Logo
image

মুখ্যমন্ত্ৰীৰ পাঠশালাত আৰক্ষী

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধি, ২৯ জুলাইঃ দেউতাই যদি এক-ডেৰ লাখ টকা লৈ ঘৰলৈ আহে তেন্তে ল’ৰা-ছোৱালীসকল সাৱধান হ’ব লাগে৷ ইমান টকা ক’ৰ পৰা পালে বুলি দেউতাকক ল’ৰা-ছোৱালীয়ে প্ৰশ্ন কৰিব লাগে৷ অসৎ উপায়েৰে পোৱা ধন হ’লে দেউতাকৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা ল’ব লাগে৷ পুলিচক ফোন কৰি কথাটো ক’ব লাগে৷ আৰক্ষীৰ সন্তানলৈ এই আহ্বান গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছত ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বিভাগত কৰ্মৰত প্ৰতিজন বিষয়া-কৰ্মচাৰীক নিৰন্তৰ বিভিন্ন নীতি-নিৰ্দেশনা আৰু উপদেশ দি আহিছে৷ কিন্তু শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে আৰক্ষীৰ পৰিৱৰ্তে আৰক্ষীৰ সন্তানক উদ্দেশ্যি বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷ মুখ্যমন্ত্ৰীৰ স্পষ্ট মত– আৰক্ষীৰ অধীক্ষকসকলে নিজৰ ব্যক্তিগত ছবিখন সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ প্ৰৱণতাৰ বিৰুদ্ধে আৰক্ষীৰ বাহিনীৰ ভাৱমূৰ্তি অধিক উজ্জ্বল কৰাৰ কাম কৰিব লাগে৷ দুটা ধৰ্মৰ যুৱক-যুৱতীৰ মাজত বিয়া হ’লে বিশেষ  বিবাহ আইন কাৰ্যকৰীৰ ওপৰত আৰক্ষীয়ে বিশেষ দৃষ্টি ৰাখিব লাগে৷ আৰক্ষীৰ উচ্ছ শিক্ষিত যুৱক-যুৱতীসকলে অপৰাধ অনুসন্ধানৰ কামত নিয়োজিত হ’ব লাগে৷ কোনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাছত দোষী সাব্যস্ত কৰিব পৰাকৈ আইনগত দিশত আৰক্ষীয়ে সক্ৰিয়তাৰে কাম কৰিব লাগে৷ উল্লেখ্য যে– বঙাইগাঁৱত আৰম্ভ হৈছে আৰক্ষী অধীক্ষক সন্মিলন৷ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই সন্মিলন৷ বঙাইগাঁও উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত নৱনিৰ্মীত আলোচনা ভৱন তথা সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হৈছে এই সন্মিলন৷ আৰক্ষী সন্মিলনৰ শুকুৰবাৰে দ্বিতীয় দিনা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি আৰক্ষীৰ উদ্দেশ্যে ইটোৰ পাছত সিটোকৈ পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদান কৰে৷ আজি তিনিখনকৈ বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ হয়৷ উল্লেখ্য যে আজি আৰক্ষী অধীক্ষক সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে দেশভক্ত দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে দেশভক্ত তৰুন ৰাম ফুকনৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি তথা মাল্যাৰ্পণ কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰি কয়–  আৰক্ষী বিভাগত খালি থকা পদ সমূহ অহা ৩১ মাৰ্চৰ ভিতৰত চিনাক্ত কৰি ছেপ্টেম্বৰ মাহৰ পূৰ্বে এই বোৰৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অহা বছৰ এক এপ্ৰিলত এই সকলো পদ পুৰণ কৰা হ’ব৷ উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা ২৩০টা শ্বহীদ আৰক্ষী পৰিয়ালৰ সদস্যক আৰক্ষী বিভাগত নিযুক্তি দিয়া হ’ব৷ আজি এই সন্মিলনত মু্‌খ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আইন বিশ্ব বিদ্যালয়, মাইক্ৰচফ্‌ট প্ৰতিষ্ঠান আৰু চাইবাৰ পীচ এণ্ড ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেশ্যনৰ সৈতে তিনিখন চুক্তিত বুজাবুজি কৰি স্বাক্ষৰ কৰে৷ তেওঁ এছ টি এফ আৰু গৃহৰক্ষী বাহিনীৰ নতুন লগোও মুকলি কৰে৷ ৰাজ্যত ড্ৰাগছৰ অবাধ বেহাক কঠোৰভাৱে দমন কৰাৰ বাবে আৰক্ষী বিষয়াসকলক অধিক তৎপৰ হ’বলৈ নিৰ্দেশ দিয়ে তেওঁ৷ ইয়াৰ উপৰি ৰাজ্যখনত চলি থকা বাৰ্মিজ চুপাৰিৰ অবৈধ ৰপ্তানীৰ ওপৰত আৰক্ষী সকলক চকু ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে এইক্ষেত্ৰত ৰে’ল আৰক্ষীকো সষ্টম হ’বলৈ কয়৷ অহা ছেপ্টেম্বৰ মাহৰ পৰা বাল্যবিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিব বুলিও তেওঁ সকীয়নি দিয়ে৷ আজিৰ এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে দুটা কৈ এপছ্‌ মুকলি কৰে৷ পুলিচ ভেৰিপিকেশ্যন এপছ্‌ আৰু এম পাছপোৰ্ট এপছ্‌ মুকলি কৰা হয়৷ অহা এক অক্টোবৰৰ পৰা সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীত গোচৰ বোৰ অনলাইন জি ডি হিচাপে গ্ৰহণ কৰা হ’ব বুলি মু্‌খ্যমন্ত্ৰীয়ে ঘোষণা কৰি কয়– এতিয়াৰে পৰা আদালতত অভিযুক্তৰ বিৰুদ্ধে প্ৰস্তুত কৰা অভিযোগনামা দুই তিনি মাহৰ ভিতৰত দাখিল কৰিব লাগিব৷  থানাত অভিযোগ দিব অহা লোক সকলৰ সৈতে আৰক্ষী বিষয়া সকলে ভালদৰে ব্যৱহাৰ কৰাৰ উপৰিও তেওঁলোকৰ কথা মনোযোগেৰে শুনিব লাগিব থানা আৰু আৰক্ষী চকীৰ আৰক্ষী পৰিদৰ্শকসকলে৷ অভিযোগকাৰীৰ বিৰুদ্ধে কোনো বেয়া শব্দ অথবা কোনো ধৰণৰ দুৰ্বব্যবহাৰত লিপ্ত হব নোৱাৰিব আৰক্ষীয়ে৷ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ মূলক ঘটনা যোৱা দুবছৰত বহু পৰিমাণে হ্ৰাস পোৱাৰ বাবে আৰক্ষী বিষয়াসকলক ধন্যবাদ দিয়ে তেওঁ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয়– ৰোহিংগীয়াই ত্ৰিপুৰাৰ দালালৰ জৰিয়তে কৰিডৰ বনাইছে অসমক৷  ৰোহিংগীয়াই ৰে’ল  যোগাযোগক সহজ পথ হিচাপে ব্যৱহাৰ কৰিছে৷ যাৰ বাবে ৰে’ল আৰক্ষীও সষ্টম হ’ব লাগিব৷ অবৈধ সুৰা, বাৰ্মিজ চুপাৰী, ইউৰীয়া সাৰ সৰবৰাহ ৰোধৰ বাবে সীমান্ত জিলাৰ অধীক্ষকসকল সষ্টম হ’ব লাগিব৷ কাৰ্বি আংলং আৰু বিটিআৰ অঞ্চলৰ আৰক্ষী অধীক্ষক সকলক অতিৰিক্ত দায়িত্ব প্ৰদানৰ জৰিয়তে বিপথে পৰিচালিত হোৱা যুৱক সকলৰ প্ৰতি নজৰ ৰাখি এওলোকক সঠিক পথত লৈ আহিব লাগিব৷ ডিব্ৰুগড়, শিলচৰ আৰু বঙাইগাঁও এই তিনি ঠাইত ফৰেনছিক লেবৰেটৰী স্থাপন কৰা হ’ব৷ হোমগাৰ্ড, ভিডিপি সকলক উৎসাহিত কৰিবলৈ আৰক্ষী অধীক্ষক লাগিব৷ আৰক্ষীৰ পোছাকত কোনো আৰক্ষী অথবা আৰক্ষী বিষয়াই ৰাজহুৱা সভা, ৰাজহুৱা অনুষ্ঠান অথবা বিহু মঞ্চত গীত নৃত্য পৰিৱেশন কৰাৰ পৰা আঁতৰি থাকিব লাগিব৷ এনে কাৰ্যৰ দ্বাৰা আৰক্ষীৰ মৰ্যাদা হানি হয়৷ আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি সাপেক্ষে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব কোনো আৰক্ষী তথা আৰক্ষী বিষয়াই৷ জিলা আৰক্ষী বিষয়া, ভাৰপ্ৰাপ্ত বিষয়াই স্পৰ্শকাতৰ বিষয়ৰ ওপৰত সংবাদ মাধ্যমক বাইট দিব নোৱাৰিব৷ ডি জি পি ৰ অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত কোনো আৰক্ষী বিষয়াই বাইট দিব নোৱাৰিব৷ বহিঃৰাজ্যত উদ্ধাৰ হোৱা নাবালিকা, মহিলা আদিক উদ্ধাৰ কৰিব যোৱাৰ সময়ত ভাড়াৰ বাবদ আৰক্ষীয়ে এতিয়াৰে পৰা সংশ্লিষ্ট পৰিয়ালক টকা বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব৷ ইয়াৰ উপৰিও আৰু কেবাটাও বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীয়ে একাধিক পৰামৰ্শ আৰু নিৰ্দেশ প্ৰদান কৰে৷ এই সন্মিলনত ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা সহ অসম আৰক্ষীৰ একাধিক উচ্ছ পদস্থ বিষয়া সকল উপস্থিত থাকে৷ সন্মিলনত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে৷ কাইলে সমাপ্ত হ’ব এই সন্মিলনৰ৷ উল্লেখ্য, আৰক্ষীৰ বাবে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ এই পাঠশালাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰায় ১.৩৬ ঘণ্টা ধৰি উপস্থিত আৰক্ষী বিষয়াসকলক উদ্দেশ্যি নিৰন্তৰ নীতি-নিৰ্দেশনা দিয়ে৷