Logo
image

ভাৰতৰ টেষ্ট ক্ৰিকেটৰ ভৱিষ্যৎ

অষ্ট্ৰেলিয়াৰ হাতত বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত নিৰাশাজনক প্ৰদৰ্শনৰ পাছত ভাৰতীয় ক্ৰিকেট দলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন চক্ৰ আৰম্ভ কৰিছে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে৷ দুখন টেষ্টৰ শৃংখলাটোৰ প্ৰথমখন খেলত এক ইনিংছ আৰু ১৪১ ৰানত জয়ী হৈ অগ্ৰগতিত আছে ভাৰত৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় টেষ্ট দলটোত পৰিৱৰ্তন অনাৰ লক্ষ্যৰে শেহতীয়াকৈ টেষ্ট দলটোৰ পৰা অভিজ্ঞ চেটেশ্বৰ পূজাৰাক বাদ দি যশস্বী জয়ছোৱাল, ঈশান কিষাণৰ দৰে ক্ৰিকেটাৰক অভিষেক ঘটোৱাৰ সুযোগ দিছে৷ জয়ছোৱালেও এই সুযোগৰ সদ্ব্যৱহাৰ কৰি প্ৰথম টেষ্টত খেলিছে ১৭১ ৰানৰ এক অকৰ্ষণীয় ইনিংছ৷ হয়তো প্ৰশ্ন উঠিব পাৰে যে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটো এতিয়া আগৰ দৰে শক্তিশালী হৈ থকা নাই৷ এনে এটা দলৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলাটো অথবা জয়ী হ’লে দলটোৰ প্ৰকৃত শক্তিৰ উমান পাব নোৱাৰি৷ কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে ভাৰত উপ-মহাদেশৰ পৰিৱেশৰ সৈতে ৱেষ্ট ইণ্ডিজৰ পৰিৱেশৰ যথেষ্ট প্ৰভেদ আছে আৰু এনে পৰিৱেশত অভিষেক টেষ্টতে শতকীয় ইনিংছ খেলিলে নিঃসন্দেহে ক্ৰিকেটাৰ এজনৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি পাব৷ সেয়েহে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এনেধৰণৰ শৃংখলাবোৰত যুৱ ক্ৰিকেটাৰক সুযোগ দিয়া উচিত৷ শেহতীয়াভাৱে ক্ৰিকেটাৰসকলৰ মাজত যেনেদৰে আঘাতৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে, তালৈ চাই ক্ৰিকেট ব’ৰ্ডে টেষ্ট ক্ৰিকেটৰ বাবে এটা ‘বি’ দল সাজু ৰখা উচিত, যিটো দেখা যায় অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰত৷ টীম ইণ্ডিয়াৰ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰ লগতে ৰবিচন্দ্ৰন অশ্বিনৰ বয়স চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈকে  হ’বগৈ ৩৮ বছৰ৷ তেনেদৰে চেটেশ্বৰ পূজাৰা, অজিংক্য ৰাহানেৰ বয়স ৩৭ আৰু বিৰাট কোহলি, ৰবীন্দ্ৰ জাদেজাৰ বয়স হ’বগৈ ৩৬ বছৰ৷ এতিয়াৰ পৰাই এইসকল ক্ৰিকেটাৰৰ বিকল্প সাজু ৰখা উচিত৷ ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ষ্টিভেন স্মিথ আৰু ট্ৰেভিছ হেড টেষ্টৰ প্ৰস্তুতিৰ বাবে দীঘলীয়া সময় টুৱেণ্টী২০ ক্ৰিকেটৰ পৰা আঁতৰি আছিল৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও টেষ্ট ক্ৰিকেটৰ বিশেষজ্ঞ ক্ৰিকেটাৰসকলক টুৱেণ্টী২০ ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিলেও  সুফল পোৱা যাব পাৰে৷

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙে কিছুদিন পূৰ্বে কৈছিল যে যশস্বী জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড়, ছৰফৰাজ খানৰ দৰে যুৱ ক্ৰিকেটাৰক ৰাষ্ট্ৰীয় দলত সুযোগ দিয়াৰ এয়াই উপযুক্ত সময়৷ ঘৰুৱা ক্ৰিকেটত উজ্জীৱিত প্ৰদৰ্শনেৰে আন এজন যুৱ ক্ৰিকেটাৰ অভিমন্যু ঈশ্বৰণেও ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ বলিঙতো কেইবাজনো প্ৰতিভাশালী বলাৰ ভাৰতীয় দলত স্থান পোৱাৰ অপেক্ষাত আছে৷ এইসকল ক্ৰিকেটাৰক সময়মতে ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ দিলে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব৷ ডিচেম্বৰ-জানুৱাৰীত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাত ভাগ ল’ব৷ উক্ত শৃংখলাত টুৱেণ্টী২০ আৰু ৫০ অভাৰৰ ক্ৰিকেটৰ লগতে থাকিব দুখন টেষ্টো৷ দক্ষিণ আফ্ৰিকাত হ’বলগীয়া উক্ত শৃংখলাও হ’ব ভাৰতীয় দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ৷ যশস্বী জয়ছোৱালৰ দৰে যুৱ ক্ৰিকেটাৰৰ বাবে আসন্ন শৃংখলাটো হ’ব পাৰে এক ডাঙৰ পৰীক্ষা৷ টীম ইণ্ডিয়াত স্থান পোৱাৰ অপেক্ষাত থকা ক্ৰিকেটাৰসকলক নিৰ্বাচক কমিটীয়ে কেনেদৰে সুযোগ দিয়ে সেয়া হ’ব লক্ষণীয়৷