Logo
image

উক্তি-বক্ৰোক্তি

সেউজ উন্নয়ন আৰু শক্তিৰ পৰিৱৰ্তনৰ বাবে ভাৰতে অহৰহ চেষ্টা চলাই আছে৷ ভাৰত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ আৰু একেলগে দ্ৰুত উন্নয়নৰ অৰ্থনীতিও৷ তথাপি আমি জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ পূৰ্ণাংগ ৰূপত কাৰ্যকৰী কৰি আছে৷ 

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


শেহতীয়াকৈ ভাৰতত ‘দ্য কাশ্মীৰ  ফাইল্‌ছ’, ‘টাচকেণ্ট ফাইল্‌ছ’, ‘দ্য কেৰালা ষ্টৰী’ৰ দৰে ছবি নিৰ্মাণ হৈ আছে৷তেওঁলোকে এইবাৰ ‘মণিপুৰ ফাইল্‌ছ’ নামৰ ছবি নিৰ্মাণ কৰক৷

 – শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে


প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগ, ৰাজস্থান, ছত্তীশগড়ক অপযশ দিয়ে, মণিপুৰক নিদিয়ে৷ বিজেপিয়ে বেটী বচাও, বেটী পঢ়াও শ্লোগান দিয়ে৷ মণিপুৰৰ ঘটনা দেখি বিজেপিয়ে এতিয়া বেটী জ্বলাও শ্লোগান দিব লাগে৷

– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী


ভিডিঅ’টো আগতেই ওলাইছিল৷ সংসদৰ অধিৱেশনৰ এদিন পূৰ্বে ভিডিঅ’টো কেনেকৈ ‘লীক’ হ’লঞ্জ ইয়াত ৰাজনীতি জড়িত হৈ আছে৷ এইটো এটা দুখ লগা ঘটনা৷ কিন্তু এনে এটা ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে যেন মণিপুৰত এনে ঘটনা সদায় ঘটি থাকে৷ কিন্তু ধৰ্ষণৰ ঘটনা মণিপুৰৰ তুলনাত পশ্চিমবংগ, ৰাজস্থান, ছত্তীশগড়ত বেছি সংঘটিত হয়৷ 

– হিমন্ত বিশ্ব শৰ্মা


মমতা বেনাৰ্জীয়ে সমগ্ৰ দেশক নেতৃত্ব দিব৷ অভিষেক¸ বেনাৰ্জীয়ে এতিয়াৰ পৰা বাংলাক নেতৃত্ব দিব৷ 

– তৃণমূলৰ প্ৰবীণ সাংসদ সুদীপ বেনাৰ্জী


খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষাৰ যুঁজ চলাই আছোঁ৷ চলাই থাকিম৷ আমি দেশপ্ৰেমিক৷ 

– সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য


বিজেপি আৰু আৰ এছ এছ য’ত থাকে, তাত ধৰ্মৰ ভিত্তিত সংঘৰ্ষ আৰু সংঘাত লগাবই৷ মণিপুৰতো পৰিকল্পিতভাৱে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰা হৈছে৷ জাতি আৰু জাতিৰ মাজত সংঘৰ্ষ লগোৱাৰ ব্যৱস্থা বন্ধ কৰিব লাগে৷ 

– বিধায়ক অখিল গগৈ


চীনৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰক উত্তৰ-পূৰ্বাঞ্চল লাগে৷ কিন্তু আমাৰ জনতা যেতিয়া সংকটত পৰে, তেতিয়া কেন্দ্ৰীয় চৰকাৰে নীৰৱতা অৱলম্বন কৰে৷ অষ্টলক্ষ্মীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আচৰণ দেখি হতবাক হৈছোঁ৷ 

– অজাপৰ মুৰব্বী লুৰীণজ্যোতি গগৈ


মণিপুৰৰ ঘটনাৰ বহু ভিডিঅ’ আৰু বহু অভিযোগ আহি আছিল৷ কোনটো সঁচা, কোনটো মিছা সেয়া ঠাৱৰ কৰা কঠিন হৈ পৰিছিল৷ আমি তিনিগৰাকী মহিলাক নিৰ্যাতন কৰাৰ ভিডিঅ’ সন্দৰ্ভত মণিপুৰ চৰকাৰৰ বিষয়াক প্ৰশ্ন কৰিছিলোঁ৷ কিন্তু তেওঁলোকে সঁহাৰি নজনালে৷

– ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মা