Logo
image

ৱাং ৱি পুনৰ চীনৰ বিদেশমন্ত্ৰী

বেইজিং, ২৭ জুলাইঃ পুনৰ চীনৰ বিদেশমন্ত্ৰীৰ দায়িত্ব লাভ কৰিলে শীৰ্ষ কূটনীতিবিদ ৱাং ৱিয়ে৷ শ্বি জিনপিং চৰকাৰৰ প্ৰাক্তন বিদেশমন্ত্ৰীজনে পুনৰ এই পদত নিয়ুক্তি লাভ কৰাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ তেওঁৰ স্থানত মাজতে বিদেশমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা কিন গাং বিগত এমাহে ৰাজহুৱা  কাম-কাজৰ পৰা অন্তৰ্ধান হৈ থকাৰ পাছতে বিশ্বজুৰি ব্যাপক চৰ্চা হৈছিল৷ আমেৰিকাৰ বিদেশমন্ত্ৰী এণ্টনী ব্লিনকেনৰ চীন ভ্ৰমণৰ সময়ত আলোচনা বিশেষভাৱে সফল হোৱা নাছিল৷ তাৰ পাছতে কিন গাঙৰ দক্ষতাক লৈ প্ৰশ্ন উঠিছিল৷ যাৰ ফলত তেওঁ বিগত এমাহে চৰকাৰী কাম-কাজৰ পৰা আঁতৰি থাকে৷ এতিয়া ৱাং ৱি পুনৰ চীনৰ বিদেশমন্ত্ৰী হোৱাত কিন গাং অপসাৰিত হোৱাটো নিশ্চিত হয়৷ ৱাং ৱিৰ নিযুক্তিয়ে আমেৰিকাৰ সৈতে চীনৰ সম্পৰ্ক পুনৰ ভাললৈ আনিবলৈ চেষ্টা চলিব বুলি আশা কৰা হৈছে৷ আমেৰিকায়ো চিনাকি চীনা বিদেশমন্ত্ৰীৰ সৈতে কাম কৰি ভাল পাব বুলিও কোৱা হৈছে৷ ছমাহ এই দায়িত্বত থকাৰ পাছত কিন গেঙৰ অপসাৰণে চীনত মিশ্ৰিত চৰ্চা লাভ কৰিছে৷