Logo
image

গাখীৰৰ সৈতে হালধি মিহলাই খালে পোৱা যায় বহু উপকাৰ

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ ‘ব্ৰেকফাষ্ট’ৰ পিছত দৈনিক এগিলাচ হালধি মিশ্ৰিত গাখীৰ পানে স্বাস্থ্যৰ বহু উপকাৰ সাধন কৰে৷ হালধিত থাকে পৰ্যাপ্ত এণ্টি অি’ডেণ্ট৷ যিটোৱে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ হালধি মিহলোৱা গাখীৰত এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰাল আৰু এণ্টিফাংগালৰ বৈশিষ্ট্য থকা হেতুকে ই ফ্লু, চৰ্দি, কাহ আদিৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে৷ তদুপৰি হালধি মিশ্ৰিত গাখীৰত থকা এণ্টি-ইনফ্লেমেটৰি প্ৰভাৱৰ বাবে ই বাতবিষৰ সমস্যা আঁতৰোৱাত সহায় কৰে৷ দেহৰ বাহিৰত বা আভ্যন্তৰীণ কোনো অংশত আঘাত থাকিলে হালধি মিশ্ৰিত গাখীৰে তাক নিৰাময় কৰাত সহায় কৰে৷ কাৰণ ইয়াত থকা এণ্টিবেক্টেৰিয়েল আৰু এণ্টিছেপ্টিক বৈশিষ্ট্যই বেক্টেৰিয়াৰ বৃদ্ধিত বাধা প্ৰদান কৰে৷ সেইদৰে হালধি মিশ্ৰিত গাখীৰে মগজু সুস্থ ৰখাৰ লগতে স্মৃতিশক্তি উন্নত কৰে আৰু টোপনি ভাল কৰে৷ হালধি-গাখীৰে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধিত সহায় কৰে৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে হালধি-গাখীৰে মধু-মেহৰ ৰোগীক উপকৃত কৰাৰ লগতে ই কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে৷ হজম শক্তি বৃদ্ধিত হালধি-গাখীৰৰ উপকাৰিতা বিশেষভাৱে উল্লেখনীয়।