![image](https://aamarasom.com/uploads/posts/yim.jpg1689610437.jpg)
ৰাজ্যত দৈনিক বিক্ৰী হয় ৮ লাখ লিটাৰ গাখীৰ
ডিজিটেল সংবাদ, গুৱাহাটীঃ "ৰাজ্যত ৮ লাখ লিটাৰ গাখীৰ দৈনিক বিক্ৰী হৈ আছে। পৰৱৰ্তী সময়ত ১০-১১ লাখ লিটাৰ গাখীৰ ৰাজ্যত দৈনিক উৎপাদনৰ লক্ষ্য লৈছে চৰকাৰে৷" -এই মন্তব্য সমবায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙৰ। সোমবাৰে ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোপাৰেটিভ ইউনিয়ন লিমিটেড (ৱামুল)ৰ মালিকানাধীন 'পূৰবী'য়ে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত চৌহদত মিল্ক পাৰ্লাৰ মুকলি কৰি এই মন্তব্য কৰে। এই অনুষ্ঠানত উপস্থিত থাকে সমবায় মন্ত্ৰী নন্দিতা গাৰ্লাোচা।
মিল্ক পাৰ্লাত 'কেফেটেৰিয়া' ধাৰণাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যিয়ে 'পূৰবী' ব্ৰেণ্ডৰ অধীনত কেৱল দুগ্ধ বা মৌজাতীয় সামগ্ৰীয়েই নহয়, অন্যান্য গৰম পানীয় আৰু জলপানো পৰিবেশন কৰিব। অসম চৰকাৰ আৰু বিশেষকৈ অসম এগ্ৰিবিছনেছ এণ্ড ট্ৰেন্সফৰ্মেচন প্ৰজেক্ট (এপাৰ্ট)ৰ সহযোগত ৱামুলে অসমৰ সকলো মুখ্য নগৰাঞ্চলত এনে বহুতো পাৰ্লাৰ স্থাপন কৰাৰ লক্ষ্য লৈছে৷ সমবায় হিচাপে ৱামুলে ইয়াৰ মুঠ বিক্ৰী লাভৰ ৭০ শতাংশতকৈ অধিক ধন প্ৰতিদিনে প্ৰায় ৬৫,০০০ লিটাৰ গাখীৰ যোগান ধৰা নিজৰ সংশ্লিষ্ট দুগ্ধ পালকসকললৈ প্ৰেৰণ কৰে। ২০২২-২৩ বিত্তীয় বৰ্ষত ৱামুলে ২০০ কোটিকৈ অধিক টকাৰ বিক্ৰীৰ লেনদেন সম্পন্ন কৰিবলৈ সক্ষম হৈছিল আৰু চলিত বিত্তীয় বৰ্ষত অধিক মূল্য সংযোজিত সামগ্ৰীৰ অন্তৰ্ভুক্তিৰে বিশিষ্ট সেৱা প্ৰদানৰ দ্বাৰা এই ব্যৱসায়ৰ অধিক সম্প্ৰসাৰণ ঘটাই ৩০০ কোটি টকাৰ বিক্ৰীৰ লেনদেন অতিক্ৰম কৰাৰ লক্ষ্য হাতত লৈছে।