দল- সংগঠনৰ ভূমিকা আশাপ্ৰদনে?
সামাজিক-শৈক্ষিক-অৰ্থনৈতিক বিকাশ, মানৱ অধিকাৰ সুৰক্ষাকে ধৰি জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন দল-সংগঠন, বেচৰকাৰী সংস্থা [এনজিঅ’]সমূহে যুগ যুগ ধৰি বিশেষ ভূমিকা পালন কৰি আহিছে৷ এনে কেতবোৰ সংগঠন, সংস্থাৰ ভিতৰত একাংশই জাতীয় চিন্তাৰে পৰিপুষ্ট হৈ সংশ্লিষ্ট ৰাজ্য, ৰাষ্ট্ৰৰ ভিতৰত থকা বিভিন্ন বিষয়ক লৈ সক্ৰিয় ভূমিকা পালন কৰাৰ বিপৰীতে আন একাংশ বিশেষকৈ এনজিঅ’সমূহে নিৰ্দিষ্ট লক্ষ্য-উদ্দেশ্য পূৰণৰ হকে কাম কৰে৷ বহু এনজিঅ’ই চৰকাৰৰ সৈতে যৌথভাৱে আৰু প্ৰয়োজন সাপেক্ষে এককভাৱেও কাৰ্যনিৰ্বাহ কৰে আৰু ইয়াৰ যোগেদিও বিভিন্ন আৰ্থ-সামাজিক দিশসমূহ উন্মোচিত হোৱাৰ বাবে এইবোৰ সমাধানৰ বাবে চৰকাৰ, প্ৰশাসনৰ ব্যৱস্থা ল’বলৈ সুবিধা হয়৷ দিন যিমানেই বাগৰিছে সিমানেই ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় এনজিঅ’সমূহৰ প্ৰাসংগিকতা বৃদ্ধি পাই আহিছে৷ বহু এনজিঅ’ই শিক্ষিত যুৱক-যুৱতীক নিয়োগ কৰি বিভিন্ন সমস্যা, প্ৰত্যাহ্বানৰ দিশবোৰ বিজ্ঞানসন্মত, গৱেষণালব্ধ অধ্যয়নেৰে প্ৰতিবেদন যুগুত কৰে আৰু ইয়াৰ ফলত বিভিন্ন বিষয়ত পদক্ষেপ গ্ৰহণৰ পথবোৰ প্ৰশস্ত হয়৷ অৱশ্যে ইয়াৰ মাজতে কেতবোৰ এনজিঅ’ই চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হয়৷ এনজিঅ’সমূহৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ লগত বাকী দল-সংগঠনসমূহৰ পৰিচালনা, কাৰ্যপন্থা, পদ্ধতিৰ এক বৃহৎ পাৰ্থক্য আছে৷ অসমৰ দৰে ৰাজ্যত কিছুমান সংগঠনে কেইবাদশক পূৰ্বে জন্মলাভ কৰি জাতীয় জীৱনৰ সৈতে সংপৃক্ত হৈ থকা বহুবোৰ বিষয়ক লৈ সৰৱ হোৱাৰ লগতে সময়ে সময়ে চৰকাৰৰ বিৰুদ্ধে আন্দোলনো কৰি আহিছে৷ ইয়াৰে কেতবোৰ আন্দোলন সফল বা আংশিকভাৱে সফল হৈছে আৰু বহু আন্দোলন সম্পূৰ্ণৰূপে বিফল হৈছে৷ জাতিগত, ভাষিক, ভৌগোলিক, ধৰ্মীয় ভিন্নতাৰে পৰিপূৰ্ণ অসম তুলনামূলকভাৱে ভাৰতৰ বহু ৰাজ্যৰ তুলনাত সৰু হ’লেও ইয়াত দল-সংগঠনৰ সংখ্যা আন ৰাজ্যৰ তুলনাত বহু বেছি৷ ৰাজ্যৰ কেইবাটাও সংগঠন উপৰিউক্ত ভিন্নতাৰ ঊধবৰ্ত গৈ সামগ্ৰিক ৰূপত ৰাজ্যৰ সামূহিক সমস্যাসমূহ সমাধানত ব্ৰতী বুলি গঠন কৰা হৈছিল আৰু সেই মৰ্মে এই সংগঠনসমূহে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী, আন্দোলন, ধৰ্ণা, চৰকাৰ প্ৰশাসনক স্মাৰক-পত্ৰ প্ৰদানৰ লগতে মাজে-সময়ে মন্ত্ৰী-প্ৰশাসনিক বিষয়াৰ সৈতে আলোচনাতো বহে৷ শোধনাগাৰ আন্দোলন, ভাষা আন্দোলন, বিদেশী নাগৰিক বহিষ্কাৰৰ গণ আন্দোলন আদিত ‘আছু’ৱে নেতৃত্ব লৈ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ ছাত্ৰ সংগঠন ৰূপে স্বীকৃতি লাভ কৰিছিল৷ বিদেশী নাগৰিক বহিষ্কাৰৰ আন্দোলনৰ অন্তত অসম চুক্তি স্বাক্ষৰিত হোৱা প্ৰায় ৩৮ বছৰ হ’ল৷ এই চুক্তিত সন্নিবিষ্ট হোৱা কেইটামান বিষয় কাৰ্যকৰী হ’ল যদিও মূল বিষয়কেইটা অৰ্থাৎ চুক্তিৰ ৬নং দফা কাৰ্যকৰী নহ’ল আৰু সেয়া হোৱাৰো আশা ইতিমধ্যে নিৰ্বাসিত হৈছে৷ অসম আন্দোলনত আছুৰ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজা নিজা সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে পৰৱৰ্তী পৰ্যায়ত অসমত প্ৰায় সকলো জাতি-জনগোষ্ঠীয়ে নিজাববীয়াকৈ ছাত্ৰ সংগঠনৰ লগতে আন সংগঠনসমূহো প্ৰতিষ্ঠা কৰিলে৷ জাতিগত বৈশিষ্ট্য অটুট ৰাখি স্বকীয়ভাৱে এই সংগঠনসমূহে বিভিন্ন কাৰ্যসূচী, আন্দোলন, অধিৱেশন, প্ৰতিষ্ঠা দিৱস, সম্বৰ্ধনা আদি উদ্যাপন কৰাৰ বাবে অসমত অভূতপূৰ্ব হাৰত উদ্যাপন বা চেলিব্ৰেশ্যন বৃদ্ধি পাইছে৷ চৰকাৰৰ বাবেও এয়া লাভজনক হৈছে, কিয়নো পৃথক পৃথকভাৱে চিন্তা কৰিলে চৰকাৰৰ লক্ষ্য-উদ্দেশ্যসমূহ সহজেই পূৰণ হয়৷ এনেদৰে পৃথকভাৱে ছাত্ৰ সংগঠন আৰু অন্যান্য সংগঠন সৃষ্টি হোৱাৰ বাবে কিছু জনগোষ্ঠী দুই-এটা বিষয়ত লাভান্বিত হৈছে যদিও সামগ্ৰিকভাৱে অধিকাংশ সংগঠনে এগাল নেতাৰ [?] জন্ম দিয়াৰ বাদে সংশ্লিষ্ট জাতি-সম্প্ৰদায়ৰ হকে বিশেষ একো কৰিব পৰা নাই৷ অধিকাংশ দল-সংগঠনৰ ধনৰ উৎস কি, নেতাৰ বিলাসীতাপূৰ্ণ জীৱনৰ আঁৰৰ কাহিনী কি ৰাইজে নুবুজাকৈ থকা নাই আৰু সেইবাবে এই দল-সংগঠনসমূহৰ বহুতক সেই জনগোষ্ঠীৰ লোকেই ক্ৰমান্বয়ে নস্যাৎ কৰিবলৈ লৈছে৷ বহু সংগঠনে গণতান্ত্ৰিক বিচাৰধাৰাৰ কথা কয় যদিও নিজৰ সংগঠনটোতে তাৰ অভাৱ পৰিলক্ষিত হয়৷ দল-সংগঠনৰ সভাপতি, সম্পাদক বা নেতা হোৱাৰ বাবে বিভিন্ন কূট-কৌশল সময়মতে নতুন কমিটী গঠন কৰি অধিৱেশন পতাৰ ব্যৰ্থতা আদিয়ে প্ৰতিপন্ন কৰে কেনেদৰে পৰিচালিত হয় বহু তথাকথিত জাতীয় সংগঠন৷ শেহতীয়াকৈ ‘আটাছু’ৰ সদ্য অপসাৰিত সভাপতিয়ে এজন ভাবী সাংসদৰ সৈতে হোৱা কথোপকথনে প্ৰমাণিত কৰিছে এচাম সংগঠনৰ নেতা ৰাজনৈতিক নেতাৰ দালালিৰ স্বৰূপ!উল্লেখ্য ছাত্ৰ সংগঠনৰ লগতে ৰাজ্যত থকা আন বহু দল-সংগঠন, ক্ৰীড়া সংগঠনত লেতেৰা ৰাজনীতিয়ে পোনা মেলাৰ বাবে মূল উদ্দেশ্য ব্যাহত হৈছে৷ অৱশ্যে আশাৰ বতৰা এই যে ইয়াৰ মাজতে এচাম ব্যক্তিৰ প্ৰচেষ্টাত গঠিত একাংশ সংগঠনে বিশেষ ঢাক-ঢোল নবজোৱাকৈ সমাজ, সাহিত্য-সংস্কৃতি, ক্ৰীড়াৰ ক্ষেত্ৰত নিষ্ঠাৰে অৱদান আগবঢ়াইছে৷ দালালি কৰা নেতাতকৈ ৰাজ্যত প্ৰয়োজন নিষ্ঠা-একাগ্ৰতাৰে নেতা নামধাৰী নোহোৱাকৈ প্ৰকৃত নেতৃত্ব দিয়া ব্যক্তি আৰু দল-সংগঠনৰ৷






