈ পৰিছিল৷ নিশাৰ ভাগতে বিজনী মহকুমা প্ৰশাসন আৰু এছডিআৰএফ বাহিনীৰ এটা দলে নাও ব্যৱহাৰ কৰি পৰিয়ালকেইটাৰ সকলো সদস্যকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে জিলাখনৰ সদৰ কাজলগাঁৱৰ পাশ্বৰ্ৱৰ্তী সুবাইঝাৰ গাঁৱৰ মাজেৰে প্ৰায় দুই ফুট ওপৰেৰে পানী বৈ যাবলৈ ধৰিছে৷ আজি এজন ৰোগীক গাঁওখনৰ পৰা উদ্ধাৰ কৰি হাস্পতাললৈ পঠোৱাত সহায় কৰে স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে৷ মাক্ৰা নৈয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা খুংখ্ৰাঝোৰা গাঁৱত আজি উপস্থিত হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বান পৰিস্থিতিৰ বুজ লয়৷

বিজনীত কুৰিখনতকৈও অধিক গাঁও প্লাৱিত

‘আমাৰ অসম’ৰ বিজনীৰ প্ৰতিবেদকঃ ভূটানৰ পৰা নামি অহা পানীয়ে জটিল ৰূপ ধাৰণ কৰিছে চিৰাং জিলাৰ বিজনী মহকুমাত৷ ভূটানৰ দাতি কাষৰীয়া ঠাইবোৰত কেবাদিনো পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত কানামাক্ৰা আৰু আই নৈৰে নামি অহা পানীৰ ধলে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বিজনী মহকুমাৰ বিস্তীৰ্ণ অঞ্চল৷ বিশেষকৈ খুংক্ৰাঝৰা আৰু সুভাইঝাৰ আৰু মাজৰাবাৰী অঞ্চলৰ প্ৰায় কুৰি খনতকৈ অধিক গাঁও বুৰাই পেলাইছে৷ খুংক্ৰাঝৰা অঞ্চলত কানামাক্ৰা নৈখনে বিস্তৰ ক্ষতিসাধন কৰি এছডিআৰএফ আৰু এনডিআৰএফে উদ্ধাৰ অভিযান চলাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইফালে কানামাক্ৰা নৈখনৰ ধলে সুভাইঝাৰ অঞ্চলতো যথেষ্ট ক্ষতিসাধন কৰা পৰিলক্ষিত হয়৷ নৈখনৰ বাঢ়নী পানীয়ে ১২ খনতকৈ অধিক গাঁও প্লাৱিত কৰাৰ লগতে মূল পথৰ ওপৰেৰে বাগৰিছে হোৰা-হোৰে পানী৷ ফলত যাতায়াত ব্যাহত হৈ পৰিছে৷ ইফালে সুভাইঝাৰৰ ২নং দৈছুমঝৰাত সাঁতটা পৰিয়াল পানীৰ মাজত আৱদ্ধ হৈ থকাত এনডিআৰএফৰ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন্যাৰ্তক৷ বিয়লিৰ ভাগত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ছামঠাইবাৰীৰ পথত আশ্ৰয় গ্ৰহণ কৰা কেবাটাও বান শিবিৰ পৰিদৰ্শন কৰে৷ কেইবা বছৰ ধৰি ভূটানৰ পৰা নামি অহা পনীয়ে চিৰাং জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি নদী সমূহত বিজ্ঞান সন্মত প্ৰতিৰোধী বান্ধ নিৰ্মাণৰ পোষকতা কৰে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে৷

পুনৰ আই নৈৰ জলস্তৰ বৃদ্ধি

‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদকঃ ভূটানৰ পৰা নামি অহা পানীৰ ধলে বুধবাৰৰ পৰা সৃষ্টি কৰা বিভীষিকাময় পৰিবেশ আজিও অব্যাহত আছে উত্তৰ শালমাৰা মহকুমাৰ বিভিন্ন অঞ্চল৷ বুধবাৰে পুৱাৰে পৰা আইনৈৰ বাঢ়নী পানী ফেনে- ফোটোকাৰে বৃদ্ধি পোৱাত মহকুমাটোৰ কেতবোৰ অঞ্চল জলমগ্ন কৰাৰ পাচত নিশাৰ ভাগত পানী হ্ৰাস পায় যদিও আজি পুৱাৰে পৰা পুনৰ আইনৈৰ পানী বৃদ্ধি পায়৷ ফলস্বৰূপে সৃজনগ্ৰাম পঞ্চায়তৰ চিল্লাপাৰা প্ৰথম খণ্ডৰ ১৪টা পৰিয়ালৰ ঘৰ-বাৰী প্লাৱিত হোৱাত পৰিয়াল কেইটা নিৰাপদ স্থানত আশ্ৰয় লবলগীয়া হৈছে৷ ইপিনে আইনৈ বাঢ়নী পানী ওফন্দি উঠাৰ পাছত নৱ নিৰ্মিত সৃজনগ্ৰামৰ বৰঘোলা-কাহীবাৰীৰ পকী দলং সংযোগী পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ ওফন্দি উঠা পানীৰ প্ৰবাল সোঁতত মথাউৰিৰ কাষতে থকা আইনৈৰ ওপৰত নৱ নিৰ্মিত দলং সংযোগী পথটো খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে উক্ত খহনীয়া প্ৰতিৰোধৰ বাবে ঠিকাদাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷