Logo
image

কন্দলীত দুটাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলী বন বিভাগৰ অৰ্ন্তগত কন্দলী কুঁহিয়াতলীত দুটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৰ্বত্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকৰ মাইকী হাতীসহ দুটাকৈ বন্যহস্তীৰ মৃতদেহ পাহাৰৰ নামনিত উদ্ধাৰ হয় ৷ পুৱা স্থানীয় লোকে মৃত হাতী দুটা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতী দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ এই পৰ্যন্ত হাতী দুটাৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও একাংশ লোকে হাতীৰ জাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰাৰ বিপৰীতে একাংশই  বজ্ৰপাতৰ ফলত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে। উল্লেখ্য যে দুই বছৰৰ পূৰ্বে কন্দলী পাহাৰৰ তপতজুৰিত ১৮ টা হাতীৰ একেলগে মৃত্যুমুখত পৰে।