সম্বৰ্ধনাৰ কিছু কথা
পৃথিৱীৰ অন্য কোনোবা দেশত অথবা ভাৰতৰ আন ৰাজ্যতো অসমৰ দৰে সম্বৰ্ধনা জনোৱা পৰ্ব উদ্যাপিত হয় নে নহয়, তাক জনা নাযায়৷ অসমত সম্বৰ্ধনা জনোৱা কামটো সম্প্ৰতি এক অত্যাৱশ্যকীয় আৰু অপৰিহাৰ্য কামৰ শাৰীত ধৰা হয়৷ পৰীক্ষাত ভাল ফল দেখুৱালে, কোনোবাই ক’ৰবাত কিবা পুৰস্কাৰ পালে, অৱসৰ পালে, নিৰ্বাচনত জিকিলে– আদি বিভিন্ন ক্ষেত্ৰত সুফল দেখুওৱাসকলক ৰাইজ, অনুষ্ঠান-প্ৰতিষ্ঠান, পৰিয়াল-পৰিজন, বন্ধু-বান্ধৱ আদিৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ এইধৰণেৰে সম্বৰ্ধনা পোৱাসকলতো উৎসাহিত হয়েই, এনে কাৰ্যই বাকীসকলকো অনুপ্ৰাণিত কৰে৷ অৱশ্যে, এনে কাৰ্যৰ পাশ্বৰ্ক্ৰিয়া কেতিয়াবা বেলেগধৰণৰো হ’ব পাৰে৷ কেতিয়াবা কম বয়সীয়াসকলক মাত্ৰাধিক সম্বৰ্ধনাই আৰু অধিক ভাল কাম কৰাৰ পৰা আঁতৰাইহে আনিব পাৰে৷ বিশেষকৈ স্কুল-কলেজীয়া ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এনে হোৱাৰ সম্ভাৱনা থাকে৷ বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰীক্ষাত ভাল ফল দেখুওৱাসকলক বহুলভাৱে সম্বৰ্ধনা জনোৱা হয়৷ চৰকাৰ, চৰকাৰী-বেচৰকাৰী সংস্থা, প্ৰতিৱেশী নাগৰিক সভা, ক্লাব অথবা নামঘৰ আদিয়েও ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷ এনে কৰাৰ প্ৰধান লক্ষ্য হৈছে সবাৰো কল্যাণ সাধন কৰা৷ ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল এনে সম্বৰ্ধনা কাৰ্যসূচীৰ দ্বাৰা উৎসাহিত-আনন্দিত আৰু গৌৰৱান্বিত হোৱাৰ বিপৰীতে কম নম্বৰ পাই ভাল ফলাফল দেখুৱাব নোৱৰা অথবা উত্তীৰ্ণই হ’ব নোৱৰাসকলে হয়তো এনে কাৰ্যৰ দ্বাৰা উপেক্ষিত অনুভৱ কৰে, যাৰ ফলত তেওঁলোক হতাশাগ্ৰস্ত হোৱাৰ সম্ভাৱনাই অধিক৷ সমাজত এনে সম্বৰ্ধনা নোপোৱা লোকৰ সংখ্যাহে অধিক৷ কাজেই ই সমাজত এক সামূহিক হতাশাগ্ৰস্ততা বা অৱসাদৰ সৃষ্টিত অৰিহণা যোগায়৷ ফলত আত্মহত্যাকে ধৰি বিভিন্নধৰণৰ অসামাজিক তথা অপ্ৰত্যাশিত-অকল্যাণমূলক কামৰ ভিৰ সমাজত বাঢ়ি যায়৷ সৃষ্টি হয় সামাজিক প্ৰদূষণৰ, যাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হয়৷ গতিকে, এনেবোৰ কথা নতুনকৈ ভাবি চোৱাৰ সময় আহিছে৷ ভাল ফলাফল দেখুওৱাসকলক উৎসাহিত কৰক, তাত আপত্তি কৰিবলগীয়া একো নাই, কিন্তু উপেক্ষিতখিনিকো উলিয়াই আনক৷ সম্বৰ্ধনা অনুষ্ঠানবোৰৰ ধৰণ-কৰণবোৰ সলনি হওক৷ এনে অনুষ্ঠানবোৰলৈ ভাল ফলাফল দেখুৱাব নোৱৰাসকলকো নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ বিফলতাৰ সম্ভাব্য কাৰকবোৰ বিচাৰি উলিওৱাত সহায় কৰক৷ তেওঁলোকৰ মাজত থকা ‘অভাৱ’ অথবা অসম্পূৰ্ণতাখিনি কিদৰে দূৰ কৰিব পাৰি, পাঠ্যক্ৰম বা পৰীক্ষাৰ মাজতো দেখা দিয়া সমস্যাবোৰ কিদৰে অতিক্ৰম কৰিব পাৰি, সেইবোৰ মুকলি মঞ্চত দুয়োপক্ষই আলোচনা কৰক৷ বেয়া ফল দেখুওৱাসকলে প্ৰশ্ন কৰক, ভাল ফল দেখুওৱাসকলে উত্তৰ দিয়ক৷ চুবুৰিয়ে চুবুৰিয়ে ক্লাব, নামঘৰ আদিত পতা সভাবোৰত এনে কাম কৰিবলৈ অধিক সুবিধাজনক হ’ব৷ এনে মত-বিনিময় [ভাল ফলাফল আৰু বেয়া ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীৰ] কাৰ্যসূচী শিক্ষানুষ্ঠানবোৰতো দিনজোৰা কাৰ্যসূচীৰে পাতিব পাৰে৷ এনে সভাই ভাল ফল দেখুওৱাসকলক আৰু অধিক ভাল কাম কৰিবলৈ উদ্বুদ্ধ কৰিব আৰু নিজৰ আত্মবিশ্বাস সুদৃঢ় কৰিব৷ ভাল ফল দেখুৱাব নোৱৰাখিনিৰো মনৰ খূ-দুৱনি মাৰ যাব আৰু মনোবল বাঢ়িব৷ তেওঁলোকৰ বিশ্বাস হ’ব যে তেওঁলোক আৱৰ্জনা নহয়৷ আমি সমাজৰ বাকীসকলেও এই কথা বিশ্বাস কৰি চলা উচিত যে পঢ়াশুনাত ভাল ফল দেখুৱাব নোৱৰাসকল কেতিয়াও সমাজৰ কলংক বা আৱৰ্জনা নহয়৷ প্ৰত্যেকৰে মাজত কিবা এটা প্ৰতিভা থাকেই৷ সেই সুপ্ত প্ৰতিভা বিকশিত হৈ উঠাৰ সুযোগ-সুবিধাৰ কিন্তু আমাৰ সমাজখনত যথেষ্ট অভাৱ৷ উন্নত দেশবোৰেতো পেলনীয়া দ্ৰব্যৰেও ‘ৰিচাইক্লিং’ কৰি সম্পদ সৃষ্টি কৰে৷ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীকো আমি ‘ৰিচাইক্লিঙ’ৰ সুযোগ দিব লাগে৷ ‘প্ৰতিটো সন্তানেই সম্পদ’– এনে এক বাণীৰ আধাৰত ভিন্নমুখী প্ৰতিভা বিকাশৰ বহুমুখী আধাৰশিলা সমাজত নিৰ্মাণ কৰিব লাগে৷ পৰিকল্পিত ৰূপত এক মানৱ সম্পদ সদ্ব্যৱহাৰৰ আঁচনি ৰূপায়ণ কৰিব পাৰিলে, সমাজৰ বহু সমস্যাৰ আপোনা-আপুনি সমাধান হ’ব৷






