Logo
image

সমৰ্থন-অসন্তুষ্টিৰ মাজতে আয়োগৰ শুনানি সমাপ্ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুলাইঃ ৰাজ্যৰ লোকসভা আৰু বিধানসভাৰ সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰসংগত দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগে ১৯ জুলাইৰ পৰা অনুষ্ঠিত কৰা তিনিদিনীয়া ৰাজহুৱা শুনানিৰ কালি অন্ত পৰে৷ সমৰ্থন অসন্তুষ্টিৰ মাজতে শুকুৰবাৰে ৰাজ্যৰ বাকী থকা ৯খন জিলা ক্ৰমে তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলী জিলাৰ বাবে শুনানি অনুষ্ঠিত হয়৷  পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত শুনানিত ৭০ৰো অধিক দল-সংগঠন তথা ব্যক্তি বিশেষে অংশগ্ৰহণ কৰে৷ যোৱা তিনি দিনত আয়োগে ১২০০ৰো অধিক প্ৰতিনিধিত্ব আৰু কুৰিটাতকৈ অধিক ৰাজনৈতিক দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি শুনানি গ্ৰহণ কৰে৷ তিনিদিনীয়া মাৰাথন শুনানি সম্পূৰ্ণ কৰি আজি সন্ধিয়া ৬ বজাত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলকলৈ গঠিত পূৰ্ণাংগ আয়োগ নতুন দিল্লী অভিমুখে উৰা মাৰে৷ উল্লেখ্য, তিনিদিনীয়া শুনানি কামত ৰাজ্যৰ দল-সংগঠনৰ তথা ব্যক্তি বিশেষে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সপক্ষে বিপক্ষে নিজ নিজ যুক্তি দাঙি ধৰে৷ কংগ্ৰেছসহ সংযুক্ত বিৰোধী মঞ্চই স্পষ্ট ভাষাৰে উচ্ছতম ন্যায়ালয়ত তৰা গোচৰৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰখাৰ দাবী জনায়৷ শাসকীয় বিজেপি সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি জনায়৷ মিত্ৰ দল অগপয়ো সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানিত বিজেপিৰ সুৰতেই সুৰ মিলায়৷ আনহাতে, ইউ পি পি এলে এবছু তথা আন বড়ো সংগঠনৰ দৰে ওদালগুৰি লোকসভা সমষ্টি গঠন তথা বিটিএডিৰ ১৫টা বিধানসভা সমষ্টিৰ সৰ্বাধিক এছ টি ৰ বাবে সংৰক্ষণৰ দাবী তোলে৷ শুনানিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিও ৰাইজৰ দলৰ সভা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়–‘গালোঁ বালোঁ খোলাকটিৰ পৰিল তান৷’ ইফালে শুনানিত ভাগ লৈ সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বই চৰ্ত সাপেক্ষে খচৰাৰ সমৰ্থনৰ কথা পুনৰবাৰ দোহাৰে৷ ৰাষ্ট্ৰীয় দলৰ প্ৰতিনিধি-আম আদমী পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টী [মাক্সৰ্বাদী], ভাৰতীয় জনতা পাৰ্টি, ৰাজ্যিক দলসমূহ- অলইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট, অসম গণ পৰিষদ, ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে আয়োগৰ সন্মুখত তেওঁলোকৰ মতামত আৰু পৰামৰ্শ দাঙি ধৰে৷ শুনানি প্ৰক্ৰিয়াত সংযুক্ত বিৰোধী মঞ্চ অসম [অসম প্ৰদেশ কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চিপিএম, ৰাইজৰ দল, চিপিআই, জাতীয় দল অসম, এনচিপি, আৰজেডি, জনতা দল [ইউ], টিএমচি, চিপিআই [এমএল] আৰু অন্যান্য] আৰু কেইবাটাও পঞ্জীভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলেও অংশগ্ৰহণ কৰে৷ নিৰ্বাচন আয়োগে এক বিবৃতিৰ জৰিয়তে ৰাজহুৱা শুনানিৰ বাবে লাভ কৰা আৰ্জিসমূহৰ কিছুমান মুখ্য বিশেষত্বৰ বিষয়ে এনেদৰে উল্লেখ কৰে– ‘অনুসূচিত জাতিৰ বাবে বিধানসভাৰ আসন ৮ৰ পৰা ৯ লৈ আৰু অনুসূচিত জনজাতিৰ বাবে ১৬-১৯ লৈ বৃদ্ধি কৰা কাৰ্যক বিভিন্ন সংগঠনে ব্যাপকভাৱে আদৰণি জনাইছিল৷ কেইবাটাও সংগঠনে ২০০১ চনৰ লোকপিয়লৰ ওপৰত আধাৰিত খচৰা প্ৰস্তাৱক আদৰণি জনাইছিল আৰু সমষ্টিৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱত বিশেষ সন্তুষ্টি প্ৰকাশ কৰিছিল৷ বড়োলেণ্ডৰ চাৰিখন জিলা আৰু তিনিখন পাহাৰীয়া স্বায়ত্তশাসিত পৰিষদীয় জিলাৰ জনসাধাৰণ আৰু সংগঠনসমূহে এই প্ৰস্তাৱক আদৰণি জনাইছে৷ অৱশ্যে, বৃহৎ পাহাৰীয়া ভৌগোলিক এলেকা আৰু কম জনবসতিপূৰ্ণ বাসস্থানৰ বাবে ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত বিধানসভা আসন আৰু অধিক বৃদ্ধিৰ দাবী আছিল৷ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াৰ লোকসকলে ওদালগুৰি আৰু বাগ্‌সা জিলাৰ বাবে আৰু এটা অনুসূচিত জনজাতিৰ সংসদীয় আসন সৃষ্টিৰ দাবী জনাইছিল৷ যদি সেইটো সম্ভৱ নহয় তেন্তে দৰং সংসদীয় সমষ্টিৰ নাম ওদালগুৰি কৰিবলৈ দাবী তোলে৷  বৰাক উপত্যকাৰ কিছুসংখ্যক প্ৰতিনিধিত্বই কৰিমগঞ্জ সংসদীয় সমষ্টিৰ সংৰক্ষণ নোহোৱা কৰা কাৰ্যক আদৰণি জনাইছে৷ অৱশ্যে, বৰাক উপত্যকাৰ কেইবাটাও প্ৰতিনিধিত্বই উপত্যকাৰ বিধানসভা আসনসমূহ ১৩ ৰ পৰা ১৫ কৰাৰ বাবে দাবী কৰে৷  খচৰা প্ৰস্তাৱক আদৰণি জনোৱাৰ সময়ত বহুতো সংগঠনে ঐতিহাসিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু জাতিগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি কিছুমান সংসদীয় আৰু বিধানসভা সমষ্টিৰ নাম পৰিৱৰ্তনৰ বাবে অনুৰোধ জনাইছিল৷ তাৰ ভিতৰত নৰসিংপুৰ বিধানসভা সমষ্টি ধলাই, গোবৰ্ধন বিধানসভা সমষ্টি মানস, দৰং সংসদীয় সমষ্টি দৰং-ওদালগুৰি, বটদ্ৰৱা বিধানসভা সমষ্টি ধিং, বদৰপুৰ বিধানসভা সমষ্টি উত্তৰ কৰিমগঞ্জ, উত্তৰ কৰিমগঞ্জক দক্ষিণ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জক পাথাৰকান্দি, ৰাতাবাৰীক ৰামকৃষ্ণ নগৰ, মৰাণ বিধানসভা সমষ্টিক খোৱাং, ডিমা হাচাওক হাফলং, হাজোক হাজো-শুৱালকুছি, ভৱানীপুৰ বিধানসভা সমষ্টিক ভৱানীপুৰ-সৰভোগ, চাবুৱা বিধানসভা সমষ্টিক চাবুৱা-লাহোৱাল আৰু আলগাপুৰ বিধানসভা সমষ্টিক আলগাপুৰ-কাটলিচেৰা কৰিবলৈ অনুৰোধ জনায়৷ নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাৰ জিলা কেইখনৰ কেইটামান সংগঠনেও সমষ্টিসমূহৰ সংহততা, নিৰন্তৰতা বজাই ৰখাৰ লগতে যিমান দূৰ সম্ভৱ প্ৰশাসনিক গোটসমূহ অক্ষুণ্ণ ৰাখিবলৈ অনুৰোধ জনাইছে৷ এই মাপকাঠিবোৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কেইখনমান গাওঁযপঞ্চায়তক এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিছে৷ সৰ্বাধিক সংখ্যক প্ৰতিনিধিত্ব এখন বা দুখন গাওঁ পঞ্চায়তক এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ কৰাৰ প্ৰকৃতিৰ৷  শিৱসাগৰ জিলাৰ বহুলোকে ঠাইখনৰ ঐতিহাসিক আৰু ৰাজনৈতিক তাৎপৰ্য উল্লেখ কৰি তেওঁলোকৰ জিলাত আমগুৰি বিধানসভা সমষ্টি বাহাল ৰখাৰ বাবে প্ৰতিবেদন দাখিল কৰে৷ কিছুসংখ্যক প্ৰতিনিধিয়ে পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময় সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে আন কিছুমানে গ্ৰহণ কৰা পদ্ধতিৰ বিষয়ে ভালদৰে বুজিবলৈ ইয়াৰ স্থগিতাদেশ বিচাৰিছিল৷ ভৌগোলিক বৈশিষ্ট্য, দূৰত্ব, ঐতিহাসিক গুৰুত্ব আদিৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট গাঁও, খণ্ডৰ ওপৰত গুৰুত্ব দিয়া কেইবাটাও প্ৰতিনিধিত্ব আছিল৷  বহুক্ষেত্ৰত নদী আদিৰ দৰে প্ৰাকৃতিক বাধাৰ সৈতে সম্পৰ্কিত কিছুমান বিষয়ত আয়োগৰ দৃষ্টিগোচৰ কৰা হৈছিল আৰু আয়োগে সঠিক মানচিত্ৰৰ সৈতে তথ্যগত বিৱৰণ বিচাৰি সংশ্লিষ্ট জিলা দণ্ডাধীশসকলক ঘটনাস্থলীতে নিৰ্দেশনা দিছিল, যাতে উত্থাপিত বিষয়বোৰৰ ওপৰত এক বিবেচনামূলক দৃষ্টিভংগী ল’ব পৰা যায়৷ বহুতো প্ৰতিনিধিত্বত সম্পূৰ্ণৰূপে প্ৰক্ৰিয়াৰ বাহিৰৰ বিষয়বোৰ উত্থাপন কৰা হৈছিল৷ যদিও বেছিভাগ প্ৰতিনিধিত্ব লিখিতভাৱে আগতীয়াকৈ লাভ কৰা হৈছিল আৰু গোটবোৰে পৰ্দাত তাৰ সাৰাংশ চাবলৈ সক্ষম হৈছিল, আয়োগে নতুন গোটবোৰকো তেওঁলোকৰ কথা ক’বলৈলৈ অনুমতি দিছিল৷ সন্মিলিত বিৰোধী মঞ্চ অসমে আয়োগক অৱগত কৰে যে তেওঁলোকে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে আৰু বিষয়টো অহা ২৫ জুলাইত শুনানিৰ বাবে উচ্ছতম ন্যায়ালয়ত তালিকাভুক্ত কৰা হৈছে৷’ আয়োগে সাংবিধানিক আৰু আইনী ব্যৱস্থা, বৈশিষ্ট্য, জনসংখ্যাৰ ঘনত্ব, প্ৰশাসনিক গোটৰ বিদ্যমান সীমা, যোগাযোগৰ সুবিধা আৰু ৰাজহুৱা সুবিধা আৰু ২০২৩ৰ মাৰ্চত পৰামৰ্শমূলক অনুশীলনৰ পিছত লাভ কৰা পৰামৰ্শৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰস্তাৱৰ খচৰাৰ বাবে বিতং নিৰ্দেশনা আৰু পদ্ধতি প্ৰস্তুত কৰিছে৷ [বিৱৰণঃ https//eci.gov.in/files/file/১৫০৫০-eci-publishes-draft-delimitation-proposal-for-assam-suggestions-objections-invited-till-july-১১-২০২৩] যোৱা তিনি দিনত অনুষ্ঠিত ৰাজহুৱা সভাৰ সময়ত, আয়োগে ধৈৰ্য্যসহকাৰে বিভিন্ন শ্ৰেণীৰ সমাজ আৰু সংগঠনৰ সকলো প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰিছে আৰু সাংবিধানিক আৰু আইনী ব্যৱস্থাৰ ভিতৰত সকলো প্ৰতিনিধিত্বৰ যথাযথ বিবেচনাৰ আশ্বাস দিয়ে৷ নিৰ্বাচন আয়োগে বিভিন্ন বিষয়ত তেওঁলোকৰ বিৰোধী দাবীসমূহ বিতং যুক্তিৰ সৈতে সন্মানজনক আৰু তৰ্ক-বিতৰ্ক বা শত্ৰুতা সৃষ্টি নকৰাকৈ বন্ধুত্বপূৰ্ণভাৱে উপস্থাপন কৰাৰ সামৰ্থ্যৰ প্ৰশংসা কৰে৷ মুখ্য নিৰ্বাচনী বিষয়া কুমাৰে লগতে কয় যে এই মনোভাৱ গঠনমূলক আৰু মুক্ত আলোচনা বাবে অনুকূল, যাৰ ফলত বিভিন্ন দৃষ্টিভংগীৰ বুজিবলৈ সুবিধা হয়৷ উল্লেখ্য যে আয়োগে চলিত বৰ্ষৰ চ্ছ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ অসমলৈ আহিছিল আৰু ৰাজ্যখনত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়া, সকলো জিলাৰ উপায়ুক্ত আৰু জিলা নিৰ্বাচন বিষয়াকে ধৰি ৰাজ্যখনৰ ৰাজনৈতিক দল, জনপ্ৰতিনিধি, নাগৰিক সমাজ, সামাজিক সংগঠন, জনসাধাৰণ আৰু প্ৰশাসনৰ বিষয়াসকলৰ সৈতে ব্যক্তিগতভাৱে বাৰ্তালাপ কৰিছিল৷ মাৰ্চত এই আলোচনা অনুষ্ঠিত হোৱাৰ পিছত ১১টা ৰাজনৈতিক দল আৰু আন ৭১টা সংগঠনৰ পৰা আৰ্জি লাভ কৰা হৈছিল আৰু বিবেচনা বাবে গ্ৰহণ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত, আয়োগে এই সকলোবোৰ আৰ্জি গুৰুত্বসহকাৰে নিৰীক্ষণ কৰিছিল আৰু অন্যান্য বিষয়ৰ লগতে নিম্নলিখিত মুখ্য পৰামৰ্শবোৰ সামৰি লৈছিল– ‘২০০১ চনৰ লোকপিয়লৰ আধাৰত সীমানিৰ্ধাৰণ, কিছুমান গোট ইয়াৰ পক্ষত আছিল আৰু কিছুমান ইয়াৰ বিৰুদ্ধে আছিল৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৰূপায়ণৰ সময়ত ৰাজ্যখনৰ জনগাঁথনিগত আৰ্হিৰ পৰিৱৰ্তনৰ ওপৰত চকু দিব লাগে৷ অসমৰ কিছুমান জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ কম হোৱাৰ বিপৰীতে কিছুমান জিলাত ই অস্বাভাৱিকভাৱে অধিক৷ জনসংখ্যা বৃদ্ধিৰ হাৰ নিম্ন জিলাসমূহক ভুক্তভোগী কৰিব নালাগে আৰু এই জিলাসমূহত আসনৰ সংখ্যা হ্ৰাস কৰিব নালাগে৷ প্ৰয়োজন অনুসৰি সাধাৰণ নিয়মৰ তুলনাত কমেও ২৫ শতাংশ তাৰতম্যৰ অনুমতি দিব লাগে, যাতে কোনো সামাজিক গোটে অপৰ্যাপ্ত প্ৰতিনিধিত্বৰ বাবে বিচ্ছিন্ন অনুভৱ নকৰে৷ এই প্ৰক্ৰিয়াৰ সময়ত অসমৰ বিভিন্ন ভৌগোলিক বৈশিষ্ট্যৰ কথাও গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগে৷ এই অনুশীলনত অসমৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে৷  উজনি অসমত কম জনগাঁথনিগত পৰিৱৰ্তনৰ কথা বিবেচনা কৰি উজনি অসমৰ আসন হ্ৰাস কৰিব নালাগে কিয়নো যিসকলে ৰাষ্ট্ৰীয় জন্ম নীতি অনুসৰণ কৰি আছে তেওঁলোকে ক্ষতিগ্ৰস্ত হ’ব নালাগে৷ নামনি অসমত জনসংখ্যাৰ গাঁথনি অধিক যিটো আয়োগে গুৰুত্বসহকাৰে চোৱা উচিত৷ উজনি অসমত ধেমাজি আৰু জোনাই বিধান সভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰাখিব লাগে৷ একেসময়তে ধেমাজি জিলাৰ সকলো আসন সংৰক্ষিত ৰাখিব নালাগে বুলিও দাবী উত্থাপিত হৈছিল৷  কামৰূপ জিলাত অনুসূচিত জনজাতিৰ বাবে এখন আসন সংৰক্ষিত থাকিব লাগে৷ কামৰূপ জিলাত চমৰিয়া নামেৰে এটা নতুন বিধান সভা সমষ্টি গঠনৰ দাবী উত্থাপন হৈছিল৷ গোৱালপাৰা জিলাত দুধনৈ সমষ্টি এছটিৰ বাবে সংৰক্ষিত ৰাখিব লাগে বুলি দাবী উত্থাপন হৈছে৷  বিটিএডিত অনুসূচীত জনজাতিৰ আসনৰ সংখ্যা অক্ষুণ্ণ থাকিব লাগে আৰু কোকৰাঝাৰ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত থাকিব লাগে৷ বড়োলেণ্ডত বিধানসভা সমষ্টিৰ সংখ্যা বৃদ্ধি হ’ব লাগে৷ ভৈয়ামৰ অনুসূচিত জনজাতিৰ জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৈয়ামত অনুসূচিত জনজাতিৰ আসনৰ সংখ্যা বৃদ্ধি হ’ব লাগে৷ পশ্চিম কাৰ্বি-আংলং জিলাত যিহেতু বৰ্তমান এটাহে বিধানসভা সমষ্টি আছে সেয়েহে জিলাখনত আসনৰ সংখ্যা বৃদ্ধি হ’ব লাগে৷ স্থানীয় বিষয় ভিত্তিক কিছুমান পৰামৰ্শও আহিছে, যেনে- কিছুমান অঞ্চল বিশেষ এটা সমষ্টিৰ সৈতে সংলগ্ন কৰা, এটা সমষ্টিত কিছুমান অঞ্চলৰ সঘনতা, সমষ্টি সালসলনিৰ ক্ষেত্ৰত বিশেষ সম্প্ৰদায়ৰ কথা বিবেচনা কৰা ইত্যাদি৷ এইবোৰ পৰামৰ্শ আৰু সাংবিধানিক তথা আইনগত বিধানৰ আধাৰত ভাৰতৰ নিৰ্বাচন আয়োগেজন প্ৰতিনিধিত্ব আইন ১৯৫০-ৰ ৮-ক ধাৰাৰ অধীনত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্পৰ্কত খচৰা প্ৰস্তাৱ প্ৰকাশ কৰে৷ এই খচৰা প্ৰস্তাৱ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজপত্ৰৰ জৰিয়তে যোৱা ২০ জুনত অধিসূচিত কৰা হয়৷ সেই অনুসৰি আয়োগে যোৱা ১১ জুলাইৰ ভিতৰত আপত্তি আৰু পৰামৰ্শ আহ্বান কৰি ৰাজহুৱা জাননী জাৰী কৰে৷ আয়োগে এই সম্পৰ্কত বিভিন্ন ৰাজনৈতিক দল, সামাজিক সংগঠন আৰু নাগৰিক সমাজৰ পৰা আপত্তি আৰু পৰামৰ্শ গ্ৰহণ কৰে৷ এনেদৰে নিৰ্ধাৰিত সময়ত আপত্তি আৰু পৰামৰ্শ দাখিল কৰা ৰাজনৈতিক দল, সামাজিক সংগঠন আৰু নাগৰিক সমাজৰ সৈতে গুৱাহাটীত বৈঠক অনুষ্ঠিত কৰি শুনানি গ্ৰহণ কৰাৰ বাবে ১৯-২১ জুলাই ২০২৩১ দিন ধাৰ্য কৰা হয়৷ এই পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱে বৰ্তমানৰ লোকসভাৰ আসনৰ সংখ্যা ১৪টা আৰু বিধানসভা সমষ্টিৰ সংখ্যা ১২৬ টাকে বাহাল ৰাখিব বিচাৰিছে৷  অনুসূচিত জনজাতিৰ বাবে ৰাজ্য বিধানসভাত ১৯খন আসন আৰু লোকসভাত ২খন আসন সংৰক্ষণ কৰিব বিচাৰিছে৷ অনুসূচিত জাতিৰ বাবে বিধানসভাত ৯খন আৰু লোকসভাত ৰখন আসন সংৰক্ষণ কৰিব বিচাৰিছে৷ অসমত ১৯৭৬ চনত শেষ বাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল৷