মহাকাশ অভিযানৰ সফলতাই শক্তিশালী কৰিব ভাৰতবৰ্ষক
এসময়ত মহাকাশ অভিযানৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰতে তাহানিৰ ছোভিয়েট ৰাছিয়াই নেতৃত্ব লৈছিল৷ পৰৱৰ্তী পৰ্যায়ত আমেৰিকাকে মুখ্য কৰি বিশ্বৰ আন বহু ৰাষ্ট্ৰই মহাকাশ গৱেষণাৰ উদ্দেশ্যে বিভিন্ন অভিযান আৰম্ভ কৰিছিল যদিও ভাৰতৰ বাবে এই ক্ষেত্ৰত বহু প্ৰত্যাহ্বান আছিল৷ ১৯৬২ চনত বিক্ৰম ছাৰাভাইৰ নেতৃত্বত মহাকাশ অধ্যয়নৰ উদ্দেশ্যে আই এন চি অ’ এছ পি এ আৰ নামৰ সংস্থাৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা দৃশ্যপট সলনি হয়৷ বায়ুমণ্ডল গৱেষণাৰ উদ্দেশ্যে এই সংস্থাৰ উদ্যোগতে থিৰুঅনন্তপুৰমত এক প্ৰক্ষেপণ কেন্দ্ৰ প্ৰতিষ্ঠাৰ যোগেদি মহাকাশ অধ্যয়নৰ প্ৰক্ৰিয়া আৰম্ভ হয়, য’ত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন ড॰ এ পি জে কালামে এজন ৰকেট অভিযন্তাৰূপে সেৱা আগবঢ়াইছিল৷ টি ই আৰ এল এচ পিছলৈ বিক্ৰম ছাৰাভাই স্পেচ চেণ্টাৰ ৰূপে আৰু আই এন চি অ’ পি এ আৰ ভাৰতৰ ২২তম স্বাধীনতা দিৱসৰ দিনা ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ [ইছৰ’]ৰূপে পৰিগণিত হয়৷ কাজেই সেইদিন ধৰি নিৰৱচ্ছিন্নভাৱে মহাকাশ অধ্যয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ ফলত আজিৰ সময়ত ভাৰতে বিশ্বৰ ভিতৰতে এই ক্ষেত্ৰত এক অগ্ৰণী ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে৷ ১৯৭৫ চনৰ ১৯ এপ্ৰিলত প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট ছোভিয়েট ৰাছিয়াৰ প্ৰক্ষেপণ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰাৰ লগে লগে এক ইতিহাস সৃষ্টি হয় আৰু ইয়াৰ পাছত এছ এল ভি-৩, পি এছ এল ভি, চন্দ্ৰায়ন-১, মংগল অৰ্বিটাৰ মিছন, জি এছ এল ভি, মিছন শক্তি আদিকে ধৰি বিভিন্ন মিছনৰ যোগেদি ভাৰতে যোগাযোগ, নিৰাপত্তা আৰু মহাকাশৰ বিভিন্ন দিশ অধ্যয়নৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰে৷ ইছৰ’ই ২০২২ চনত দেশৰ প্ৰথমটো বাণিজ্যিক ছেটেলাইট মাৰ্ক-৩ [এল ভি এম-৩] ৰকেট, যাক পূৰ্বে জি এছ এ ভি-এম কে ৩ বুলি জনা গৈছিল প্ৰক্ষেপণ কৰি এক নতুন অধ্যায়ৰ সূচনা কৰে৷ অৱশ্যে ছেনছৰৰ বিজুতিৰ বাবে এই অভিযান সম্পূৰ্ণ সফল নহ’ল যদিও এই অভিযানে নতুন বাট মোকলালে৷ সম্প্ৰতি ভাৰতীয় ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠা হোৱা মহাকাশ প্ৰযুক্তি প্ৰতিষ্ঠান যেনে হায়দৰাবাদৰ স্কাইৰুট এৰ’স্পেচ প্ৰাৰম্ভ মিছনৰ দ্বাৰা দেশৰ প্ৰেৰিত প্ৰথমটো ছেটেলাইট ভেহিকল, চেন্নাইৰ অগ্নিকুল কছমছ– বিশ্বৰ প্ৰথমটো ত্ৰিমাত্ৰিক ৰকেট ইঞ্জিন আদিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ২০১৪ চনৰ পৰা ২০২২ চনৰ ২০ ডিচেম্বৰলৈকে ভাৰতে ৪৪টা স্পেচক্ৰাফ্ট অভিযান, ৪২টা ভেহিকল অভিযান সম্পূৰ্ণ কৰাৰ লগতে ২০২৩ চনৰ বাবে নতুন অভিযান প্ৰস্তুত কৰি তুলিছে৷ শেহতীয়াকৈ ইছৰ’ই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক নতুন অভিযান চন্দ্ৰায়ন-৩ৰ যোগেদি এক নতুন পদক্ষেপ আৰম্ভ কৰিছে৷ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এল ডি এম-৩ ৰকেটৰ জৰিয়তে মহাকাশ যানখনৰ ইতিমধ্যে সফলতাৰে মহাকাশৰ কক্ষপথত স্থাপন কৰা হৈছে৷ চন্দ্ৰায়ন-৩ক কক্ষপথত স্থাপন কৰাৰ পাছত কঠিন প্ৰত্যাহ্বান হ’ব চন্দ্ৰৰ সমীপলৈ অহাৰ পাছত মূল যানখনৰ পৰা ৰভাৰ যানখনক চন্দ্ৰৰ বুকুত স্থাপন কৰাটো৷ ইছৰ’ৰ সঞ্চালকে ইতিমধ্যে এই প্ৰত্যাহ্বানকো নেওচি এক সফল অভিযানৰ অন্ত পেলোৱা হ’ব বুলি আশা প্ৰকাশ কৰিছে৷ উল্লেখ্য বিশ্বৰ বহু শক্তিশালী আৰু তুলনামূলকভাৱে ভাৰততকৈ উন্নত ৰাষ্ট্ৰৰ তুলনাত বহু কম ব্যয়ৰে ভাৰতে মহাকাশ অভিযান সম্পূৰ্ণ কৰাৰ বাবে দেশৰ বিজ্ঞানীসকল উচ্ছ প্ৰশংসিত হৈছে৷ অসমৰ বাবে অতি গৌৰৱৰ বিষয় এই যে পূৰ্বতে চন্দ্ৰায়ন অভিযানত দেশৰ বিশিষ্ট বিজ্ঞানী ড॰ জিতেন্দ্ৰনাথ গোস্বামীয়ে বিশেষ ভূমিকা পালন কৰাৰ পাছত চন্দ্ৰায়ন-৩টো মহাকাশ বিজ্ঞানী চয়ন দত্তই নিজৰ ভূমিকা সফলভাৱে পালন কৰিবলৈ সক্ষম হৈছে৷ চন্দ্ৰায়ন-১, চন্দ্ৰায়ন-২ উৎক্ষেপণৰো সহযোগী চয়ন দত্তকে ধৰি বহু বিজ্ঞানী, অভিযন্তাৰ নিৰন্তৰ প্ৰচেষ্টা, সঠিক গৱেষণাৰ বাবেহে ভাৰতৰ মহাকাশ অভিযানসমূহে এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য আজি কিছু বছৰৰ পূৰ্বলৈকে ৰাছিয়াৰ ছন্দপতনৰ পাছত মহাকাশ অভিযান, অধ্যয়নৰ ক্ষেত্ৰত আমেৰিকা, চীনৰ মাজতে আধিপত্য অটুট আছিল৷ চীনে সামৰিক, অৰ্থনৈতিকভাৱে নিজক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে মহাকাশ অভিযানৰ লগতে সামৰিক প্ৰযুক্তিৰ অবিশ্বাস্য বিকাশ সাধন কৰিছে৷ আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্ন সাকাৰ কৰিবলৈ হ’লে ভাৰতে কিছু পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই মৰ্মে মহাকাশ অভিযানৰ ক্ষেত্ৰতো থলুৱাভাৱে জড়িত ষ্টাৰ্ট-আপ জড়িত হৈছে৷ অৱশ্যে আমেৰিকা, চীনৰ ওচৰ চাপিবলৈ ভাৰতৰ বহু দূৰ বাকী আছে৷ চন্দ্ৰায়ন-৩ৰ সফলতাই নিশ্চয়কৈ ভাৰতৰ স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ভূমিকা পালন কৰিব৷






