Logo
image

‘জৱান’ সৰ্বকালৰ ব্লকবাষ্টাৰ হ’ব! বিবেক অগ্নিহোত্ৰী

শ্বাহৰুখ খানৰ নতুন হিন্দী ছবি ‘জৱান’ৰ ট্ৰেইলাৰ মুকলিৰ লগে লগে একপ্ৰকাৰে চমক সৃষ্টি কৰিছে৷ বিতৰ্কিত হিন্দী ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰিছে যে শ্বাহৰুখ খানৰ আহিবলগীয়া একচন থ্ৰিলাৰ ‘জৱান’ নিঃসন্দেহে সৰ্বকালৰ ব্লকবাষ্টাৰ হ’ব৷ পৰিচালকগৰাকীয়ে পুনৰ কৈছে যে তেওঁ শ্বাহৰুখৰ দৰে তাৰকাৰ দৌৰত নাই আৰু তেওঁৰ আহিবলগীয়া ছবি ‘দ্য ভেকচিন ৱাৰ’ এখন কম বাজেটৰ ছবি৷ সম্প্ৰতি টুইটাৰৰ প্ৰশ্ন-উত্তৰ ছেচনৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে বিবেক অগ্নিহোত্ৰীক  কৈছে– ‘সাহস আছে যদি শ্বাহৰুখৰ লগত যুঁজ দিয়ক, সংঘৰ্ষ কৰক৷’ টুইটটোত লগতে কোৱা হৈছে পৰিচালক বিবেক যদি তেওঁৰ আহিবলগীয়া ছবি ‘দ্য ভেকচিন ৱাৰ’ সম্পৰ্কত ইমানেই আত্মবিশ্বাসী, তেনেহ’লে কিংখানৰ ‘জোৱান’ৰ সৈতে একেদিনাই ছবিখন মুক্তি দিয়া উচিত৷ টুইটটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিবেকে কৈছে– আমাৰ বলীউডত খেলা নহয় আৰু সংঘৰ্ষৰ দৰে শব্দসমূহ তাৰকা আৰু মিডিয়াৰ কাৰণেহে৷ মই গ্যৰাণ্টি দি ক’ব পাৰো শ্বাহৰুখৰ ‘জৱান’ এখন সৰ্বকালৰ ব্লকবাষ্টাৰ হ’ব৷ কিন্তু এইখন ছোৱাৰ পাছত মোৰ কম পৰিসৰৰ ছবিখনো চাওক৷ বিবেক অগ্নিহোত্ৰী এই মুহূৰ্তত ব্যস্ত আছে তেওঁৰ আগন্তুক ছবি– ‘দ্য ভেকচিন ৱাৰ’ক লৈ৷ কৰ’না মহামাৰীৰ সময়ত ভাৰতত তৈয়াৰী কৰ’না ভাইৰাছ ভেকচিন বিষয়বস্তু হিচাপে লৈ ছবিখন তৈয়াৰ কৰা হৈছে৷ হিন্দী, ইংৰাজী, বাংলা, পাঞ্জাৱী, তামিল, তেলেগু, মালায়ালম, কন্নড়, গুজৰাটী, মাৰাঠী, ভোজপুৰী ভাষাত ছবিখন মুক্তি পাব৷ ছবিখন প্ৰযোজনা কৰিছে বিবেকৰ পত্নী পল্লৱী যোগীয়ে৷ ইফালে ‘জৱান’ ছবিখনত শ্বাহৰুখৰ লগতে দক্ষিণৰ শক্তিশালী অভিনেত্ৰী নয়নতৰা, বিজয় সেতুপতি, সানায়া মালহোত্ৰা, প্ৰিয়ামণি আৰু সুনীল গ্ৰোভাৰে অভিনয় কৰিছে৷ এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাড়ুকনে৷ ‘জৱান’ৰ ট্ৰেইলাৰ ১০ জুলাইত মুক্তি পাইছে৷ সেইদৰে ছবিখনৰ নতুন পোষ্টাৰ মুক্তিৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ ট্ৰেইলাৰ মুকলিৰ লগে লগে ২৪ ঘণ্টাৰ ভিতৰত ১০০ মিলিয়ন ভিউ অতিক্ৰম কৰে৷ শ্বাহৰুখৰ প্ৰযোজনা সংস্থা ‘ৰেড চিলি এণ্টাৰটেইনমেণ্ট’ৰ অফিচিয়েল ইনষ্টাগ্ৰামত জোৱানৰ ট্ৰেইলাৰ বছৰটোৰ অন্যতম ডাঙৰ চমক বুলি আপডেট দিয়া হৈছে৷ ৭ ছেপ্টেম্বৰত ছবিখন চিত্ৰগৃহলৈ আহিব৷