যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অৱসান অসমৰ বাবে প্ৰত্যাহ্বান
ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্য চৰকাৰসমূহতকৈ অধিক৷ গতিকে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰকৃতাৰ্থত নিভাঁজ যুক্তৰাষ্ট্ৰীয় বা ফেডাৰেল ব্যৱস্থা নহয়, ইয়াৰ কিছু বৈসাদৃশ্য আছে৷ যুক্তৰাষ্ট্ৰ শব্দটোৰ অৰ্থ হ’ল বহু ৰাষ্ট্ৰ লগ হৈ গঠন কৰা ৰাষ্ট্ৰ৷ সেই অৰ্থত ভাৰতৰ ৰাজ্যবোৰৰ মৰ্যাদা আৰু অধিকাৰ একোখন ৰাষ্ট্ৰৰ দৰে নহয়৷ স্বাধীন ভাৰতৰ সংবিধানখন এনেদৰে প্ৰণয়ন কৰা হৈছিল যাতে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্যবোৰৰ তুলনাত বহু বেছি হয়৷
কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন হ’লে ৰাজ্যৰ নিৰ্বাচিত চৰকাৰ এখন ভংগ কৰি ৰাজ্য এখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে৷ অৰ্থাৎ ৰাজ্য এখনৰ জনগণৰ ৰায় অবিহনে সেই জনগণে নিৰ্বাচিত কৰা চৰকাৰ এখন কেন্দ্ৰীয় চৰকাৰে ভাঙি দি ৰাজ্যখনৰ শাসনভাৰ কেন্দ্ৰৰ নিয়ন্ত্ৰণলৈ আনিব পাৰে৷ নামত ইয়াক ৰাষ্ট্ৰপতিৰ শাসন বুলি কোৱা হয় যদিও ই হ’ল ৰাজ্যৰ ওপৰত কেন্দ্ৰৰ প্ৰত্যক্ষ শাসন৷ এই কামটোৰ বাবে প্ৰধান ভূমিকা পালন কৰে ৰাজ্যপালজনে৷ ৰাজ্যপালজনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে [আচলতে কেন্দ্ৰীয় চৰকাৰে] ৰাজ্য এখনৰ নিৰ্বাচিত চৰকাৰখন বৰ্খাস্ত কৰে৷ এই ৰাজ্যপালজনক আকৌ নিয়োগ কৰে কেন্দ্ৰীয় চৰকাৰে৷ ৰাজ্য এখনৰ জনগণৰ ৰাজ্যপাল নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ভূমিকা নাথাকে৷ ৰাজ্যপালজন হ’ল কেন্দ্ৰৰ প্ৰতিনিধি৷
ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ অধিকাৰ আৰু ৰাজ্যপাল নিয়োগৰ অধিকাৰ এই দুটা ক্ষমতাৰ বাবে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সম্পৰ্ক সমমৰ্যাদা আৰু সমঅধিকাৰৰ নহয়৷ বৰং এই সম্পৰ্ক হ’ল মালিক আৰু কৰ্মচাৰীৰ৷ বহু সময়ত দেখা গৈছে যে যেতিয়াই কোনো ৰাজ্যত কেন্দ্ৰত শাসনাধিষ্ঠিত দলৰ নহৈ বিৰোধী দলৰ চৰকাৰ থাকে, তেতিয়া তেনে ৰাজ্য চৰকাৰৰ সৈতে ৰাজ্যপালৰ সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ হৈ নাথাকে আৰু প্ৰায়ে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজত খকা-খুন্দা লাগি থাকে৷ ভাৰতত ৰাজ্যপালৰ বিৰুদ্ধে কেন্দ্ৰৰ শাসনাধিষ্ঠিত দলটোৰ ৰাজনৈতিক স্বাৰ্থ ৰাজ্যখনত মজবুত কৰাৰ কামত নিযুক্ত হোৱা বুলি বহু অভিযোগ উত্থাপন হৈ আহিছে৷ ইন্দিৰা গান্ধীৰ শাসন কালত বহু ৰাজ্যপালে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ দৰে কাম কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷ এতিয়া ভাৰতৰ বিৰোধী দলৰ চৰকাৰ থকা বহু ৰাজ্যত ৰাজ্যপালসকলে বিজেপিৰ এজেণ্টৰ দৰে কাম কৰা বুলি অভিযোগ উত্থাপন হৈছে৷
ভাৰতৰ নিম্ন সংসদ, লোকসভাত উত্তৰ প্ৰদেশৰ ৮০জন সাংসদ আছে৷ সেই সংসদত মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ সাংসদৰ সংখ্যা এজনকৈ৷ অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু গোৱাৰ দুজনকৈ৷ অসমৰ সাংসদৰ সংখ্যা ১৪জন৷ অৰ্থাৎ ভাৰতৰ সংসদৰ প্ৰতিনিধিত্ব জনসংখ্যাৰ ওপৰত নিৰ্ভৰশীল৷ গতিকে উত্তৰ, মধ্য, পশ্চিম ভাৰতৰ জনবহুল ৰাজ্যকেইখনেই প্ৰধানকৈ কেন্দ্ৰত কোন দলৰ চৰকাৰ গঠন হ’ব, তাক নিৰ্ণয় কৰে৷ গতিকে জনবহুল ৰাজ্যকেইখনে অধিক গুৰুত্ব পোৱাটো স্বাভাৱিক৷ এয়া কিন্তু প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিচায়ক নহয়৷ বৰ্তমান অসমত চৰ্চা হৈ থকা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৱে আৰু অধিক মাৰাত্মক ৰূপ ধাৰণ কৰিব যেতিয়া জনসংখ্যাৰ ভিত্তিত লোকসভাৰ সমষ্টিৰ সংখ্যা বঢ়োৱাৰ সিদ্ধান্ত হ’ব৷ এতিয়ালৈ সমষ্টিৰ সংখ্যা একে ৰাখি মাত্ৰ সমষ্টিবোৰৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে৷ যিদিনা সমষ্টিৰ সংখ্যা বাঢ়িব উত্তৰ ভাৰতৰ হিন্দী বলয়ৰ ৰাজ্যকেইখনৰ লোকসভাৰ আসনৰ সংখ্যা দক্ষিণ ভাৰত আৰু উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ আসনৰ তুলনাত এতিয়াতকৈও অধিক অসামানুপাতিক হাৰত বাঢ়িব৷ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু অধিক প্ৰত্যাহ৩ানৰ সন্মুখীন হ’ব৷
প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অংশীদাৰ হোৱাৰ ফলত সকলো সদস্য ৰাজ্য বা ৰাষ্ট্ৰ নিজেও শক্তিশালী হয় আৰু সি যুক্তৰাষ্ট্ৰীয় সংঘটোকো শক্তিশালী কৰি তোলে৷ যদি কোনো সদস্য ৰাজ্য বা ৰাষ্ট্ৰই যুক্তৰাষ্ট্ৰীয় সংঘটোক দুৰ্বল কৰি তোলে বা নিজে দুৰ্বল হৈ পৰে, তেনেহ’লে সেই যুক্তৰাষ্ট্ৰক সফল বুলিব নোৱাৰি৷ শিকলি এডালৰ শক্তি নিৰ্ভৰ কৰে সেইডালৰ আটাইতকৈ দুৰ্বল অংশটোৰ বা আঙঠিটোৰ শক্তিৰ ওপৰত৷ এটা আঙঠি দুৰ্বল হ’লে শিকলিডাল ঠিক সেইখিনিতেই ছিগি যায়৷ যুক্তৰাষ্ট্ৰৰ সফলতাৰ বাবে আটাইতকৈ দুৰ্বল সদস্যবোৰক আটাইতকৈ সবল সদস্যবোৰৰ সমানেই শক্তিশালী কৰা অত্যন্ত জৰুৰী৷
স্বাধীনতাৰ পিছৰে পৰাই অসমৰ মানুহে, উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে কেন্দ্ৰৰ মাহী আইৰ দৃষ্টি সন্দৰ্ভত আপত্তি দৰ্শাই আহিছে৷ ভাৰতৰ উন্নত ৰাজ্যবোৰ উন্নত হৈ গৈ আছে আৰু অনুন্নত ৰাজ্যবোৰৰ স’তে থকা বৈষম্য দিনক দিনে বাঢ়ি গৈ আছে৷
দুৰ্বল ৰাজ্যবোৰ নিজে বৰ্তি থাকিবৰ বাবে সম্পূৰ্ণৰূপে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল৷ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুৰ্বল ৰাজ্যবোৰৰ মৰ্যাদা প্ৰায় তলতীয়া কৰ্মচাৰীৰ দৰে৷
দক্ষিণৰ ৰাজ্যসমূহে আন একধৰণৰ সমস্যাৰ সন্মুখীন হয়৷ তেওঁলোকৰ অভিযোগ যে তেওঁলোকে কেন্দ্ৰৰ ভঁৰাললৈ যিমান বৰঙিণ আগবঢ়ায়, কেন্দ্ৰৰ পৰা বিনিময়ত সিমানখিনি নাপায়৷ অধিক জনসংখ্যাৰ উত্তৰ-মধ্য ভাৰতৰ ৰাজ্যসমূহে কিন্তু কেন্দ্ৰলৈ যিমান বৰঙিণ আগবঢ়ায়, তাতকৈ বেছিকৈ পায়৷
সকলো ৰাজ্যৰ সমবিকাশ আৰু সকলো ৰাজ্যৰ সমৰ্যাদা ভাৰতীয় যুক্তৰাষ্ট্ৰক শক্তিশালী ৰূপত বৰ্তাই ৰখাৰ বাবে অপৰিহাৰ্য৷ ইয়াৰ বিপৰীতে বৰ্তমানৰ বিজেপি চৰকাৰে ভাৰতৰ বিবিধতাক খাৰিজ কৰি এক ভাৰতীয় জাতি, এক ভাৰতীয় ৰাষ্ট্ৰ গঢ়াৰ লক্ষ্যতহে আগবাঢ়িছে৷ ইয়াৰ ফলাফল সময়ত দেখা যাব, কিন্তু বৰ্তমান ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক শক্তিশালী কৰাৰ চিন্তাই বিশেষ গুৰুত্ব লাভ কৰা নাই৷ এনে পৰিস্থিতিত অসমৰ দৰে দুৰ্বল, কম জনসংখ্যাৰ ৰাজ্যবোৰ ৰাজনৈতিকভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷






