Logo
image

শিক্ষকৰ ৭৮টা প্ৰজাতি আছে, বদলি নিষিদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুলাইঃ আমাৰ হাতত চৰকাৰ চলাবলৈ কোনো অক্ষয় ভাণ্ডাৰ নাই৷ সেইবাবে আমি বিদ্যালয় একত্ৰীকৰণ কৰি আছো, কৰিয়েই থাকিম৷ –এই ভাষ্য ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ মঙলবাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পকীয় কৰ্মশালাত ভাগলৈ মন্ত্ৰী পেগুৱে এই ভাষ্য আগবঢ়ায়৷ সদৌ অসম মাধ্যমিক অতিৰিক্ত শিক্ষক সন্থাৰ উদ্যোগত দিছপুৰস্থিত  লোকনিৰ্মাণ বিভাগৰ কনভেনছন এণ্ড ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ শীৰ্ষক কৰ্মশালাত সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাগ লৈ শিক্ষামন্ত্ৰী পেগুৱে আৰু কয়–শিক্ষামন্ত্ৰীৰ দায়িত্বলৈ শিক্ষা বিভাগটো বুজিবৰ কাৰণে মই যথেষ্ট কষ্ট কৰিছিলোঁ৷ ৰাজ্যৰ শিক্ষা বিভাগত কেনেকুৱা ধৰণৰ শিক্ষা আছে বুজিবলৈ চেষ্টা কৰোতে আৱিষ্কাৰ কৰিলোঁ যে ৰাজ্যত শিক্ষকৰ ৭৮টা ‘প্ৰজাতি’ আছে৷ আনকি মাধ্যমিক খণ্ডৰ অতিৰিক্ত শিক্ষকৰ বিষয়ে বহু পলমকৈহে জানিবলৈ সক্ষম হওঁ৷ বিভাগটোত যথেষ্ট বিশৃংখলা আছিল৷ তাক লাহে লাহে এটা প্ৰক্ৰিয়ালৈ আনিবলৈ চেষ্টা কৰিছোঁ৷ নতুন পদ সৃষ্টি কৰিলে ৰাজ্যকোষত হেঁচা পৰে৷ গতিকে এই সময়ত শিক্ষা বিভাগত আৰু নতুন পদ সৃষ্টি কৰিব নোৱাৰি৷ এতিয়া আৰু বিত্ত বিভাগে নতুন পদৰ অনুমোদন নিদিয়ে৷ ইয়াৰ বাবে ৰেচলোইজেছনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ শিক্ষাসেঁতুত মাধ্যমিকৰ প্ৰায়  তিনি হাজাৰ শিক্ষকে তথ্য আপলোড কৰা নাই৷ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে আমাৰ মাধ্যমিকৰ অতিৰিক্ত শিক্ষকসকলে উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷ তেওঁ আৰু কয় যে বৰ্তমান সময়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে মাধ্যমিক পৰ্যায়ৰ পৰাই অৰ্থাৎ ক্লাছ ৬ৰ পৰাই তেওঁলোকক প্ৰস্তুত কৰিব লাগিব আৰু এই লক্ষ্য আগত ৰাখি বিভাগে কাম কৰি আছে৷ শিক্ষককসকলে ছাত্ৰ-ছাত্ৰীসকলক কিতাপৰ পাঠৰ উপৰিও তেওঁলোক জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত সামগ্ৰীক জ্ঞান প্ৰদানৰ ব্যবস্থা গ্ৰহণ কৰিব লাগিব৷ ২০১০ চনৰ পৰাই আমাৰ শিক্ষা ক্ষেত্ৰত ড্ৰপ আউটৰ হাৰ কমি আহিছে৷ এই ক্ষেত্ৰত আমাৰ শিক্ষক সকলৰ এক ডাঙৰ ভূমিকা আছে৷ প্ৰসংগক্ৰমে ৰাজ্যত শিক্ষক বদলি প্ৰক্ৰিয়া বন্ধ হৈ থকা বুলি প্ৰকাশ কৰি তেওঁ কয় যে পৰ্যায় ক্ৰমে শিক্ষকসকলৰ সমস্যা সমূহ বিভাগে সমাধানৰ চেষ্টা কৰি থকা  হৈছে৷ সঠিক দাতা প্ৰস্তুত কৰাৰ বাবে শিক্ষক সকলক শিক্ষাসেঁতু এপত ডাটা আপলোড কৰিবলৈ তেওঁ শিক্ষকসকলক আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননীগোপাল মহন্ত, মাধ্যমিক শিক্ষাৰ সঞ্চালিকা মমতা হোজাই, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী, বিভিন্ন জিলাৰ পৰা কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থকা অনুষ্ঠানটো সঞ্চালনা কৰে শিক্ষক সংগঠনটোৰ সভাপতি মহীধৰ কলিতাই৷