Logo
image

মহাভাৰতীয় ‘লাভ জেহাদ’ৰ উপমা দি গোচৰৰ সন্মুখীন ভূপেন বৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাইঃ মহাভাৰতৰ যুগৰ ‘লাভ জেহাদ’ৰ উপমা দি বিপদত পৰিব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা? গোচৰ ৰুজু হ’ব নেকি ভূপেন বৰাৰ বিৰুদ্ধে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ইংগিত দিয়া বাবেই এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাক মুখ্যমন্ত্ৰীয়ে ‘লাভ জেহাদ’ বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– মহা ভাৰতৰ দিনৰ পৰা লাভ জেহাদ চলি আহিছে৷ গান্ধাৰীক ধৃতৰাষ্ট্ৰই বিয়া পতাটো আছিল লাভ জেহাদ৷ লাভ জেহাদ নতুন কথা নহয়৷ বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰ পৰা চলি আহিছে লাভ জেহাদ৷ ঐত্যিহাসিক কালৰ পৰা এনেবহু উদাহৰণ দিব পাৰি৷ বৈবাহিক প্ৰস্তাবক লৈ বহু যুদ্ধ হৈছিল৷ পিতামহ ভীষ্মই জোৰ জবৰদস্তি কৰি গান্ধাৰীক ধৃতৰাষ্ট্ৰলৈ বিয়া কৰাই আনিছিল৷ যিটো কাৰণত শুকুনিৰ এশ ভাতৃক পাছত জে’লত ভৰাই থৈছিল৷ তাৰ পাছত প্ৰতিশোধ ল’বৰ বাবে মামাকৰ মৰমৰ ভাও দেখুৱাই শুকুনিয়ে গোটেই কৌৰৱক ধবংস কৰিছিল৷ গান্ধাৰীৰ বিয়াও লাভ জেহাদেই৷ সেইবাবে গান্ধাৰীয়ে গোটেই জীৱন ধৃতৰাষ্ট্ৰৰ মুখ নাচালে৷ ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিনীক নিবলৈ আহিছিল, তেতিয়া অৰ্জুনে মহিলাৰ বেশ লৈ আহিছিল৷ এইবাৰো লাভ জেহাদেই৷ মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ প্ৰসংগ, নামৰূপ সাৰকাৰখানাৰ প্ৰসংগ তল পেলাবলৈ লাভ জেহাদকলৈ হঠাৎ তৎপৰ হৈছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উভতি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–লাভ জেহাদৰ লগত ভগৱান শ্ৰীকৃষ্ণক টানি অনাটো অতি গৰ্হিত কাম৷ এয়া সনাতন ধৰ্ম বিৰোধিতা, হিন্দু ধৰ্ম বিৰোধিতা৷ কংগ্ৰেছ দলক মই আহ্বান জনাম যিদৰে কোনো বিতৰ্কলৈ হজৰত মহম্মদ বা যীশুক টানি আনিব নাপায় ভগৱান শ্ৰীকৃষ্ণক বিতৰ্কলৈ টানি আনিব নাপায়৷ মানুহে কৰা ভুল ত্ৰুটি ভগৱানৰ লগত তুলনা কৰাটো অনুচিত৷ ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিনীক ধৰ্ম পৰিৱৰ্তন কৰোৱা নাছিল৷ আজি যদি কোনোবাই তেওঁৰ বিৰুদ্ধে গোচৰ দিয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ব৷ কিয়নো ভগৱানৰ বিপক্ষে বেয়া কথা কোৱাটোও ভুল৷ যীশু বা হজৰটৰ বিৰুদ্ধে বেয়া কথা কোৱাটোও ভুল৷ মই অনুৰোধ কৰিম আমি তেনে পৰিৱেশলৈ নাযাও৷ কিন্তু কোনোবাই যদি ভগবান কৃষ্ণক যদি বিতৰ্কলৈ টানি আনে তেতিয়া হাজাৰ হাজাৰ সনাতন মানুহে তেওঁৰ বিৰুদ্ধে ওলাই আহিব৷ মই কেনেকৈ বাধা দিম? মই জন্মৰ পৰাই দুৰ্গা পূজা কৰি আহিছো৷ যদি মোক নামাজ কৰিবলৈ দিয়া হয় মোৰ ক’ৰবাত নহয় ক’ৰবাত আঘাত লাগিবই৷ মহাভাৰতৰ দিনত লাভ জেহাদ হোৱা নাছিল৷ প্ৰেম হৈছিল৷ আজি কালি জেহাদ হয় বাবে মাৰ্ডাৰ হয়৷ মুছলমান ছোৱালীক মুছলমান ল’ৰাই বিয়া পাতক৷ হিন্দু ল’ৰাই হিন্দু ছোৱালী বিয়া পাতক৷ মুছলমানৰ ধুনীয়া ধুনীয়া আৰু শিক্ষিত ছোৱালী আছে৷ তেওঁলোকক মুছলমান ল’ৰাই বিয়া পাতক৷ হিন্দুৰো যথেষ্ট শিক্ষিত আৰু ধুনীয়া ছোৱালী আছে৷ তেওঁলোকক হিন্দুৱে বিয়া কৰাওক৷ দুই সম্প্ৰদায়ৰ বিবাহ হ’লেও সংবিধানত বিধান আছে৷ ধৰ্ম পৰিৱৰ্তন নকৰাকৈও বিবাহৰ আইন আনে৷ বিয়াৰ পাছত পত্নীয়ে স্বামীৰ ধৰ্ম ল’ব লাগিব বুলি কোনো কথা নাই৷ বিয়াত ধৰ্ম পৰিৱৰ্তন নহ’লে জেহাদৰ কথাই নাহে৷ উল্লেখ্য, গোলাঘাটৰ ত্ৰিপুল মাৰ্ডাৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে লাভ জেহাদৰ বাবেই সংঘটিত হৈছে গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনা৷ এনেধৰণৰ লাভ জেহাদৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়োজন৷ নিজকে ৰিমন বৰা বুলি ফেচবুকত চিনাকি হৈ নাজিবুৰ ৰহমানে বিয়া পাতিছিল সংঘমিত্ৰাক৷ দোষীৰ যাতে কঠোৰতম শাস্তি প্ৰদান কৰিব পৰা যায় তাৰ বাবে ব্যৱস্থা ল’বলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে৷ ইফালে, ভগবান কৃষ্ণকো লাভ জেহাদত সাঙোৰা সন্দৰ্ভত বিজেপি বিধায়ক মানব ডেকাই কয়–হে ভগৱান কৃষ্ণ, আপোনাৰ মহিমা আৰু স্বৰূপৰ বিষয়ে নাজানি কোনোৱে যদি নভবা নিচিন্তাকৈ আপোনাৰ যদি কোনোবাই কুৎসা ৰতনা কৰিছে, ক্ষমা কৰিবা৷