Logo
image

নিয়মীয়াকৈ নহৰু খালেও পাব অনেক সুফল

⬛ নহৰুৱে কলেষ্টেৰল নিয়ন্ত্ৰিত কৰে৷ নহৰুৱে কলেষ্টেৰল হ্ৰাস কৰি কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে৷

⬛ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ নহৰুৰ প্ৰদাহ-প্ৰতিৰোধী গুণ আছে আৰু ই শৰীৰৰ মাজেৰে তেজ সহজে প্ৰবাহিত হোৱাত সহায় কৰে৷

⬛ হৃদপিণ্ড সুৰক্ষিত ৰাখে৷ নিয়মীয়াকৈ নহৰু খালে হৃদৰোগৰ আশংকা হ্ৰাস পায়৷ কঠিন ৰক্তনলীবোৰ শিথিল কৰি আৰু প্লেটলেট একত্ৰীকৰণ প্ৰতিহত কৰি হৃদৰোগৰ আশংকা হ্ৰাস কৰে৷ নহৰুৱে নাইট্ৰিক অক্সাইডৰ উৎপাদন বৃদ্ধি কৰে যি ৰক্ত নলীবোৰ শিথিল কৰি ৰাখে৷ 

⬛ কাহ-চৰ্দিৰ বাবে ভাল৷ নহৰুৱে ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু চৰ্দি আৰু ফ্লুৰ তীব্ৰতা হ্ৰাস কৰে৷ 

⬛ শৰীৰৰ কাৰ্যক্ষমতা উন্নত কৰে৷ নহৰুৱে ভাগৰ হ্ৰাস কৰে৷

⬛ ছালৰ মান উন্নত কৰে৷ নহৰুত আছে এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণ৷ যি ছালৰ উপকাৰ সাধে৷ ছাল সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷ 

⬛ স্মৃতি শক্তি ভাল কৰে৷  নহৰুত এক শক্তিশালী এণ্টিঅক্সিডেণ্ট [এছ-এলিল চিষ্টেইন] থাকে যিয়ে ইয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে৷ এই এণ্টিঅক্সিডেণ্টে মগজুৰ ক্ষতিৰ পৰা সুৰক্ষা দিয়া আৰু মগজুৰ সুস্থ কাৰ্যকলাপ নিশ্চিত কৰে৷ মগজুৰ তেজৰ প্ৰবাহ বৃদ্ধি কৰে আৰু ডিমেনচিয়া আৰু আলঝেইমাৰৰ আশংকা হ্ৰাস কৰে৷ 

⬛ হাড় মজবুত কৰে৷ নহৰুত থকা ঔষধি গুণে হাড় মজবুত কৰাত সহায় কৰে৷ 

⬛ হজমী শক্তি বৃদ্ধি কৰে৷  কেঁচা নহৰু খালে হজমৰ সমস্যা নোহোৱা হয়৷

⬛ মধুমেহ ৰোগীৰ বাবে ভাল৷ কেঁচা নহৰু সেৱন কৰিলে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ হয়৷ 

⬛ কেন্সাৰ আৰু পেপ্টিক আলচাৰৰ বাবে ভাল৷ উচ্ছ পৰিমাণৰ এণ্টিঅক্সিডেণ্টৰ বাবে, নহৰুৱে শৰীৰক হাঁওফাঁও, প্ৰষ্টেট, মূত্ৰাশয়, পাকস্থলী, যকৃত আৰু মলাশয়ৰ কৰ্কটৰোগৰ পৰা সুৰক্ষা দিয়ে৷ 

⬛ ওজন হ্ৰাস কৰে৷ ই শৰীৰত থাৰ্মোজেনেচিছ বৃদ্ধি কৰে আৰু অধিক চৰ্বি দহন কৰে আৰু এলডিএল [বেয়া কলেষ্টেৰল] হ্ৰাস কৰে৷ 

⬛ বৃক্ক সুৰক্ষিত কৰে৷ সতেজ নহৰুৰ ৰস বৃক্কৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে৷ 

⬛ তেজ পৰিশোধ কৰাত সহায় কৰে৷ 

⬛ নিয়মীয়াকৈ নহৰু খালে অষ্টিওআৰ্থ্ৰাইটিছ প্ৰতিহত বা হ্ৰাস কৰাত সহায় কৰিব পাৰে৷