Logo
image

এইবোৰ সমস্যাত নয়নতৰা ফুলে ঔষধৰ কাম কৰে

নয়নতৰা সকলোৰে পৰিচিত ফুল৷ এইবিধ ফুল পূজা-অৰ্চনাত ব্যৱহাৰ কৰা হয়৷ কিন্তু বহুতেই নয়নতৰা ফুলৰ ঔষধি গুণৰ বিষয়ে অৱগত নহয়৷ নয়নতৰা ফুলৰ পাতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ সেইবাবেই ডায়েবেটিছ ৰোগীক নয়নতৰা ফুলৰ পাত চোবাই খোৱা দেখা যায়৷ নয়নতৰাৰ পাতৰ লগতে ফুলো ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ উল্লেখ কৰা হ’ল কোনবোৰ শাৰীৰিক সমস্যাৰ ক্ষেত্ৰত নয়নতৰা ফুলক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়–

⬛ডায়েবেটিছঃ ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নয়নতৰাৰ পাত আৰু ফুল দুয়োটাই উপকাৰী৷ ইয়াৰ বাবে দুই গ্ৰাম কেঁচা নয়নতৰা ফুল একাপ পানীত তিঁয়াই ৰাখি পিছদিনা পুৱা সেই পানী উতলাই আধা কৰি লওক৷ এইবাৰ ইয়াৰে আধা পুৱা আৰু বাকীখিনি নিশা পান কৰক৷ এনেকুৱা কৰিলে ডায়েবেটিছ ৰোগী উপকৃত হয়৷

⬛মেধা বৃদ্ধিঃ মেধা বৃদ্ধিৰ ক্ষেত্ৰত নয়নতৰা ফুল উপকাৰী৷ ছাত্ৰ-ছাত্ৰীসকলৰ যিসকলে পঢ়াশুনা ভালদৰে মনত ৰাখিব নোৱাৰে তেওঁলোকে নয়নতৰা ফুলৰ সহায় ল’ব পাৰে৷ ইয়াৰ বাবে ২ গ্ৰাম নয়নতৰা ফুলৰ মূল আৰু পাত একাপ পানীৰ সৈতে ভালদৰে সিজাই লওক৷ এইবাৰ সেইখিনি চেকি লৈ কিছুসময় উতলিবলৈ দিয়ক৷ এই পানী পুৱা আৰু গধূলি অলপ অলপকৈ খালে লাহে লাহে মেধা শক্তি বাঢ়ে৷ 

⬛কৃমিৰ সমস্যাঃ কৃমিৰ সমস্যা থাকিলে কেতিয়াবা ঔষধেও কাম নকৰে৷ এনেকুৱা হ’লে নয়নতৰা ফুলৰ শিপা আৰু পাত ৰাতি পানীত তিঁয়াই ৰাখি পিছদিনা পুৱা সেই পানী গৰম কৰি খালে কৃমিৰ সমস্যা নিৰাময় হয়৷ 

⬛লিউকোৰিয়া নিৰাময়ঃ বগাস্ৰাৱ বা লিউকোৰিয়া এবিধ ৰক্ত প্ৰৱাহিত ৰোগ৷ মহিলাসকল এই ৰোগত আক্ৰান্ত হয়৷ এইবিধ ৰোগে আক্ৰান্ত মহিলাগৰাকীক দুৰ্বল কৰি পেলায়৷ এইৰোগ নিৰাময়ৰ ক্ষেত্ৰত নয়নতৰা ফুল আৰু ইয়াৰ পাত অতি উপকাৰী৷ 

⬛ৰক্তচাপ নিয়ন্ত্ৰণঃ হঠাৎ ৰক্তচাপ বৃদ্ধি বা হ্ৰাস পোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এনেকুৱা হ’লে নয়নতৰা  ফুল বা ইয়াৰ পাত চোবাই খালে উপকাৰ পোৱা যায়৷ 

⬛গাঁঠিৰ বিষঃ বহুতে গাঁঠিৰ বিষৰ সমস্যাত ভোগে৷ এই সমস্যা থকা লোকে নয়নতৰাৰ পাত, ফুল আৰু শিপা উতলাই সেই পানী খালে উপকাৰ পায়৷