Logo
image

মণিপুৰত বস্ত্ৰহৰণ, শাসক উলংগ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ জুলাইঃ কৌৰৱৰ ৰাজসভাত ৰজস্বলা দ্ৰৌপদীক বস্ত্ৰহৰণ কৰাৰ কাহিনীয়ে আজিও সকলোকে পীড়া দিয়ে৷ আধুনিক ভাৰতত, মণিপুৰত প্ৰকাশ্য দিবালোকত এদল বৰ্বৰ, উন্মত্ত লোকে চৰকাৰী আৰক্ষী বাহিনীৰ উপস্থিতিত সংঘটিত কৰা বস্ত্ৰহৰণ আৰু তাতকৈয়ো পৈশাচিত কাণ্ডত এতিয়া সমগ্ৰ দেশ নগ্ন হৈ পৰিছে৷ এখন নিৰ্বাচিত চৰকাৰ থকা অৱস্থাত, আইন-শৃংখলা পৰিস্থিতি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰত্যক্ষভাৱে চম্ভালি  থকাৰ সময়ত মণিপুৰত তিনিগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত শোভাযাত্ৰা কৰাৰ ঘটনা আৰু তাৰে কোমল বয়সীয়াগৰাকীক মুকলি ঠাইত দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হোৱাত স্বাভাৱিকতে ক্ষোভত জ্বলিছে দেশ৷ লজ্জানত হৈ পৰিছে সমগ্ৰ দেশবাসী৷ কিয়নো ইমানদিনে মণিপুৰ জ্বলি থকা স্বত্বেও, মানৱতা ভুলুণ্ঠিত হোৱা সত্ত্বেও নৰেন্দ্ৰ মোদী চৰকাৰে ধৃতৰাষ্ট্ৰৰ দৰে মৌনতা অৱলম্বন কৰি থকাৰ ঘটনাত আশ্বৰ্যচকিত হৈছে দেশৰ জনতা৷ অৱশেষত বুধবাৰে মণিপুৰৰ এটা পাশৱিক ঘটনাৰ ভিডিঅ’ দেশজুৰি ভাইৰেল হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে মুখ খুলিলেও কেন্দ্ৰীয় চৰকাৰৰ সেই সামান্য প্ৰতিক্ৰিয়াক লৈ সন্তুষ্ট হোৱা নাই দেশবাসী৷ মণিপুৰৰ বস্ত্ৰহৰণৰ ফলত চৰকাৰৰ অকৰ্মণ্যতাৰ বাবেই  সমাজৰ সন্মুখত, সমগ্ৰ বিশ্বৰ সন্মুখত নগ্ন হৈ পৰিছে পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰৰ দেশখন৷ যিখন দেশত, মণিপুৰত দেশৰ সংবিধান ভূলুণ্ঠিত হোৱা বুলি, গণতন্ত্ৰ সম্পূৰ্ণৰূপে পদদলিত হোৱা বুলি আৰু মানৱাধিকাৰ চূড়ান্তভাৱে উলংঘা হোৱা বুলি স্বতঃপ্ৰণোদিত গোচৰ লৈ চৰকাৰক সতৰ্ক কৰিবলৈ বাধ্য হৈছে দেশৰ সৰ্বোচ্ছ আদালত৷

বুধবাৰে ভাইৰেল হোৱা ভিডিঅ’ৰ জৰিয়তে সমগ্ৰ দেশবাসীয়ে প্ৰথমবাৰৰ বাবে জানিব পাৰিলে মণিপুৰত যোৱা ৭৭ দিনে প্ৰকৃততে কি সংঘটিত হৈ আছে৷ যোৱা ৩ মে’ৰ পৰা ৰাজ্যখনত চৰকাৰে ইণ্টানেট সেৱা বন্ধ কৰি থোৱাৰ ফলত বাহিৰলৈ যাব পৰা নাছিল সংঘৰ্ষৰ প্ৰকৃত ছবি৷ অলপতে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত আংশিকভাৱে ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পাছত বুধবাৰে যি ভিডিঅ’ ভাইৰেল হ’ল, সেয়া আছিল পাশৱিকতাৰ এটা নগ্ন বোমা৷ সেই ভিডিঅ’ত এদল উন্মত্ত জনতাই তিনিগৰাকী নাৰীক উলংগ কৰি শোভাযাত্ৰা কৰিছে৷ তাৰে এগৰাকীক ইতিমধ্যে দলটোৰ বৃহৎ সংখ্যকে মুকলি ঠাইত ধৰ্ষণ কৰিছে৷ ঘটনাটোত নিৰ্যাতিতা তিনিগৰাকী নাৰী আছিল কুকি সম্প্ৰদায়ৰ, যাৰ বয়স ক্ৰমে ২১, ৪২ আৰু ৫২৷ শোভাযাত্ৰা কৰি তিনিগৰাকী মহিলাক লৈ যোৱা বৰ্বৰ জনতা আছিল মেইটেই সম্প্ৰদায়ৰ৷ এই ঘটনাটো সংঘটিত হৈছিল বিগত ৪ মে’ত, থৌবাল জিলাৰ নংপোক ছেকমাই থানাৰ অন্তৰ্গত তৌবু গাঁৱৰ সমীপত৷

বুধবাৰ আৰু বৃহস্পতিবাৰে এই ভিডিঅ’ই সমগ্ৰ দেশত ধুমুহাৰ সৃষ্টি কৰাৰ পাছত আজি এগৰাকী নিৰ্যাতিতাই ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’কে ধৰি দেশৰ একাধিক সংবাদ মাধ্যমৰ আগত মুখ খুলিছে৷ পাশৱিক যৌন নিগ্ৰহ আৰু ৰাজহুৱা অপমানৰ বলি হোৱা ২১ বছৰীয়া মহিলাগৰাকীয়ে বৃহস্পতিবাৰে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ক বৰ্ণনা কৰিলে তেওঁলোকৰ ওপৰত সংঘটিত হোৱা পাশৱিক অত্যাচাৰৰ কথা৷ থৌবাল জিলাৰ স্বামীৰ ঘৰৰ পৰা তেওঁ টেলিফোনত ক’লে–‘আমি সেইদিনা গাঁৱৰ ঘৰত একেলগে তিনিগৰাকী মহিলা আৰু দুজন পুৰুষ সোমাই আছিলো৷ তেতিয়াই ৮০০-১০০০ৰ এটা দলে আমাৰ গাঁওখনত আক্ৰমণ কৰিলে৷ সকলোৰে হাতে হাতে এ কে ৪৭, ইনছাছ ৰাইফল, এছএলআৰৰ দৰে আধুনিক আগ্নেয়াস্ত্ৰ৷ আমি দলটো আগবাঢ়ি অহা দেখি ঘৰৰ পৰা পলাই ওচৰৰে হাবিত লুকাই পৰিলো৷ আমি ভাবিছিলো, ৰক্ষা পৰিলো৷ আমাৰ সৈতে থকা পুৰুষ দুজনৰ এজন মোৰ পিতৃ আৰু আনজন ভাতৃ৷ কিছু সময়ৰ পাছত আমাক নংপোক ছেকমাই থানাৰ পৰা আৰক্ষী আহি উদ্ধাৰ কৰিলে৷ কিন্তু থানালৈ যোৱাৰ পথতে আমাক বিশাল জনতাৰ দলটোৱে বেৰি ধৰিলে৷ তেতিয়া আৰক্ষীয়ে আমাক সেই দলটোৰ হাতত তুলি দিলে৷ তেওঁলোকে হাতত থকা অস্ত্ৰ দেখুৱাই আমি তিনিগৰাকী মহিলাক কাপোৰ খুলিবলৈ বাধ্য কৰিলে৷ মোক মুকলি স্থানত, সকলোৰে সন্মুখত ইটোৰ পাছত সিটোৱে ধৰ্ষণ কৰিলে৷ বাকী দুগৰাকী মহিলাক ধৰ্ষণ নকৰিলে, কিয়নো তেওঁলোক উন্মত্ত দলটোৰ কেইজনমানৰ পৰিচিত আছিল৷ মোক ধৰ্ষণ কৰা কেইবাটাও আছিল মোৰ ভাতৃৰ বন্ধু৷ সিহঁতক মই চিনি পাওঁ৷ এতিয়াও দেখিলে চিনি পাম৷ মোৰ ভাতৃয়ে এই ঘটনাৰ বিৰোধ কৰাত তাক গুলীয়াই মাৰি পেলালে৷ মোৰ ৫৬ বছৰীয়া পিতৃক তাৰ আগতেই মোৰ চকুৰ সন্মুখতে গুলীয়াই মাৰিলে৷ তাৰ পাছত আমি তিনিওকে বিবস্ত্ৰ কৰি ৰাজপথেৰে সেই দলটোৱে সমদল কৰিলে৷’ তেওঁ পুনৰ কয়–‘আমি ১৮ মে’ত ছাইকুল থানাত ‘জিৰো এফ আই আৰ’ [ঘটনা সংঘটিত নোহোৱা থানা] দাখিল কৰিলো৷ কিন্তু সেই ঘটনাৰ কোনো তদন্ত নহ’ল৷ আমাৰ সৈতে গোচৰ ৰুজু কৰিবলৈ বি ফাইনম গাঁৱৰ গাঁওবুঢ়াও গৈছিল৷ আমাক বিবস্ত্ৰ কৰি সমদল কৰোৱাৰ যে ভিডিঅ’ কৰা হৈছিল, সেয়া মই নাজানিছিলো৷ কালি ভিডিঅ’টো বিয়পি পৰাৰ পাছতহে জানিব পাৰিছো৷ ঘটনাটো হৈছিল থৌবাল জিলাৰ নংপোক ছেকমাই থানাৰ পৰা ২ কিলোমিটাৰ দূৰৰ তৌবু গাঁৱৰ ওচৰত৷’

বুধবাৰে এই ভিডিঅ’ সৰ্বত্ৰ বিয়পি পৰাৰ পাছত মণিপুৰৰ বিজেপি চৰকাৰৰ নিৰ্দেশত সক্ৰিয় হৈছে মণিপুৰ আৰক্ষী৷ বুধবাৰে নিশা ১.৩০ বজাত হেৰাদাস মেইটেই নামৰ এক দুষ্কৃতিকাৰীক থৌবাল জিলাৰ পৰা আৰু বৃহস্পতিবাৰে বিয়লি আন এক দুষ্কৃতিকাৰীক একেখন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই ঘটনাত তেওঁ ব্যথিত বুলি মন্তব্য কৰিছে আৰু অপৰাধীয়ে ফাঁচীৰ শাস্তি পোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছে৷ উল্লেখ্য ঘটনা সংঘটিত হোৱাৰ সময়ত নংপোক ছেকমাই থানাৰ আৰক্ষীয়েও সেই সমদলৰ সৈতে একেলগে খোজ মিলাইছিল বুলি নিৰ্যাতিতাই প্ৰকাশ কৰিছে৷ ইতিমধ্যে চৰকাৰৰ নিৰ্দেশত এই ঘটনাৰ গোচৰ ৰুজু কৰা হৈছে৷