Logo
image

খালী পেটত খেজুৰ খালে বহু ৰোগ হ’ব দূৰ

আমাৰ অসম বিশেষঃ খেজুৰত আছে প্ৰচুৰ পৰিমাণে শক্তি৷ এমিন’ এছিড, ভিটামিন, চেনি তথা খনিজ জাতীয় পদাৰ্থ খেজুৰত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ৰোজাৰ সময়ত প্ৰতিদিনে খালী পেটেৰে বহু সময় ধৰি থাকিব লাগে, যাৰ বাবে শৰীৰত  গ্ল’কজ কমি আহে৷ খেজুৰে শৰীৰত প্ৰচুৰ পৰিমাণে গ্ল’কজ যোগান ধৰিব পাৰে৷  ৰোজাৰ পাছত মাত্ৰ দুটি খেজুৰেই আপোনাৰ শৰীৰৰ ক্লান্তি, অৱসাদ শীঘ্ৰে দূৰ কৰিব পাৰে৷ খেজুৰ খালে চৰ্বিৰ পৰা হাত সাৰিব পাৰি৷ আনহাতে, খেজুৰ খোৱা শিক্ষাৰ্থীসকল দক্ষতা সম্পন্ন হয়৷ 

খেজুৰত প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়৷ আমাৰ শৰীৰৰ পেশী তৈয়াৰৰ বাবে খেজুৰ অতি উপকাৰী খাদ্যসামগ্ৰী৷ শৰীৰত প্ৰয়োজনীয় প্ৰ’টিন সৰবৰাহৰ ক্ষেত্ৰত খেজুৰে বিশেষ ভূমিকা গ্ৰহণ কৰে৷

খেজুৰত  বিভিন্নধৰণৰ ভিটামিন থাকে, যি আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়৷ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান আইৰণো পোৱা যায় খেজুৰত৷ 

হৃদৰোগত আক্ৰান্তসকলৰ বাবে খেজুৰ মহৌষধ৷ খেজুৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে৷ কেলচিয়ামে হাড় মজবুত কৰাত সহায় কৰে৷ 

খেজুৰে কেন্সাৰৰ প্ৰতিৰোধ হিচাপে কাম কৰে৷ গৱেষণাৰ দ্বাৰা দেখা গৈছে যে খেজুৰে পেটৰ কেন্সাৰ প্ৰতিৰোধ কৰে৷ যি নিয়মিত খেজুৰ খাই তেওঁৰ কেন্সাৰ হোৱাৰ আশংকা কম থাকে৷ 

খেজুৰে মানুহকে কোষ্ঠকাঠিন্যৰ পৰা মুক্ত কৰে৷ সেইদৰে খোৱাৰ পাছত হজমত সহায় কৰে খেজুৰত থকা বিশেষ উপাদানে৷ লিভাৰ সংক্ৰমণৰ ক্ষেত্ৰত খেজুৰ পৰম উপকাৰী৷ 

বিভিন্নধৰণৰ জ্বৰ, চৰ্দি, ডিঙিৰ বিষ আদিৰ ক্ষেত্ৰত খেজুৰে বিশেষ উপকাৰ সাধন কৰে৷ 

খেজুৰত পটাচিয়াম পোৱা যায়, যি হৃদৰোগ প্ৰতিৰোধ কৰে৷ সেইদৰেই খেজুৰ খালে আপুনি কলেষ্টেৰলৰ পৰা হাত সাৰিব পাৰে৷