শোৱাৰ আগেয়ে দুটা লং খাওক, বিস্ময়কৰ ফল পাব
শিৰোণাম দেখিয়ে আচৰিত হৈছে নহয়! এই কথা ষোল্লঅনাই সঁচা যে নিশা শোৱাপাটীত পৰাৰ আগে আগে দুটা লং খালে বিস্ময়কৰ ফল পোৱা যায়৷ মছলা হিচাপে লং বেছ জনপ্ৰিয়৷ অনেক ঔষধি গুণেৰে ভৰপুৰ এইবিধ মুখৰোচক খাদ্য৷ খাদ্যৰ জুতি বঢ়াবৰ কাৰণে লং ব্যৱহাৰ হয়৷ আয়ুৰ্বেদিক চিকিৎসাত অতীজৰে পৰা লং ব্যৱহাৰ হৈ আহিছে৷ নিয়মিতভাৱে লং খালে পেটৰ অসুখৰ পৰা হাতসাৰিব পাৰি, লগতে দাঁত আৰু ডিঙিৰ বিষৰ পৰা উপশম পোৱা যায়৷ খাদ্য বিশেষজ্ঞৰ মতে লঙে ইউজেনোল মানসিক চাপ কমায়৷ লঙত ভিটামিন-এ, ভিটামিন-ডি, ভিটামিন-ই, ভিটামিন -চি, ফলিক, ফায়ামিন, অমেগা-৩ ফেটি এচিড থাকে৷ তদুপৰি এন্টিঅক্সিডেণ্ট, বেক্টেৰিয়া প্ৰতিৰোধী উপাদান পোৱা যায় থলুৱাভাৱে উৎপাদিত লঙত৷ শোৱাৰ পূৰ্বে দুটা লং চোবাই খোৱাৰ লগতে এগিলাচ পানী খাওক৷ এই অভ্যাস কৰিলে আপুনি বিভিন্ন জটিল সমস্যাৰ পৰা মুক্তি পাব৷
⬛দাঁতৰ বিষৰ ক্ষেত্ৰত লঙে মহৌষধৰ দৰে কাম কৰে৷ গৰমপানীৰ সৈতে লং খালে দাঁত বিষৰ পৰা হাত সাৰিব পাৰি৷
⬛নিয়মিত লং খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ ব্ৰন প্ৰতিৰোধৰ ক্ষেত্ৰত লং অতি উপকাৰী৷
⬛নিয়মিত লং খালে মাজে মাজে হৈ থকা কাহ আৰু ডিঙিৰ বিষৰ পৰা উপশম পাব পাৰি৷
⬛চৰ্দি, কাহ, ভাইৰেল ইনফেকচন, ব্ৰংকাইটিছ, চাইনাছ আৰু এজমাৰ পৰা হাত সাৰিবলৈ লং খাব লাগে৷
⬛ৰাতি লং খালে কোষ্ঠকাঠিন্য, ডায়েৰিয়া, অম্লতাৰ পৰা মুক্তি পাব পাৰি৷ লগতে লঙে হজমক্ৰিয়াত বিশেষভাৱে সহায় কৰে৷