Logo
image

এবছৰত ৮৭ হাজাৰ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

নতুন দিল্লী, ২৫ জুলাইঃ বিগত এটা বছৰত ৮৭ হাজাৰ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰি বিদেশত আশ্ৰয় গ্ৰহণ কৰিছে৷ বিদেশ মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে৷ ভাৰতীয় নাগৰিকত্ব ত্যাগ  কৰি দেশ এৰা এনে অধিকাংশ লোকেই আমেৰিকা, পাকিস্তানকে ধৰি বিভিন্ন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে৷ উল্লেখ্য যে চলিত বছৰত এতিয়ালৈকে কিমানসংখ্যক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰি আন দেশলৈ ঢাপলি মেলিছে সেই বিষয়ে জানিবলৈ বিচাৰি লোকসভাত এক লিখিত প্ৰশ্ন কৰে কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰমে৷ চিদাম্বৰমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে যোৱা এটা বছৰত ভাৰতীয় নাগৰিকত্ব এৰি যোৱা লোকৰ সংখ্যা সদনক অৱগত কৰে৷ তেওঁ লগতে জনায় যে এই পৰ্যন্ত যি ৮৭ হাজাৰ ২৬ জন ভাৰতীয়ই নাগৰিকত্ব এৰি দেশ ত্যাগ কৰিছে তেওঁলোকে ১৩৫ খন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে৷ বৈদেশিক মন্ত্ৰীগৰাকীয়ে জনোৱা মতে কৰ্মসংস্থাপনৰ সুযোগ আৰু অন্যান্য ব্যক্তিগত কাৰণত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাৰ এনে প্ৰৱণতা বাঢ়িছে৷