এনে উদ্যোগত কাম কৰিলেও কেন্সাৰৰ আশংকা বৃদ্ধি পাব পাৰে
বিভিন্নজন অৰ্হতা অনুযায়ী কৰ্মক্ষেত্ৰত নিয়োজিত হয়৷ কেতিয়াবা নিজে বাছি লোৱা কৰ্মক্ষেত্ৰও হ’ব পাৰে নিজৰ বাবে বিপদৰ কাৰক৷ এনে কিছুমান কৰ্মক্ষেত্ৰ আছে যি ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকাসকল বিভিন্ন সময়ত কেন্সাৰৰ দৰে কঠিন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷
⬛ নিৰ্মাণ খণ্ডৰ শ্ৰমিকঃ নিৰ্মাণ খণ্ডত জড়িত হৈ থকা কাৰিকৰী শ্ৰমিক বিভিন্ন ধৰণৰ ৰোগত সহজে আক্ৰান্ত হয়৷ সাধাৰণতে নিৰ্মাণ খণ্ডত কৰ্মৰত শ্ৰমিকে দীৰ্ঘ সময় ধৰি ৰ’দত থকাৰ বাবে সহজে তেওঁলোকৰ চৰ্মজনিত কেন্সাৰ হোৱাৰ আশংকা থাকে৷
⬛ ৰাবাৰ উদ্যোগঃ ৰাসায়নিক বাষ্প, ধূলি বা অন্যান্য উপাদানৰ সংস্পৰ্শলৈ অহাৰ বাবে ৰাবাৰ নিৰ্মাণ উদ্যোগত কৰ্মৰত শ্ৰমিকৰ পাকস্থলী, হাওঁফাওঁ, তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷
⬛ কৃষিখণ্ডঃ কীটনাশক ঔষধ, ৰাসায়নিক সাৰ আদিৰ সংস্পৰ্শলৈ অহাৰ ফলত কৃষিখণ্ডত কৰ্মৰত শ্ৰমিক সহজে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷
⬛ হেয়াৰ ষ্টাইলিষ্টঃ পাৰ্লাৰত কৰ্মৰতসকল বিভিন্নধৰণৰ ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিব লাগে, যাৰ বাবে এনে ক্ষেত্ৰত কাম কৰা সকলৰো কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায়৷