Logo
image

প্ৰথমবাৰৰ বাবে আমেৰিকাৰ নৌসেনাৰ মুৰব্বী হ’ব মহিলা

নিউয়ৰ্ক, ২৩ জুলাইঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ মুৰব্বী ৰূপে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক মনোনীত কৰা হৈছে৷ ৰাষ্ট্ৰপতি জো বাইডেনে মনোনীত কৰা এই মহিলাগৰাকী হৈছে লিছা ফ্ৰেংকাটি৷ ছিনেটৰ অনুমোদন পালেই লিছা ফ্ৰেংকাটি হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ প্ৰথমগৰাকী মহিলা মুৰব্বী৷ ৰাষ্ট্ৰপতি বাইডেনৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি স্বাভাৱিকতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে৷ তদুপৰি এগৰাকী মহিলাই কেনেদৰে আমেৰিকাৰ দৰে দেশ এখনৰ বিয়াগোম নৌসেনা বাহিনীক পৰিচালনা কৰিবলৈ সক্ষম হ’ব তাক লৈয়ো উত্থাপন হৈছে প্ৰশ্নৰ৷