Logo
image

ৰাজস্থানত ভোটযুদ্ধৰ দামামা বজালে মোদীয়ে

জয়পুৰ, ২৮ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাজস্থানত এলানি কাৰ্যসূচীত ভাগ ল’বলৈ গৈ কাৰ্যতঃ ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ দামামা বজায়৷ উল্লেখ্য যে ৰাজস্থানৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাথোঁ কেইটামান মাহ বাকী থকা অৱস্থাত আজি প্ৰধানমন্ত্ৰীয়ে একাধিক প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰে৷ ইয়াৰ পাছতে  শিকাৰত অনুষ্ঠিত হোৱা এখন দলীয় সমাৱেশত মোদীয়ে ভাষণ প্ৰদান কৰে৷ উক্ত সমাৱেশত মোদীয়ে ৰাজস্থানৰ বাবে হাতত লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা চলোৱাৰ লগতে বিৰোধী দলসমূহৰ লগতে বিশেষকৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ নিজৰ ভাষণত মোদীয়ে কেন্দ্ৰীয় চৰকাৰে যুৱ সমাজৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজস্থানত আজি কি হৈছে? ৰাজস্থানত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰখনে আজি যুৱ-সমাজৰ ভৱিষ্যৎ ধবংস কৰাৰ দিশে আগবঢ়া বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ একেদৰে শেহতীয়াকৈ বিজেপিৰ বিৰুদ্ধে এক হোৱা বিৰোধী দলসমূহৰ মিত্ৰজোঁট ‘ইণ্ডিয়া’ সন্দৰ্ভতো মন্তব্য কৰে মোদীয়ে৷ ভাষণ প্ৰসংগত তেওঁ কয়– ‘ইণ্ডিয়া’ৰ লেবেল লগাই আচলতে কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহে নিজৰ পূৰ্বৰ কু-কীৰ্তিসমূহ ঢাকি ৰখাৰ চেষ্টা চলাইছে৷ একেদৰে মোদীয়ে ভাষণ প্ৰসংগত ৰাজস্থানৰ মহিলাসকলৰ স্বাৰ্থ সম্পৰ্কতো মন্তব্য আগবঢ়ায়৷ তেওঁ ৰাজস্থানত মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধক লৈয়ো আজি প্ৰশ্ন উত্থাপন কৰে৷ তাৎপৰ্যপূৰ্ণ যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজস্থানলৈ গৈ যিসমূহ অনুষ্ঠানত অংশগ্ৰহণ কৰে, সেই অনুষ্ঠানসমূহৰ অতিথিৰ তালিকাৰ পৰা মুখ্যমন্ত্ৰী অশোক গেহলটৰ নাম কৰ্তন কৰা হয়৷