Logo
image

অৱশেষত আৰক্ষীৰ জালত পৰিল DIGৰ হাতৰ পৰা মোবাইল ফোন থপিয়াই নিয়া জাভেদ আলী

ডিজিটেল সংবাদ, নগৰবেৰাঃ অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ ডি আই জি বিবেক ৰাজ সিঙৰ হাতৰ পৰা চিলনী চোৰে মোবাইল ফোন থপিয়াই নিয়া ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। সৰ্বসাধাৰণ জনতাৰ নিৰাপত্তাৰ দায়িত্বত থকা খোদ আৰক্ষীৰ বিষয়াৰ হাতৰ পৰাই চিলনী চোৰে মোবাইল ফোন থপিয়াই নিয়া ঘটনাই লজ্জানত কৰিছিল আৰক্ষীক। মহানগৰ আৰক্ষীৰ বিৰুদ্ধে বহুজনে উত্থাপন কৰিছিল বহু প্ৰশ্নৰ। ইয়াৰ মাজতে সন্মান ৰক্ষা কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। 

আৰক্ষী বিষয়া বিবেক ৰাজ সিঙৰ হাতৰ পৰা মোবাইল ফোন থপিয়াই নিয়া কাণ্ডত জড়িত থকাৰ অভিযোগত বুধবাৰে কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষীয়ে বকো সমষ্টিৰ অন্তৰ্গত ২ নং টুপামাৰী গাঁৱৰ ৰেহান আলীৰ পুত্ৰ জাভেদ আলীক গ্ৰেপ্তাৰ কৰে। গুৱাহাটী হাতীগাঁও থানাৰ ২০২/২৩ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২ ধাৰাৰ অধীনত জাভেদ আলীক গ্ৰেপ্তাৰ কৰি নিশাই মহানগৰ আৰক্ষীক গতাই দিয়ে। আৰক্ষী সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ চুৰি কৰি অনা মোবাইল ফোনসমূহ ধৃত জাভেদ আলীয়ে ছফ্টৱেৰ মাৰে৷ উল্লেখ্য যে, উলুবাৰীত প্ৰাতঃভ্ৰমণৰ সময়তে হাতৰ পৰা মবাইল থপিয়াই নিয়াক লৈ ডি আই জি বিবেক ৰাজ সিঙ ব্যাপক সমালোচিত হৈছে।