Logo
image

তৰালি শৰ্মাৰ কণ্ঠত ‘ডেউকা’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৩ জুলাইঃ তৰালি শৰ্মা৷ নামেই যাৰ পৰিচয়৷ অসমৰ সংগীত জগতত বিশেষ স্থান লাভ কৰা তৰালি শৰ্মাৰ কণ্ঠৰ এটি গীত শনিবাৰে মুকলি কৰা হয়৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্টুপীয়া গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তৰালি শৰ্মাৰ ‘ডেউকা’ ছিৰিজৰ শীৰ্ষগীতটো মুকলি কৰা হয়৷ ‘ডেউকা মেলি উৰে সাঁচি ৰখা বহু কথা...’ শীৰ্ষক গীতটোৰ উন্মোচনী অনুষ্ঠানত বহুসংখ্যক সাংবাদিকৰ লগতে সাংস্কৃতিক ক্ষেত্ৰৰ বহু লোক উপস্থিত থাকে৷ গীতটোৰ ৰচনা ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰ৷ আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, গায়ক গৌতম শৰ্মাই লিখা আৰু তৰালি শৰ্মাই গোৱা ‘অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে...’, ‘হেঙুলীয়া সপোনে, সঁজতুৱা মৰমে...’ ‘জীয়া জোনাকী পৰুৱা, তোমাকে মোকে জোকোৱা...’ আদি গীতে ইতিমধ্যে ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিছে৷ উল্লেখ্য, বহুদিন ধৰি তৰালি শৰ্মাৰ ‘ডেউকা’ৰ অপেক্ষাত আছিল সংগীতপ্ৰেমী৷ ২০০৩ চনত মঞ্জু বৰা পৰিচালিত ‘আকাশীতৰাৰ কথাৰে’ নামৰ চিনেমাৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ   ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তৰালি শৰ্মাৰ দীৰ্ঘদিনীয়া কষ্টৰ ফচল ‘ডেউকা’ এলবামটোৰ প্ৰথমটি গীত ‘মাতিলেই নামি অহা জোনাক’ক ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে৷ ‘উইণ্ডছংছ’ৰ বেনাৰত নিৰ্মাণ কৰা ‘ডেউকা’ এলবামৰ দ্বিতীয়টি গীত ‘ডেউকা মেলি দিলোঁ’ৰ দৃশ্য-শ্ৰব্য ২২ জুলাই, শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰাৰ পাছত ‘ইউটিউব’ত ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়৷ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে গৌতম শৰ্মাই৷ অনুষ্ঠানৰ আৰম্ভণিতে মণিপুৰত শান্তি কামনা কৰি এক মিনিট সময় নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই মৌনতা অৱলম্বন কৰা হয়৷ তৰালি শৰ্মাই ‘ডেউকা’ৰ গীতটোৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰাৰ লগতে ‘টীম ডেউকা’ৰ সদস্যসকলক পৰিচয় কৰাই দিয়ে৷ উন্মোচনী অনুষ্ঠানটো আক্ষৰিক অৰ্থতেই আছিল ব্যতিক্ৰম৷ নাছিল কোনো বক্তা, নাছিল কোনো নিৰ্দিষ্ট উন্মোচক৷ অনুষ্ঠানত উপস্থিত থকা সকলো সাংবাদিকৰ হৈ ‘ডেউকা’ৰ অডিঅ’-ভিজুৱেল মুকলি কৰে ‘দৈনিক জনমভূমি’ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, ‘অসমীয়া প্ৰতিদিন’ৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, ‘পিটিআই’ৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষ, ‘দৈনিক অগ্ৰদূত’ৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদ, ‘এনডি২৪’ৰ সাংবাদিক মানসপ্ৰতিম ডেকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভাই৷ উন্মোচকসকলক সহায় কৰে গীতটোৰ কণ্ঠশিল্পী তৰালি শৰ্মা আৰু গীতিকাৰ গৌতম শৰ্মাই৷ গীত মুকলি কৰাৰ প্ৰাক্‌-মুহূৰ্তত তৰালি শৰ্মাৰ পিতৃ, বৰেণ্য শিল্পী প্ৰভাত শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয়৷ ‘ডেউকা’ৰ শীৰ্ষগীতটোৰ সংগীত ব্যৱস্থাপনা পৱন ৰছাইলীৰ৷ শব্দ সংমিশ্ৰণ আৰু মাষ্টাৰিং ষ্টুডিঅ’ ড্ৰীম্‌ছৰ জিণ্টু বৰদলৈৰ৷ ‘ডেউকা’ এলবামৰ শীৰ্ষ গীতটিৰ ভিডিঅ’ ‘ইউটিউব’ত উপলব্ধ৷ তৰালি শৰ্মাৰ অফিচিয়েল চেনেল Tarali Sarma: Windsongs [লিংক– youtube.com/@TARALISARMACHANNEL]ত ইচ্ছুক সংগীতপ্ৰেমীয়ে গীতটো উপভোগ কৰিব পাৰিব বুলি সদৰী কৰে তৰালি শৰ্মাই৷ গীতটোত গীটাৰ সংগত কৰিছে পৱন ৰছাইলীয়ে৷ শুভাংকৰ হাজৰিকাই চেতাৰ, জিণ্টু বৰদলৈয়ে ড্ৰাম্‌ছ সংগত কৰিছে৷ বাণীবন্ধনৰ সহযোগী ৰিপুঞ্জয় শৰ্মা৷ লোকেল প্ৰডাক্‌চন জিতুতপন বৰা আৰু ঝুনাকংকন ভূঞাৰ৷ তৰালি শৰ্মাই ‘ডেউকা’ এলবামৰ বাবে বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে তেওঁৰ মাতৃ ৰেণু শৰ্মা, পুত্ৰ তানিছ [ৰে], মাহীয়েক মাকন মিশ্ৰ, স্বামী জিণ্টু বৰদলৈৰ উপৰি নয়নজ্যোতি বৰা, স্বপ্নজ্যোতি ঠেঙাল আৰু ছাদত দাষ্টগীৰক৷ ‘ডেউকা মেলি দিলোঁ’ গীতটোৰ ভিডিঅ’ৰ পৰিচালনা মুম্বাইৰ দিগন্ত গৌতমৰ৷ গীতৰ দৃশ্যাংশত অভিনয় কৰিছে সৃষ্টি শৰ্মা, ঋতুৰাজ গগৈ, কুনাল মেচ, তেজাঞ্চী দিহিঙীয়া, হিমাঞ্চী শৰ্মা, ঝুনাকংকন ভূঞা, সুমন চৌধুৰী আৰু তৰালি শৰ্মাই৷ কলিয়াবৰ-শিলঘাট, গুৱাহাটী আৰু নতুন দিল্লীৰ বিভিন্ন লোকেচনত দৃশ্যগ্ৰহণ কৰা হৈছে৷ ডিঅ’পি দেৱজিৎ শ্যামন্ত৷ সম্পাদনা মুম্বাইৰ সন্দীপ দাসৰ৷ সহযোগী পৰিচালক প্ৰিন্স প্ৰসাদ, ৰূপসজ্জাৰ দায়িত্বত নিতুল ঠেঙাল [ভিডিঅ’], প্ৰাঞ্জল প্ৰতিম কাশ্যপ [স্থিৰচিত্ৰ]৷ প্ৰসিদ্ধ ফটোগ্ৰাফাৰ অনুপ বৰুৱাৰ স্থিৰচিত্ৰ, অনুপ দত্তৰ কেলিগ্ৰাফীৰে গীতটোৰ লগত ৰজিতা খুৱাই আকৰ্ষণীয় ৰূপত পোষ্টাৰসমূহ ডিজাইন কৰি উলিয়াইছে প্ৰকাশ কাশ্যপ উপাধ্যায় আৰু সাগৰিকা বি ৰিকুৱে৷ কাষ্টিং ৰ’নাল্ড হুছেইনৰ৷ কাৰ্যকৰী প্ৰযোজনা ‘ষ্টৰী পিপল’ গোটৰ৷ বিগত শতিকাৰ শেষৰ দশকতে ‘মুকলি’ এলবামেৰে নিজস্ব প্ৰতিশ্ৰুতিসম্পন্ন সংগীতৰ পৰিচয় দি সংগীত শ্ৰোতাৰ হৃদয় জয় কৰা তৰালি শৰ্মাই দীৰ্ঘ ব্যৱধানত একক এলবামৰ গীতৰ জৰিয়তে বহু মানসম্পন্ন গীত উপহাৰ দি আহিছে৷ ‘ডেউকা’ এলবামৰ শীৰ্ষগীত ‘ডেউকা মেলি দিলোঁ’ এই বিশেষ অভিযানৰ শেহতীয়া সংযোজন৷ ইতিমধ্যে গীতটোৰ অডিঅ’ সংস্কৰণটি স্প’টিফাই, জিঅ’ চাৱন, উইংক, গানা ডট কম আদি প্লেটফৰ্মসমূহত উপলব্ধ হৈছে৷ ভিডিঅ’ উপলব্ধ হৈছে ইউটিউবত৷ উপলব্ধ হোৱাৰে পৰাই দেখা গৈছে সংগীতপ্ৰেমীৰ আশাব্যঞ্জক সঁহাৰি৷