Logo
image

মণিপুৰক লৈ প্ৰধানমন্ত্ৰীৰ বিবৃতি দাবী উত্তাল সংসদ, ‘আপ’ৰ সাংসদ নিলম্বিত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ জুলাইঃ মণিপুৰৰ নাৰী নিৰ্যাতনৰ ভিডিঅ’ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাই৷ সমগ্ৰ বিশ্ব কঁপাই তোলা আৰু ভাৰতক বিশ্ববাসীৰ আগত লজ্জানত কৰা মণিপুৰৰ নাৰী নিৰ্যাতনৰ যি ঘটনা এটা ভিডিঅ’ৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল, সেই ঘটনাক আমেৰিকাই বৰ্বৰ আৰু ভয়ংকৰ  বুলি অভিহিত কৰিছিল৷ কেন্দ্ৰত শাসনাধিষ্ঠিত মোদী চৰকাৰৰ মন্ত্ৰীজনে আৰু বিভিন্ন ৰাজ্যৰ বিজেপি মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনা প্ৰকাশ  পোৱাৰ পাছত অবিজেপিশাসিত কোন কোন ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে তাৰ অনুসন্ধানত ব্যস্ত হৈ আছে৷ আনকি মণিপুৰতকৈ পশ্চিমবংগ, ৰাজস্থান, বিহাৰত অধিক নাৰী নিৰ্যাতন হয় বুলি নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী আৰু সাংগো-পাংগোৱে বিৰোধী দলক ওভতাই আক্ৰমণ কৰিছে৷ এনে সময়তে ভাৰতৰ সাম্প্ৰতিক কালৰ ঘনিষ্ঠতম বন্ধুৰাষ্ট্ৰ আমেৰিকাই মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ উল্লেখ্য যোৱা ৪ মে’ত মণিপুৰৰ থৌবাল জিলাত তিনিগৰাকী কুকি মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰাইছিল এদল মেইটেই মণিপুৰীয়ে৷ তাৰে ২১ বছৰীয়া যুৱতীগৰাকীক সেই উন্মত্ত লোকসকলে দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল৷ মণিপুৰত আংশিকভাৱে ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পাছত যোৱা বুধবাৰে বিয়লি সেই ঘটনাটোৰ ভিডিঅ’ প্ৰকাশ হয় আৰু নিমিষতে ই ইণ্টাৰনেটত ভাইৰেল হৈ পৰে৷ সেই ভিডিঅ’ই সমগ্ৰ দেশৰ সচেতন লোকক জোকাৰি পেলাইছে৷ সেই পাশৱিক ভিডিঅ’ দেখি আমেৰিকাৰ গৃহবিভাগৰ মুখপাত্ৰই সোমবাৰে দেশখনৰ হৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সেই ঘটনাটোক বৰ্বৰ আৰু ভয়ংকৰ বুলি অভিহিত কৰে৷ আমেৰিকাই ঘটনাৰ ভুক্তভোগীক সমবেদনা জ্ঞাপন কৰে৷ এটা বিবৃতিত আমেৰিকাৰ গৃহদপ্তৰৰ মুখপাত্ৰজনে কয়– আমি মণিপুৰৰ হিংসাত্মক ঘটনাৰ শান্তিপূৰ্ণ আৰু ইতিবাচক সমাধান বিচাৰো৷ মণিপুৰৰ ঘটনাত ক্ষতিগ্ৰস্ত সকলো সম্প্ৰদায় আৰু সকলো ধৰ্মৰ লোকক ভাৰত চৰকাৰে সমানে নিৰাপত্তা দিব লাগে বুলি আমি আহ৩ান জনাওঁ৷ ৰাজ্যখনৰ সকলো জনগোষ্ঠী, সকলোৰে বাসস্থান আৰু সকলোৰে উপাসনাস্থলী ভাৰত চৰকাৰে সমানভাৱে সুৰক্ষা দিয়ক৷

অশান্ত মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসাত্মক ঘটনা৷ দেওবাৰে বিয়লি আৰু নিশাৰ ভাগত চূড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমামূৰীয়া অঞ্চলত এদল দুষ্কৃতিকাৰীয়ে এখন স্কুল জ্বলাই দিয়ে৷ আনহাতে আন এটা ঘটনাত দুটা সশস্ত্ৰ দলৰ মাজত ভয়ংকৰ গুলীয়াগুলী হয়৷ গুলীয়াগুলীৰ এই ঘটনাত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়৷ ইপিনে মণিপুৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ বাসভৱনত দেওবাৰে পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীজনৰ বাসভৱন উত্তেজিত জনতাই জ্বলাই ভস্মীভূত কৰিছিল৷ দেওবাৰে এদল প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীজনৰ বাসভৱনৰ দিশে আগবাঢ়ে আৰু সংসদত বিজেপি চৰকাৰে মণিপুৰৰ ঘটনা আলোচনা নকৰাৰ বাবে তেওঁৰ বাসভৱনত আক্ৰমণ সংঘটিত কৰে৷  সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰীজনৰ বাসভৱনত নিৰাপত্তা বাহিনী উপস্থিত আছিল৷ তেওঁলোকে প্ৰতিবাদকাৰীত বাধা প্ৰদান কৰে৷ 

ইপিনে মণিপুৰৰ ঘটনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি দাবী কৰি আৰু বিষয়টো ২৬৭ ধাৰাৰ অধীনত গুৰুত্বসহকাৰে আলোচনা কৰাৰ বাবে দাবী জনাই সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন বিৰোধী দলসমূহে উত্তাল কৰি তোলে৷  বিৰোধী দলৰ তীব্ৰ প্ৰতিবাদৰ ফলত ৰাজ্যসভা আৰু লোকসভাৰ কাৰ্যক্ৰমণিকা এখোজো আগনাবাঢ়িল৷ বিৰোধীৰ প্ৰতিবাদত উভয় সদন সোমবাৰে অচল হৈ পৰিল৷ তাৰ মাজতে ৰাজ্যসভাৰ আম আদমি পাৰ্টীৰ সদস্য সঞ্জয় সিঙক অধ্যক্ষ জগদীপ ধনখড়ে চলিত অধিৱেশনৰ পৰা নিলম্বিত কৰে৷ সঞ্জয় সিঙে প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবীত ৰাজ্যসভাত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ তেওঁ মণিপুৰৰ ঘটনা সংসদত গুৰুত্বসহকাৰে আলোচনা কৰাৰ বাবেও চৰকাৰী পক্ষৰ ওচৰত দাবী উত্থাপন কৰি প্ৰতিবাদ কৰিছিল৷ ইয়াৰ ফলত আপৰ সাংসদজনক ৰাজ্যসভাৰ অধ্যক্ষই সম্পূৰ্ণ অধিৱেশনৰ কাৰ্যকালৰ পৰা নিলম্বিত কৰে৷ নিলম্বিত সাংসদজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ঘটনাৰ পৰা পলাই ফুৰিছে৷ সেই বিষয়টো আঙুলিয়াই দিয়াৰ বাবেই তেওঁক অধ্যক্ষ ধনখড়ে অবৈধভাৱে সম্পূৰ্ণ অধিৱেশনৰ পৰা নিলম্বিত কৰিছে৷ সঞ্জয় সিঙৰ মতে তেওঁলোকৰ প্ৰতিবাদৰ মুখামুখি হোৱাৰ চৰকাৰীপক্ষৰ সাহস নথকাৰ বাবেই তেওঁক ৰাজ্যসভাৰ অধিৱেশনৰ পৰা নিলম্বিত কৰিছে৷ এজন বিৰোধী দলৰ সাংসদক নিলম্বিত কৰিলেও নীৰৱে বহি থকা নাই বিৰোধী ৰাজনৈতিক দলসমূহ৷ বিৰোধী দল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ৰাজ্যসভাৰ বিধি অনুসৰি ২৬৭ ধাৰাৰ অধীনত মণিপুৰৰ বিষয়টো আলোচনা কৰিব লাগে বুলি ন’টিচ দিয়ে৷ উল্লেখ্য এই অনুচ্ছেদ  অনুসৰি ৰাজ্যসভাৰ কোনো সদস্যই জৰুৰী বা আপদকালীন বিষয় লৈ ৰাজ্যসভাত গুৰুত্বসহকাৰে আৰু দীঘলীয়া সময়ৰ বাবে সংশ্লিষ্ট বিষয়টোক লৈ আলোচনাৰ বাবে ন’টিচ দি আবেদন জনাব পাৰে৷ পিছে চৰকাৰী পক্ষৰ মণিপুৰৰ বিষয়টো সংসদত সাধাৰণভাৱে আলোচনা কৰাৰহে পক্ষপাতী৷  সম্পূৰ্ণ দিনটো বা আলোচনা পূৰা নহ’লে আৰু এটা দিনত মণিপুৰৰ বিষয়টো সদনত আলোচনা কৰিবলৈ আগ্ৰহী নহয় মোদী চৰকাৰ৷ তেওঁলোকে সংসদৰ অন্যান্য বিষয়ৰ সৈতে একেলগে মণিপুৰৰ বিষয়টো আলোচনা কৰিব বুলি বিৰোধী পক্ষক জনাইছে৷ পিছে চৰকাৰৰ এই আহ্বানত সন্মতি জনোৱা নাই বিৰোধী পক্ষই৷  ইয়াৰ ফলত চৰকাৰী আৰু বিৰোধীৰ সাংসদৰ তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হোৱাত সোমবাৰে সংসদৰ কাৰ্যক্ৰমণিকা সম্পূৰ্ণ দিনটোৰ বাবে বন্ধ ৰাখিবলগীয়া হয়৷ অৱশ্যে বিৰোধী দলৰ সাংসদসকল এনেই বহি নাথাকিল৷ তেওঁলোকে সংসদৰ বাহিৰত মণিপুৰৰ আলোচনা বিচাৰি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতি দাবী কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অলপতে বেংগালুৰুত ২৬টা বিৰোধী ৰাজনৈতিক দল মিলি ‘ইণ্ডিয়া’ নামৰ বিৰোধী জোঁট গঠন কৰিছিল৷ তেওঁলোকে সোমবাৰে  ‘ইণ্ডিয়াই মণিপুৰৰ সুৰক্ষা বিচাৰে’, ‘ইণ্ডিয়াই মণিপুৰৰ নাৰীৰ নিৰাপত্তা বিচাৰে’, ‘ইণ্ডিয়াই মণিপুৰৰ বিষয়টো সংসদত গুৰুত্বসহকাৰে আলোচনা কৰা বিচাৰে’ ইত্যাদি প্লে-কাৰ্ড লৈ সংসদ ভৱনৰ সন্মুখত ধৰ্ণা দিয়ে৷ বিৰোধী ৰাজনৈতিক দলসমূহে কয় যে, প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ প্ৰসংগত তেনেই সামান্য বক্তব্য সংসদৰ বাহিৰত ৰাখিছে৷ গণতান্ত্ৰিক দেশত প্ৰধানমন্ত্ৰীৰ তেনে কাৰ্য শোভা নাপায়৷ কিয়নো প্ৰধানমন্ত্ৰীৰ সেই প্ৰতিক্ৰিয়া অনানুষ্ঠানিক, সংসদৰ বাহিৰত কৰা মন্তব্য সদনৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত নহয়৷ সংসদৰ ভিতৰত মণিপুৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিলে সেয়া লিখিত আকাৰত চৰকাৰৰ দুৰ্বলতা হিচাপে স্থায়ী হৈ ৰৈ যাব বুলি ভয় খাই মোদীয়ে সংসদৰ বাহিৰত মন্তব্য কৰা বুলি বিৰোধী ৰাজনৈতিক দলে অভিযোগ কৰে৷ বিৰোধী দলৰ বিক্ষোভ প্ৰসংগত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয়, আমি বিৰোধী পক্ষক অনুৰোধ জনাইছো, আপোনালোক সংসদলৈ আহক আৰু গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰক৷ আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত মণিপুৰৰ বিষয়ত আলোচনা আৰু বিতৰ্কত ভাগ ল’বলৈ চৰকাৰ সাজু থকা বুলি মন্তব্য কৰে৷ অৱশ্যে তেওঁ ২৬৭ ধাৰাৰ অধীনত কেৱল মণিপুৰৰ বিষয়টোকে সদনত আলোচনা হ’ব বুলি নিশ্চয়তা প্ৰদান নকৰিলে৷

বৰাকৰ মেইটেই মণিপুৰী অঞ্চলত বসবাস কৰা মিজোসকলক সেই অঞ্চল খালী কৰাৰ পৰামৰ্শ মণিপুৰী ছাত্ৰ ইউনিয়নৰ

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ এইবাৰ প্ৰতিশোধ পৰায়ণ হৈ বৰাক উপত্যকাৰ মেইটেই মণিপুৰী অঞ্চলত বসবাস কৰা মিজোসকলক সেই অঞ্চল খালী কৰিবলৈ পৰামৰ্শ দিছে সদৌ অসম মণিপুৰী ছাত্ৰ ইউনিয়ন [আমছু] কেন্দ্ৰীয় কমিটীয়ে৷ আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছাং বাম স্বপনে এটা বিবৃতিযোগে কয়, মিজো ষ্টুডেণ্টছ ইউনিয়ন আৰু পিছ একৰ্ডে -এমএনএফ ৰিটাৰ্ণীজ এছ’চিয়েচন [পামৰা]এ মিজোৰামৰ পৰা মেইটেই মণিপুৰী সকলক যাবলৈ পৰামৰ্শ দিয়াৰ পিছত সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছে৷ পামৰা হৈছে এটা আত্মসমৰ্পণ কৰা উগ্ৰপন্থী সংগঠন৷ এইটো মিজোৰামৰ চৰকাৰী আৰু অভিজাত গোট৷  তদুপৰি এম জে ডি পিয়ে ভাবুকি দিয়াৰ সময়ত আৰম্ভণিৰে পৰাই হিংসাক ইন্ধন যোগোৱাৰ কামত জড়িত আছিল৷ কুকিৰ আগতেও যোৱা ৩০ এপ্ৰিলত মিজোৰামত বাস কৰা মেইটেই সকলক জাননী দিছিল৷ ইপিনে ৩ মেত মণিপুৰত স্থানীয় মেইটেইসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ সেয়েহে বৰাক উপত্যকাত থকা বা কৰ্মৰত মিজোসকলক এই স্থান ত্যাগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ মণিপুৰ কাণ্ডক লৈ অসমৰ মেইটেইসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷  সেয়েহে তেওঁলোকৰ নিজৰ সুৰক্ষাৰ বাবে বৰাক উপত্যকা ত্যাগ কৰা উচিত৷ তেওঁ কয় মণিপুৰৰ অস্থিৰতাৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আমি থিয় দিছো৷ মণিপুৰৰ আমাৰ মেইটেই আত্মীয়সকলৰ বিৰুদ্ধে যিসকলক যুদ্ধবিৰোধী কুকীয়ে আক্ৰমণ কৰিছে, সেই আত্মীয়সকললৈ অসমৰ মেইটেই সকলে যিকোনো সম্ভাৱ্য আৰু প্ৰয়োজনীয় সমৰ্থন আগবঢ়াব৷ বিবৃতিযোগে তেওঁ কয়, মিজোৰাম চৰকাৰে অভিনয় কৰি ডাবল গেম খেলা বন্ধ কৰক৷  এফালে মেইটেইৰ প্ৰতি চিন্তা প্ৰকাশ কৰা আৰু মণিপুৰত বিৰোধীক সহায় কৰা৷ ইপিনে আমছুয়ে বৰাক উপত্যকাৰ কেৱল মেইটেই গাঁৱৰ মিজো মিছনেৰীসকলক সেই স্থানত থাকিবলৈ পৰামৰ্শ দিয়ে৷ এতিয়ালৈকে মিজো মিছনেৰীসকল মেইটেইৰ লগতে পৰিয়াল হিচাপে বাস কৰি আহিছে আৰু ভৱিষ্যতেও আমি চিৰদিন সমম্বয়ৰে বসবাস কৰিব বুলি উল্লেখ কৰে তেওঁ৷