শীতৰ দেশত গ্ৰীষ্ম
আমি সচৰাচৰ গ্ৰীষ্মকালত যিবোৰ পশ্চিমীয়া দেশলৈ যাবলৈ হাবিয়াস কৰোঁ, বৰ্তমান সেইবোৰ দেশ হঠাতে উষ্ণ প্ৰৱাহত ভুগিছে৷ ইউৰোপৰ বিভিন্ন দেশ, আমেৰিকাৰ বিভিন্ন ৰাজ্য আৰু ব্ৰিটেইন, জাপান-কোৰিয়া আদি সমুদ্ৰৰ দাঁতিৰ দেশসমূহো বৰ্তমান উষ্ণতাৰ কবলত৷ যি সময়ত বিশ্বত গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণ আৰু উত্তাপ প্ৰাক্ ঔদ্যোগিক আন্দোলনৰ কাললৈ সীমিত ৰখাৰ আৱেদন জনোৱা হৈছে, সিদ্ধান্ত লোৱা হৈছে, সেই সময়ত চীন দেশৰ উত্তৰ-পশ্চিমত ৫২.২ ডিগ্ৰী চেণ্টিগ্ৰডলৈ উষ্ণতা ৰেকৰ্ড কৰা হৈছে৷ ইয়াৰ উপৰি ইউৰোপৰ ইটালী, স্পেইন, গ্ৰীচ আদি দেশৰ মুঠ ১৬খন মহানগৰত বিশেষ সতৰ্কতা জাৰি কৰা হৈছে৷ আমেৰিকাতো কেলিফ’ৰ্নিয়াৰ পৰা টেক্সাছলৈ প্ৰবল উষ্ণপ্ৰৱাহ অনুভৱ হৈছে; ব্ৰিটেইনত উষ্ণতম ৰেকৰ্ড জুনত উপলব্ধ হৈছে; উত্তৰ মেক্সিকো, কানাডা আৰু দক্ষিণ আমেৰিকাও এই সমস্যাৰ কবলত৷ নাছাৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী Gravin Schmidtৰ মতে, এই বছৰ শতবৰ্ষৰ ৰেকৰ্ড উষ্ণতা অনুভৱ হ’ব৷ ইয়াৰ লগতে বিশ্ব বতৰ বিজ্ঞানী সংস্থাৰ মতে, এই গ্ৰীষ্মৰ প্ৰৱাহ আগষ্টলৈকে থাকিব৷ এই প্ৰভাৱৰ পৰা নাতিশীতোষ্ণ দেশসমূহৰ লগতে অতি শীতল ৰুছ দেশৰ সুদূৰ পূবৰ অঞ্চলো ক্ষতিগ্ৰস্ত হৈছে৷ ড্ৰোনৰ দ্বাৰা লোৱা ছবিত এই তুষাৰাবৃত অঞ্চলৰ Batagovika Craterত বৰ্তমানো বৰফ খহি বৃহৎ গহ্বৰৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বাতৰি অনুসৰি, ১৯৬০ চনৰ পৰৱৰ্তী কালত এই অঞ্চলটোৰ দাঁতি-কাষৰৰ অৰণ্যৰ গছ বিস্তৃতভাৱে কাটি পেলোৱাৰ ফলত পৰৱৰ্তী কালত বৰফ গলিবলৈ লোৱাৰ ফলত বৰ্তমান ভূপৃষ্ঠ তললৈ বহি গৈছে৷
গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতিত হোৱা জলবায়ুৰ এই পৰিৱৰ্তনে ইয়াৰ উপৰি আন সমস্যাৰো সৃষ্টি কৰিছে৷ ইউৰোপৰ দেশসমূহত ইতিমধ্যে স্বাস্থ্য সতৰ্কতা ঘোষণা কৰা হৈছে৷ ইটালীৰ ১৬খন চহৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু আন অঞ্চলত কৃষি আৰু পৰ্যটন উদ্যোগ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে বুলি জনোৱা হৈছে৷ বিশেষজ্ঞসকলৰ মতে, বৰ্ধিত উষ্ণতাই কৃষিখণ্ডৰ কেৱল উৎপাদনতেই নহয়, কৃষিজাত সামগ্ৰীৰ পুষ্টিগুণতো নেতিবাচক প্ৰভাৱ পেলাব৷ ইয়াৰ লগতে বতৰ উষ্ণ হোৱাৰ লগে লগে কৃষিভূমিত বিভিন্ন কীট-পতংগৰ প্ৰকোপ বৃদ্ধি হ’ব, মহৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে বিভিন্ন সংক্ৰমিত ৰোগো বাঢ়িব৷ ইতিমধ্যে আমেৰিকাত মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ হৈছে৷
বনজুইৰ বিস্তাৰ বৰ্তমানৰ উষ্ণতা প্ৰৱাহৰ আন এক ভয়ানক প্ৰভাৱ৷ স্পেইনত ইতিমধ্যে লা পালমা দ্বীপত এসপ্তাহ বনজুয়ে বিস্তৰ ক্ষতি কৰিছে৷ সেইদৰে গ্ৰীচৰ ৰাজধানী এথেন্সৰ পশ্চিম অঞ্চল আৰু দক্ষিণ কেলিফ’ৰ্নিয়াও বিস্তৃত বনজুইৰ কবলত৷
শেহতীয়াকৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ আন এক তথ্য প্ৰকাশ হৈছে৷ বাতৰি অনুসৰি, উষ্ণপ্ৰৱাহে কেৱল ভূপৃষ্ঠকে নহয়, ভূগৰ্ভতো প্ৰভাৱ পেলাইছে৷ অষ্ট্ৰেলিয়াৰ জিঅ’টেকনিকেল অভিযন্তা আৰু বিশেষজ্ঞ Asal Bidazmaghyৰ মতে, আজিৰ পৰা এশ বছৰ পাছত বিশ্বৰ প্ৰায়বোৰ চহৰতে ভূ-গৰ্ভৰ উষ্ণতা বৃদ্ধি অনুভৱ হ’ব৷ বৰ্তমান চিকাগো চহৰৰ বৃহৎ অট্টালিকাৰ ভূ-গৰ্ভৰ আস্থানসমূহ এনে প্ৰভাৱৰ ফলত ৫.৬ ডিগ্ৰী ফাৰেইনহাইট অধিক উষ্ণ হৈ পৰিছে৷ যাৰ ফলত এসময়ত বৃহৎ অট্টালিকাবোৰত ফাঁট মেলিছে আৰু ভূ-গৰ্ভস্থ সুৰংগত বিপদৰ সৃষ্টি হৈছে৷






