Logo
image

উভয় সদনত অচলাৱস্থা অব্যাহত, ক’লা পোছাক পিন্ধি বিৰোধীৰ ধৰ্ণা

নতুন দিল্লী, ২৮ জুলাইঃ মণিপুৰৰ হিংসাক লৈ বিৰোধী দলসমূহে বৃহস্পতিবাৰেও সংসদৰ উভয় সদন উত্তাল কৰি তোলে৷ এই সময়ছোৱাত বিৰোধী সাংসদসকলে সংসদৰ দুয়ো সদনত বৃহস্পতিবাৰে পুৱাৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি দাবী কৰি ধৰ্ণা দিয়াৰ লগতে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ ফলত দিনটোৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষই৷ উল্লেখ্য যে মণিপুৰৰ শেহতীয়া হিংসাৰ প্ৰতিবাদ জনাই বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অংশীদাৰী দলসমূহে বৃহস্পতিবাৰে ক’লা কাপোৰ পৰিধান কৰি সংসদত উপস্থিত হয়৷ এই সময়ছোৱাত বিৰোধী সাংসদসকলে সংসদৰ বাহিৰে-ভিতৰে মণিপুৰ  সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতি দাবী কৰি ধৰ্ণা দিয়া পৰিলক্ষিত হয়৷  তৃণমূল কংগ্ৰেছে এই সন্দৰ্ভত এক বিবৃতিত উল্লেখ কৰে যে মণিপুৰৰ নিৰীহ লোকৰ ওপৰত এতিয়া নিৰ্বিচাৰ অত্যাচাৰ চলিছে৷ চৌদিশে জ্বলিছে হিংসাৰ জুই৷ নিহতৰ সংখ্যাই কেতিয়াবাই ডেৰ শতাধিক অতিক্ৰম কৰিছে৷ এনে অমানৱীয় ঘটনাৰ পাছতো মণিপুৰক লৈ প্ৰধানমন্ত্ৰীয়ে মৌনতা অৱলম্বন কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত তৃণমূল দলে মণিপুৰৰ জনতাৰ পক্ষত থাকি প্ৰতিবাদৰ ভাষা হিচাপেই বৃহস্পতিবাৰৰ দিনটোত সংসদত ক’লা কাপোৰ পিন্ধি অহাৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই সংসদ চৌহদত আহি উপস্থিত হয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, অধীৰ চৌধুৰী, আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডা, প্ৰিয়ংকা চতুৰ্বেদীকে ধৰি বিভিন্ন দলসমূহৰ সাংসদসমূহ৷ একেদৰে  বিৰোধী দলৰ আন এগৰাকী সাংসদ সঞ্জয় সিঙকো সংসদৰ বাহিৰত মণিপুৰক লৈ ধৰ্ণা দিয়া দেখিবলৈ পোৱা যায়৷ সাংসদ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে মণিপুৰক লৈ ‘টীম ইণ্ডিয়া’ৰ প্ৰতিবাদে আজি চতুৰ্থ দিনত ভৰি দিলে৷ কিন্তু ইয়াৰ পাছতো বিষয়টোক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে মুঠেই গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷ সেয়ে তেওঁ মণিপুৰৰ জনতাৰ মানৱতাৰ স্বাৰ্থত অন্ততঃ প্ৰধানমন্ত্ৰীয়ে সংসদত বিবৃতি দিব লাগে বুলি দাবী কৰে৷ সেইদৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌনতাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ৰাহুল গান্ধীয়ে মোদীক প্ৰত্যাহ্বান জনাই বৃহস্পতিবাৰে এটা টুইট কৰে৷ টুইটত ৰাহুল গান্ধীয়ে এইবুলি উল্লেখ কৰে যে ‘আপোনালোক সকলোৱে জানে মণিপুৰক লৈ কিয় আজি প্ৰধানমন্ত্ৰী মৌন? কাৰণ তেওঁ জানে যে তেওঁৰ আদৰ্শৰ বাবেই আজি মণিপুৰ জ্বলিছে৷’ টুইটটোৰ সৈতে ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ বাৰ্তাও প’ষ্ট কৰে৷ ৰাহুলে পুনৰ উল্লেখ কৰে ‘মণিপুৰত আজি কি ঘটি আছে সকলোৱে দেখি আছে৷ কিন্তু প্ৰধানমন্ত্ৰী কিয় মৌন? কিয় প্ৰধানমন্ত্ৰীয়ে এটা শব্দও উচ্ছাৰণ কৰা নাই৷ আপোনালোকে ভাবিছে কিয় প্ৰধানমন্ত্ৰীয়ে এবাৰ ইম্ফললৈ নাযায়৷ আচৰিত নহ’ব, মোদী আচলতে আৰ এছ এছৰ প্ৰধানমন্ত্ৰী৷ মণিপুৰৰ সৈতে তেওঁৰ কোনো লেনদেন নাই৷ মণিপুৰৰ মা-ভনী, কন্যাই আজি যি আঘাত পাইছে তাত নৰেন্দ্ৰ মোদীৰ একো নাহে, নাযায়ো৷ গতিকে তেওঁ মণিপুৰক লৈ কিয় মূৰ ঘমাব?’ ৰাহুল গান্ধীৰ এই টুইটে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে৷ ইপিনে মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অংশীদাৰী দলসমূহৰ এটা প্ৰতিনিধি দলে অহা ২৯ আৰু ৩০ জুলাইত সংঘৰ্ষজৰ্জৰিত ৰাজ্যখনৰ পৰিস্থিতি অধ্যয়নৰ বাবে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আনহাতে মণিপুৰৰ পৰিস্থিতিক লৈ অহা ৩১ জুলাইত  পশ্চিমবংগ বিধানসভাই এটা নিন্দাসূচক প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ স্মৰ্তব্য যে চলিত সপ্তাহৰ আৰম্ভণিতে পশ্চিমবংগৰ সৰ্বদলীয় বৈঠকে বিধানসভাত মণিপুৰক লৈ নিন্দাসূচক প্ৰস্তাৱ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ অৱশ্যে এই সিদ্ধান্তৰ বিৰোধিতা কৰে বিৰোধী দল বিজেপিয়ে৷ কিন্তু ইয়াৰ পাছতো পশ্চিমবংগ বিধানসভাৰ বিজনেছ এডভাইজাৰী কমিটীয়ে অহা ৩১ জুলাইত প্ৰস্তাৱটো উত্থাপন কৰিব বুলি জানিব পৰা গৈছে৷