Logo
image

নিযুক্তি বনাম পদ বিলুপ্তি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুলাইঃ এফালে ৰাজ্য চৰকাৰে মহা আড়ম্বৰেৰে এক লাখ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, আনফালে, আকৌ দুই লাখ পদ বিলুপ্তিকৰণৰো দিহা কৰিছে৷ ৰাজ্য চৰকাৰে নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশৰ মাজতে সন্তৰ্পণে ‘ই’ অফিচ কাৰ্যকৰীকৰণৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত ৫০ শতাংশ পদ কৰ্তন প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ কাজেই চৰকাৰৰ এই নিযুক্তি বনাম পদ বিলুপ্তি কাৰ্যই ৰাজ্যৰ লক্ষ লক্ষ শিক্ষিত নিবনুৱাক মাধমাৰ সোধাব৷ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে যোৱা ২০ জুলাইত এক অফিচ মেম’ৰেণ্ডাম প্ৰকাশ কৰি ‘ই’ অফিচ প্ৰশাসন ব্যৱস্থাৰ বাবে অপ্ৰয়োজনীয় হৈ পদসমূহ সংশ্লিষ্ট সকলো বিভাগকে বিত্ত বিভাগৰে মিলি বিলুপ্ত কৰাৰ বাবে নিৰ্দেশ দিছে৷ প্ৰতিটো চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰা এবিপি৬৭/২০২৩/১নং অফিচ মেম’ৰেণ্ডামযোগে উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয়সমূহক ‘ই-অফিচ’ কৰি প্ৰশাসন ব্যৱস্থাৰ সকলো কাম-কাজ ডিজিটেল মাধ্যমেৰে কৰাৰ কাম হাতত লৈছে৷ ইতিমধ্যে অসম সচিবালয়ত এই ব্যৱস্থা প্ৰায় সম্পূৰ্ণ হৈছে, জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহতো শীঘ্ৰে এনে ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব৷ যিহেতু চৰকাৰী সকলো কাম-কাজ ডিজিটেল মাধ্যমেৰে হ’ব সেয়ে অসম সচিবালয়কে ধৰি ৰাজ্য প্ৰশাসনৰ প্ৰতিটো বিভাগতে অধিকাংশ পদ অপ্ৰয়োজনীয় হৈ পৰিব৷ অফিচ মেম’ৰেণ্ডামত উল্লেখ কৰা হৈছে যে সেয়েহে গতিকে এনে অপ্ৰয়োজনীয় পদৰ উপৰি চৰকাৰী বিভাগসমূহত যিবোৰ পদ প্ৰয়োজনীয়ভাৱে খালী হৈ আছে তেনে সমুদায় পদ সংশ্লিষ্ট প্ৰতিটো বিভাগে বিত্ত বিভাগৰে মিলি শীঘ্ৰে বিলুপ্তিৰ ব্যৱস্থা কৰিব লাগে৷ অৱশ্যে এনে পদ বিলুপ্তি কৰাৰ পাছত যদিহে কিবা কাৰণত নতুন পদ সৃষ্টি কৰিবলগীয়া হয় তেন্তে সংশ্লিষ্ট বিভাগে বিত্ত বিভাগৰ সৈতে আলোচনা কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰিব৷ লক্ষণীয় যে চৰকাৰৰ এনে পদক্ষেপৰ ফলত অসম সচিবালয়ৰ চতুৰ্থ বৰ্গৰ পদৰ লগতে বহু তৃতীয় বৰ্গৰ পদ অপ্ৰয়োজনীয় হৈ পৰিব৷ অৰ্থাৎ ৰাজ্যৰ চাৰিলাখ চৰকাৰী কৰ্মচাৰীৰ ৫০ শতাংশই অৰ্থাৎ ২ লাখেই অপ্ৰয়োজনীয় হৈ পৰিব৷ এনেদৰে অসম চৰকাৰৰ ৫০ শতাংশ চাকৰি কৰ্তন কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, ডঃ হিমন্ত বিশ্ব চৰকাৰৰ এই সিদ্ধান্ত ‘চামুচেৰে দি বেলছা মাৰি নিয়া’ৰ নামান্তৰ মাথোঁন৷ কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে এক লাখ চাকৰি আশ্বাস দি তাৰে কিছু সংখ্যক পদত নিযুক্তি দি অৱশিষ্ট পদসমূহত নিযুক্তি প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই যদিও খালী পদসমূহত নিযুক্তি দিয়া কাৰ্যক চৰকাৰে নিজৰ এক বৃহৎ সাফল্য হিচাপে দেখুৱাই প্ৰচাৰ কৰি আছে৷ কিন্তু তাৰ মাজতে ৰাজ্য চৰকাৰৰ মুঠ পদৰ প্ৰায় ৫০ শতাংশ বিলুপ্ত কৰিবলৈ লোৱা কাৰ্যই আন প্ৰায় দুই লক্ষাধিকক নিবনুৱা কৰিব৷ অৰ্থাৎ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল এক লাখ, কিন্তু বিনিময়ত আন দুই লাখৰ চাকৰি নাইকিয়া কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে৷ আজি এক প্ৰেছ বিজ্ঞপ্তিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে কয় যে এনেও ২৩ লক্ষাধিক নিবনুৱাৰ বোজাত ভাৰাক্ৰান্ত হৈ আছে অসম৷ চৰকাৰে নতুন সংস্থাপন সৃষ্টিৰে নিবনুৱাৰ লতাহে দিয়াৰো কোনো ব্যৱস্থা কৰিব পৰা নাই৷ যি এক লাখ পদত ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত নিযুক্তি সম্পূৰ্ণ কৰাৰ আশ্বাস বিজেপি দলে নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে আগবঢ়াইছিল, এতিয়ালৈকে তাকো সম্পূৰ্ণ কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে৷ এনে অৱস্থাত ৰাজ্যত নতুন সংস্থাপন সৃষ্টিৰহে প্ৰয়োজন আছিল৷ কিন্তু তাৰে নকৰি ৰাজ্য চৰকাৰে অলপতে এক অফিচ মেমোৰেণ্ডামযোগে সকলো বিভাগক পদ কৰ্তন কৰিবলৈ যি নিৰ্দেশনা প্ৰদান কৰিছে, সেয়া তাৎপৰ্যপূৰ্ণ৷ জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে এক লাখ পদত নিযুক্তিৰ আশ্বাস দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া প্ৰায় দুই লাখ চাকৰি নাইকীয়া কৰাৰ যি পদক্ষেপ হাতত লৈছে, সেয়া স্পষ্টভাৱে নিবনুৱা বিৰোধী ষড়যন্ত্ৰহে৷  তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা কৰ্মসুচলতা অনাটো চৰকাৰৰ লক্ষ্য বুলি কোৱা হৈছে৷ কিন্তু তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ মানুহৰ কল্যাণৰ বাবেহে হ’ব লাগিব৷ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ প্ৰতি অনিশ্চয়তাৰ সৃষ্টি কৰাটো কৰ্মসুচলতা হ’ব নোৱাৰে৷ গগৈ আৰু ফুকনে কয়৷ সেয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা অফিচ মেমোৰেণ্ডামখন তৎকালে প্ৰত্যাহাৰ কৰিবলৈ জাতীয় পৰিষদে দাবী উত্থাপন কৰে৷