Logo
image

তেলেংগানত বৰষুণৰ তাণ্ডৱ, উটি গ’ল পথ-দলং

হায়দৰাবাদ, ২৮ জুলাইঃ বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তেলেংগানাত৷ ৰাজধানী হায়দৰাবাদকে ধৰি ৰাজ্যখনৰ আন আন অংশত হোৱা প্ৰবল বৃষ্টিপাতে পৰিস্থিতি অতি জটিল কৰি তুলিছে৷ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে বহু স্থান বুৰাই পেলোৱাৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হয়৷ বিপদ সীমাৰ ওপৰেদি বোৱা নদীৰ পানীয়ে বহু স্থানত বাট-পথ আৰু দলং উটুৱাই নিয়ে৷ বিশেষকৈ কেইবাটাও ঘাইপথৰ ওপৰেদি পানী বাগৰাত পৰিস্থিতি জটিল হৈ পৰে৷ গতিকে বতৰ বিজ্ঞান কেন্দ্ৰই হায়দৰাবাদকে ধৰি আঠখন জিলাৰ বাবে ৰেড এলাৰ্ট ঘোষণা কৰে৷ ৰেড এলাৰ্ট ঘোষণা হোৱা জিলাকেইখন হৈছে হায়দৰাবাদ, কমাৰেড্ডী, মেদক, সূৰ্যপেট, খামাম, সাংগাৰেড্ডী, ভিকাৰাবাদ আৰু নালগোন্দা৷ ইয়াত বৃহস্পতিবাৰে পুনৰ ধাৰাসাৰ বৰষুণ হয়৷ মুলুগু জিলাত বৰষুণৰ বাবে আবদ্ধ হৈ পৰা ৮৪জন পৰ্যটকক উদ্ধাৰ কৰা হয়৷ তেওঁলোকক উদ্ধাৰত সহায় কৰে এনডিআৰএফ, জিলা দুৰ্যোগ প্ৰশমণ বিভাগৰ লোকে৷