Logo
image

অসম চুক্তিৰ ভূতৰ সাধু

অসম চুক্তি ভূত শব্দটোৰ তিনিওটা অৰ্থতেই ভূত৷ প্ৰথমতে অসম চুক্তিয়ে ইতিমধ্যে এটা অশৰীৰী শক্তিৰ অস্তিত্ব ধাৰণ কৰিছে৷ সেই অৰ্থত অসম চুক্তি ভূত৷ কোনেও নাজানে অসম চুক্তি কি, কিন্তু সকলোৱে জানে যে অসম চুক্তি আছে৷ মানুহক ভূতে ধৰাৰ নিচিনাকৈ অসমৰ সমাজ জীৱনতো অহা ১৫ আগষ্টত ৩৮ বছৰ হ’বলগীয়া অসম চুক্তিয়ে মাজে-সময়ে ভূতৰ দৰে দেখা দি তাৰ পাছত অন্তৰ্ধান হৈছে৷ ভূত শব্দৰ আন এটা অৰ্থ অতীত কাল৷ ৩৮ বছৰ আগতে স্বাক্ষৰিত অসম চুক্তি এতিয়া অতীত৷ তাৰ উৱলি যোৱা কিছু স্মৃতি এতিয়াও অনুৰণিত হৈ আছে৷ অসম চুক্তি এতিয়া বুৰঞ্জীৰ বিষয়৷ অতীতত এদিন অসম চুক্তি স্বাক্ষৰিত হৈছিল– অমুক কৰিম, তমুক কৰিম বুলি৷ অতীতৰ বুকুত তেনে অলেখ পাহৰি পেলোৱা প্ৰতিশ্ৰুতি ঠাহ খাই আছে– ইতিহাসৰ প্ৰতি ধাউতি থকাসকলৰ আকৰ্ষণৰ বিষয় হৈ৷ ভূত শব্দটোৰ তৃতীয়টো অৰ্থ হ’ল জীৱ বা প্ৰাণী৷ অশৰীৰী আৰু অতীত হোৱাৰ পাছতো অসম চুক্তি এটা জীৱন্ত সত্তা হৈ ৰৈ গৈছে৷ এই জীৱটোৱে জন্মৰে পৰা দাসৰ দৰে, গাধৰ দৰে কঠোৰ পৰিশ্ৰম কৰিছে কিছুমান মানুহৰ জীৱন গঢ়িবলৈ৷ অসম চুক্তিৰ সমৰ্থক আৰু বিৰোধী দুয়োটা পক্ষৰে বহু লোকৰ জীৱনলৈ অসম চুক্তিয়ে চমৎকাৰ পৰিৱৰ্তন আনিছে৷ অসম চুক্তিৰ হিতাধিকাৰীৰ সংখ্যা বহুত৷ তালিকাত অসমৰ মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীলৈ অলেখ লোকৰ নাম আছে৷ অসম চুক্তিয়ে উদং কৰা ৮৬০খন ঘৰতকৈ অসম চুক্তিৰ হিতাধিকাৰী সৰহ৷ এয়া অসম চুক্তিৰ অন্যতম সাফল্য৷

৩৮ বছৰ আগতে বহু আলোচনা-বিলোচনাৰ অন্তত অসম চুক্তি স্বাক্ষৰ হৈছিল৷ তাৰ পাছৰ পৰা আজিলৈ অসম চুক্তিৰ বিষয়ে আলোচনা হৈ আছে৷ অসম চুক্তি এক অন্তহীন আলোচনাৰ বিষয়৷ চন্দ্ৰ-সূৰ্য থকালৈ অসম চুক্তিৰ বিষয়ে আলোচনা হৈ থাকিব৷ অসম চুক্তিয়ে কি কি কৰিব বুলি কৈছিল, কৰাৰ দায়িত্ব কোনে লৈছিল, আদি কথা ইতিমধ্যে বিস্মৃতিৰ অটল গহ্বৰত লীন হৈ গৈছে৷ গতিকে অসম চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ, চুক্তি ৰূপায়ণৰ বিষয়ে আলোচনা কৰিবলৈ সহজ, বিশেষকৈ সেইসকলৰ সৈতে যিসকলে এই চুক্তি ৰূপায়ণৰ বাবে একো কৰিব নোৱাৰে৷ 

অসম চুক্তিৰ ১৫নং তথা অন্তিমটো দফাত লিখা আছে যে কেন্দ্ৰৰ গৃহ মন্ত্ৰণালয়ে চুক্তিখনৰ ৰূপায়ণৰ বাবে ‘ন’ডল’ বা সমন্বয়ক মন্ত্ৰণালয়ৰূপে কাম কৰিব৷ বিদেশী সমস্যা সমাধানৰ বাবে চুক্তিখনৰ ৫.১ দফাৰ পৰা ৫.৪ দফালৈ যিবোৰ কৰা হ’ব তাৰ বাবে ৫.৫নং দফাটোত ভাৰত চৰকাৰে চৰকাৰী যন্ত্ৰটোৰ প্ৰয়োজনীয় সবলীকৰণ কৰিব বুলি কৈছে৷ চুক্তিখন স্বাক্ষৰ কৰাৰ পাছত সেইখনৰ ৰূপায়ণৰ দায়িত্ব ভাৰত চৰকাৰৰ৷ তাৰ পাছতো বহুদিনৰ পৰা অসমত এটা অসম চুক্তি ৰূপায়ণ বিভাগ আছে৷ আনে নাজানিলেও এই বিভাগটোৰ মন্ত্ৰীসকলে ভালকৈ জানে যে অসম চুক্তি ৰূপায়ণৰ বাবে তেওঁলোকে কৰিব পৰা একোৱেই নাই৷

অসমৰ পৰা বিদেশী বহিষ্কাৰ হ’লে, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন হ’লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ কেবিনেটৰ মন্ত্ৰীসকলৰ ব্যক্তিগত বা ৰাজনৈতিক কোনো ক্ষতি নহয়৷ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা বা কেশৱ মহন্তৰো ব্যক্তিগত বা ৰাজনৈতিক ক্ষতি নহয়৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে দিয়া কমিটীৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰিলেও তেওঁলোকৰ ব্যক্তিগত বা ৰাজনৈতিক ক্ষতি নহয়, বৰং তেওঁলোক প্ৰচুৰ লাভৱান হোৱাৰহে সম্ভাৱনা আছে৷ তেনেহ’লে অসম চুক্তি ৰূপায়ণ নহয় কিয়, ৬নং দফাৰ বাবে দিয়া পৰামৰ্শাৱলী ৰূপায়ণ নহয় কিয়? কাৰণ তেওঁলোকৰ অসম চুক্তি ৰূপায়ণ কৰিবলৈ ক্ষমতা, অধিকাৰ বা কতৃৰ্ত্ব কোনোটোৱেই নাই৷ চৰকাৰবোৰে আন্তৰিকতাৰে কাম নকৰে, চৰকাৰবোৰে ৰাজনৈতিক বিচাৰ-বিবেচনাৰে কাম কৰে৷ তেনে ৰাজনৈতিক বিচাৰ-বিবেচনাৰে দিল্লীৰ কি কংগ্ৰেছ, কি বিজেপি কোনো চৰকাৰেই অসম চুক্তি ৰূপায়ণৰ প্ৰতি বিশেষ আগ্ৰহী হোৱা নাই৷ 

অসমৰ বিজেপিয়ে অসম চুক্তিৰ ৰূপায়ণ অন্তৰেৰে আশা কৰিব পাৰে, কিন্তু দিল্লীৰ বিজেপি, আৰ এছ এছ অসমীয়া জাতীয়তাবাদৰ দুৰ্ঘোৰ বিৰোধী, কাৰণ তেওঁলোকে গঢ়িব বিচৰা হিন্দু ধৰ্মভিত্তিক ভাৰতীয় জাতিৰ আৰু সেই জাতিটোৰ বাবে এখন হিন্দু ৰাষ্ট্ৰ গঢ়াৰ  ধাৰণাটোৰ স’তে অসমীয়া বা আন কোনো ধৰণৰ জাতীয়তাবাদ খাপ নাখায়৷ অসমৰ ৩৫ শতাংশ মুছলমান জনসংখ্যা বিজেপিৰ বাবে এক আশীৰ্বাদ৷  হিমাচল প্ৰদেশত মাত্ৰ ২ শতাংশহে মুছলমান, গতিকে তাত মুছলমানবিদ্বেষ, ইছলামভীতি বিয়পোৱাকঠিন৷ ভয় খুৱাবলৈ মুছলমানেই নাই৷ তাত বিধানসভাৰ নিৰ্বাচনত বিজেপি পৰাজিত হৈছে৷ মহাৰাষ্ট˜ত মাৰাঠী জাতীয়তাবাদী ৰাজনৈতিক ধাৰাটোৱো ক্ৰমান্বয়ে নিশকতীয়া হৈ আহি বিজেপিত লীন যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে, অসম গণ পৰিষদৰ অসমীয়া জাতীয়তাবাদী ধাৰাটোৰ দৰে৷ একমাত্ৰ পশ্চিম বংগত মমতা বেনাৰ্জীয়ে বাঙালী জাতীয়তাবাদী ৰাজনৈতিৰ ধাৰাটোক বিজেপিবিৰোধী আৰু সফল ৰূপত এতিয়ালৈ বৰ্তাই ৰাখিব পাৰিছে৷

বিজেপিৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ কনিষ্ঠ সহযোগী অগপৰ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই মনে-প্ৰাণে বিচাৰিলেও অসম চুক্তি ৰূপায়ণৰ বাবে একো কৰিব নোৱাৰে, সেই কাম তেওঁলোকৰ এক্তিয়াৰৰ বাহিৰত৷ বিজেপি-আৰএছএছে মুছলমানৰ ভয় দেখুুৱাই ভোট গোটাই ক্ষমতাত থকাৰ ৰাজনীতি কৰিব, অসম চুক্তি ৰূপায়ণ নকৰে৷

এনে পৰিস্থিতিত আছুৰ  সন্মুখত দুটা পথ খোলা আছে, অসম চুক্তি ৰূপায়ণৰ বাবে পুনৰ আন্দোলনৰ পথ লোৱা৷ ৩৮ বছৰৰ পাছত চুক্তি ৰূপায়ণৰ বাবে এটা গণ আন্দোলন গঢ়ি উঠিবনে? ৰাইজ আকৌ ৰাজপথলৈ ওলাই আহিবনে? সকলোৱে জানে, নাহে৷ গতিকে আছুৰ সমুখত এটাই মাত্ৰ পথ খোলা আছে, চৰকাৰৰ স’তে আলোচনাৰ পথ৷ অসম চুক্তি ৰূপায়ণৰ দায়িত্বত থকা দিল্লীৰ গৃহ বিভাগে বিপ্লৱ শৰ্মা কমিটীয়ে ৬নং দফা ৰূপায়ণৰ বাবে দিয়া পৰামৰ্শাৱলী প্ৰতিবেদনখন কি কায়দাৰে হৰলুকী কৰিলে আমি দেখিলোঁ৷ দিল্লীয়ে অসম চুক্তিৰ বিষয়ে আলোচনা নকৰে৷ গতিকে অসম চুক্তিৰ ভালুকৰ সাঙীখন কঢ়িয়াই থাকিবলৈ বাধ্য হোৱা আছুৱে দিছপুৰৰ অসম চুক্তি ৰূপায়ণমন্ত্ৰীৰ স’তে আলোচনা কৰাৰ বিকল্প কি? দিছপুৰত তেওঁলোকে কি আলোচনা কৰে? অসম চুক্তিৰ ভূতৰ সাধু?