Logo
image

গুৱাহাটীৰ ছয়মাইলত নিশা সুৰামত্ত যুৱক-যুৱতীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে সুৰাপায়ী যুৱক-যুৱতীৰ তাণ্ডৱ। নিশাৰ মহানগৰীত সুৰা সেৱন কৰি মাতাল যুৱক-যুৱতীয়ে পৰিৱেশ বিনষ্ট কৰাৰ লগতে মাৰপিটত লিপ্ত হৈ মহানগৰীৰ পৰিৱেশ বিনষ্ট কৰিছে। বিশেষকৈ, মহানগৰীৰ জু- ৰোড তিনি আলি, ছয়মাইল, ডাউনটাউন আৰু খানাপাৰা অঞ্চলত মাজনিশালৈ প্ৰশাসনৰ নীতি-নিৰ্দেশনা উলংঘাৰে সুৰাৰ বেহা চলোৱা একাংশ ধাবাত যুৱক-যুৱতীয়ে সুৰা সেৱনক কৰি উদ্দাম নৃত্য কৰাৰ লগতে মাৰপিটত লিপ্ত হৈ পৰিৱেশ বিনষ্ট কৰিছে। 

ৰহস্যজনকভাৱে আৰক্ষী প্ৰশাসনে এনে মাতাল যুৱক-যুৱতী আৰু অবৈধ সুৰাৰ বেহা চলোৱা বাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বুধবাৰে নিশা মহানগৰীৰ ছয়মাইলস্থিত 'নাটছ এণ্ড ব্ৰিউ' বাৰত সুৰামত্ত যুৱক-যুৱতীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। এই ঘটনাক লৈ বাৰখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় এজন যুৱকে বাৰৰ কৰ্মচাৰীসকলক এই সন্দৰ্ভত অৱগত কৰে যদিও বাৰৰ বিৰুদ্ধে অনা অভিযোগৰ বাবে যুৱকজন ৰোষত পৰে। উল্লেখ্য যে 'নাটছ এণ্ড ব্ৰিড' বাৰত উদণ্ড যুৱক-যুৱতীয়ে সুৰা সেৱন কৰি মাৰপিটত লিপ্ত হৈছিল। কিন্তু বাৰখনৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো দিছপুৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে।