Logo
image

নাৰী সমাজক সন্মান কৰক, আৰক্ষীলৈ ডিজিপিৰ পত্ৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ জুলাইঃ অসম আৰক্ষীৰ প্ৰতিজন বিষয়া-জোৱানকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সোঁৱৰাই মুকলি পত্ৰ লিখিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ অসম আৰক্ষীৰ বিষয়া-জোৱানসকলক ‘খাচী পোছাক’যোৰৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈও দোহাৰিছে আৰক্ষী সঞ্চালকপ্ৰধানে৷ সতী জয়মতী, কনকলতা আৰু মূলাগাভৰুৰ দেশ অসমত নাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ কাৰ্যক কোনো কাৰণতে ক্ষমা কৰা নহয় বুলিও স্পষ্ট কৰি দিছে জি পি সিঙে৷ অসম আৰক্ষীৰ প্ৰতিজন বিষয়া-জোৱানকে সম্বোধন কৰি ডিজিপি জি পি সিঙে মুকলি চিঠিখনত লিখিছে এইদৰে–‘আৰক্ষীৰ খাকী পোছাকযোৰৰ এক বিশেষ মৰ্যাদা আছে৷ এই পোছাক পৰিধান কৰি আমি আৰক্ষীৰ লোকসকলে বিশেষ গৌৰৱ অনুভৱ কৰোঁ৷ এই পোছাকক আমি সন্মান কৰিব লাগিব৷ ‘আমি এই পোছাকযোৰক উচিত সন্মান প্ৰদান কৰিলেহে ৰাইজৰো সন্মান আৰু বিশ্বসযোগ্যতা বাঢ়িব, ‘কথাৰে নহয় কামেৰেহে খাকী পোছাকৰ মৰ্যাদা ৰাখিব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এয়াই হৈছে আৰক্ষীৰ প্ৰধান কৰ্তব্য৷ আনহাতে, খাকী পোছাকৰ মান-মৰ্যাদা লাঘৱ কৰিব পৰা কোনো কাৰককে প্ৰশ্ৰয় নিদিবলৈও তেওঁ আৰক্ষীক আহ্বান জনায়৷ ডিজিপিয়ে কনকলতা, জয়মতী, মূলাগাভৰুৰ প্ৰসংগ উল্লেখ কৰি অসম আৰক্ষীক নাৰী সমাজক উচিত সন্মান প্ৰদৰ্শন কৰিবলৈও আহ্বান জনায়৷ এই প্ৰসংগত তেওঁ কয়, ‘অসমত নাৰী সমাজে সদায়ে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰখনত উচ্ছ স্থান আৰু মৰ্যাদা লাভ কৰি আহিছে৷ নাৰীৰ আদৰ্শ আৰু ত্যাগেৰে মহিমামণ্ডিত অসম ভূমিত নাৰীৰ ওপৰত যৌন আতিশয্যকে ধৰি যিকোনো অপৰাধ কোনো কাৰণতেই সমৰ্থনযোগ্য নহয়৷ সেয়ে আৰক্ষী থানাকে ধৰি যিকোনো কাৰ্যালয় আৰু প্ৰতিষ্ঠানত নাৰীক উপযুক্ত সন্মান আৰু মৰ্যাদা প্ৰদান কৰাটো আৰক্ষীয়ে নিশ্চিত কৰিব লাগিব৷ ‘এয়া সুনিশ্চিত কৰাটো আৰক্ষীৰ অন্যতম দায়িত্ব বুলি উল্লেখ কৰি জিপি সিঙে থানা বা আৰক্ষীৰ কাৰ্যালয়ত নাৰীৰ ওপৰত যিকোনো অশোভনীয় আচৰণ, যৌন অপৰাধ আদি কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে৷ লগতে শিশু আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ ক্ষেত্ৰতো একেই নীতি-আদৰ্শ পালন কৰিবলৈ আহ৩ান জনায়৷ জিপি সিঙে আৰক্ষী থানা বা কাৰ্যালয়ক আৰক্ষী তথা সৰ্বাসাধাৰণৰ বাবে এক পৱিত্ৰ স্থান বুলি উল্লেখ কৰি ইয়াৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈও অসম আৰক্ষীৰ প্ৰতি আহ্বান জনায়৷ নিচাসক্ত অৱস্থাত কৰ্তব্যলৈ অহা বা উপঢৌকন গ্ৰহণ কৰা বিষয়তো আৰক্ষীক সকীয়নি প্ৰদান কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে৷ অপৰাধ নিয়ন্ত্ৰণৰ কৰ্তব্যত নিয়োজিত আৰক্ষীয়ে অপৰাধক প্ৰশ্ৰয় দিয়া প্ৰসংগতো আৰক্ষীলৈ বিশেষ আহ্বান জনাইছে জিপি সিঙে৷ এই সন্দৰ্ভত তেওঁ কয়, ‘অপৰাধ নিয়ন্ত্ৰণৰ বাবে নিয়োজিত একাংশ আৰক্ষীয়ে অপৰাধক প্ৰশ্ৰয় দিয়াটোহে কেতিয়াবা কেতিয়াবা পৰিলক্ষিত হয়৷ বাটে-ঘাটে বা বিভিন্ন স্থানত ধন সংগ্ৰহ, সংগঠিত অপৰাধৰ দৰে কেতবোৰ কামত এচাম আৰক্ষী বিষয়াই কনিষ্ঠসকলক জড়িত কৰাই সমগ্ৰ আৰক্ষী বিভাগটোলৈ দুৰ্নাম কঢ়িয়াই আনিছে৷ এনেধৰণৰ বেআইনী কাৰ্যকলাপৰ অৱসান ঘটাব লাগিব৷ গৌৰৱোজ্জ্বল অসম আৰক্ষীত সেৱা আগবঢ়াবলৈ সুযোগ পোৱাটো সৌভাগ্যৰ কথা৷ সেয়ে বিভিন্ন পৰ্যায়ত নেতৃত্বৰ দায়িত্ব লাভ কৰাসকলে অসম আৰক্ষীক বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰিব লাগিব৷ ‘অসম আৰক্ষীৰ মুৰব্বী হিচাপে আপোনালোকৰ প্ৰতিটো আইন সংগত, ভাল কাম আৰু সজ প্ৰচেষ্টাত মই সদায়ে আপোনালোকৰ কাষত থিয় দিম৷ লগতে সমাজবিৰোধী আৰু বিপথগামী কাৰ্যকলাপসমূহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈও মই দৃঢ় সংকল্পবদ্ধ৷