Logo
image

ভাৰতীয় ব্যৱহাৰকাৰীৰ গোপনীয়তাক লৈ ৱাট্‌ছএপে হেতালি খেলিছে

আমাৰ অসম, ২৬ জানুৱাৰীঃ জনপ্ৰিয় মোবাইল মেছেজিং সেৱা ৱাট্‌ছএপৰ নতুন প্ৰাইভেচী পলিচীক লৈ ভাৰতত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ভাৰত চৰকাৰে ফেচবুক-ৱাট্‌ছএপক এই নতুন প্ৰাইভেচী আপডেট প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে৷ বিষয়টোৱে এতিয়া ন্যায়ালয়ৰ মজিয়া পাইছেগৈ৷ দিল্লী উচ্ছ ন্যায়ালয়ে সোমবাৰে এই বিষয়াটোৰ শুনানি গ্ৰহণ কৰে৷ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু ৱাট্‌ছএপৰ ফালৰ পৰা নিজা নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয়৷ কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্ছ ন্যায়ালয়ৰ আগত কয় যে প্ৰাইভেচী পলিচীৰ ক্ষেত্ৰত ৱাট্‌ছএপে ভাৰতীয় ব্যৱহাৰকাৰী আৰু ইউৰোপীয় ব্যৱহাৰকাৰীৰ বাবে পৃথক নীতি গ্ৰহণ কৰিছে৷ অৰ্থাৎ ইউৰোপৰ ৱাট্‌ছএপ ব্যৱহাৰকাৰীৰ তুলনাত ভাৰতৰ ৱাট্‌ছএপ ব্যৱহাৰকাৰীৰ গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত বৈষম্য কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল চেতন শৰ্মাই হাই ক’ৰ্টত কয় যে ৱাট্‌ছএপলৈ ভাৰত চৰকাৰে সকলো প্ৰশ্ন প্ৰেৰণ কৰিছে নতুন প্ৰাইভেচী পলিচীৰ ক্ষেত্ৰত৷ কেন্দ্ৰীয় চৰকাৰৰ মতে, ইউৰোপৰ ৱাট্‌ছএপ ব্যৱহাকাৰীৰ ব্যক্তিগত গোপন তথ্যা ফেচবুকে লাভ কৰিব নোৱাৰে৷ কিন্তু ভাৰতীয় ৱাট্‌ছএপ ব্যৱহাৰকাৰীৰ গোপনীয়তা ফেচবুকে লাভ কৰিব নোৱাৰে বুলি কোনো কথা উল্লেখ কৰা হোৱা নাই নতুন প্ৰাইভেচী পলিচীত৷ এয়া সম্পূৰ্ণ বে-আইনী বুলি কেন্দ্ৰীয় চৰকাৰে অভিহিত কৰে৷ আনহাতে, ভাৰতীয় ব্যৱহাৰকাৰীক জোৰ কৰা হৈছে নতুন প্ৰাইভেচী পলিচী গ্ৰহণ কৰিবলৈ৷ গতিকে এয়া মানি ল’ব পৰা কথা নহয় বুলি ছলিচিটৰ জেনেৰেলে দিল্লী হাই ক’ৰ্টক কয়৷ এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি ৰ মাৰ্চত হ’ব৷