Logo
image

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ নাবালিকাক বিয়া পাতি আটক স্বামী

ডিজিটেল সংবাদ, বৰপেটাৰোডঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ অভিযান আৰম্ভ হ'ব বুলি ঘোষণা কৰাৰ পিছতে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ছেপ্টেম্বৰৰ বাল্য বিবাহ কৰা লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বৰপেটাৰোডত বাল্য বিবাহ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ'ল বাল্য বিবাহ কৰা ১৯বছৰীয়া স্বামী।

বাল্য বিবাহৰ গোচৰত পকছ' আইনৰ অধীনত গ্ৰেপ্তাৰ হ'ল ১৯ বছৰীয়া দীপাংকৰ দাস। ১৫বছৰীয়া অনামিকা দাসৰ সৈতে ছয় মাহ পূৰ্বে বিপাহপাশত আৱদ্ধ হৈ দুদিন পূৰ্বে কলহভঙাৰ বৰপেটাৰোডৰ ১০নং ৱাৰ্ডৰ সঞ্জীৱ দেৱ নাথৰ ঘৰত ভাড়াতীয়া হিচাপে দুয়ো আছিল৷ এই সংক্ৰান্তত স্থানীয় আশাকৰ্মী গীতা সাহাই খবৰ লাভ কৰাৰ পিছতেই বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আশাকৰ্মীৰ এজাহাৰৰ ভিত্তিত 108/2023 U/S-9/10 Of PCM Act,R/w Sec 4 of POCSO Actৰ অধীনত যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷