Logo
image

দুয়োটা দলতে সভাপতিক লৈ বিড়ম্বনা

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাইঃ ৰাজ্যৰ দুটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছ৷ যোৱা ৭ বছৰ ধৰি অসমত শাসনৰ গাদীত বহি আছে বিজেপি দল৷ আনহাতে ইয়াৰ পূৰ্বে একেৰাহে ১৫ বছৰ কাল ধাৰাবাহিকভাৱে ৰাজ্য শাসন কৰিছিল কংগ্ৰেছে৷ আজিও ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ৷ কিন্তু এই দুয়োটা দলৰে ৰাজ্যিক সভাপতি দুগৰাকীক লৈ দল দুটাৰ অভ্যন্তৰত সৃষ্টি হৈছে ব্যাপক বিড়ম্বনাৰ৷ ‘মানুহ মৰে কৈ, চৰাই মৰে ৰৈ’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ক্ষেত্ৰত যেন এই আপ্তবাক্যশাৰী ষোল্ল অনাই সঁচা৷ মহাভাৰতৰ ভগৱান কৃষ্ণ-ৰুক্মিণীৰ বিবাহ আৰু ধৃতৰাষ্ট্ৰ -গান্ধাৰীৰ বিবাহক লাভ জেহাদ আখ্যা দি খোদ নিজ দলৰে ৰোষত পৰিছে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ কংগ্ৰেছতে উঠিছে ভূপেন বৰা বিৰোধী ধবনি৷ বিজেপিৰ জালত ভৰি দিলে নেকি ভূপেন বৰাই? এনে সন্দেহ আশংকাও প্ৰকাশ কৰিছে তেওঁৰ দলৰে অনেকে৷ ইফালে জিতু দাসৰ বিতৰ্ক শেষ নৌহওতেই এইবাৰ পত্ৰ লেখি পুনৰ বিতৰ্কত সোমাই পৰিছে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ মাটি ব্যৱসায়ী কনক ডেকাৰ হৈ ৫ হাজাৰ কিউবিক মিটাৰ বালি বিচাৰিছে ভৱেশ কলিতাই৷ বাক্‌সা জিলা বন সংমণ্ডল বনবিষয়ালৈ এই সন্দৰ্ভত পত্ৰ লিখি বিপাঙত পৰিছে ভৱেশ কলিতা৷ উল্লেখ্য যে প্ৰদেশ বিজেপিৰ সভাপতিগৰাকী কাঠ আৰু চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত বুলি পূৰ্বৰে পৰাই অভিযোগ আছে৷ ইয়াৰ মাজতে তেওঁৰ পি এ বুলি পৰিচয় পত্ৰ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহত অসমক প্ৰতিনিধিত্ব কৰা জিতু দাস নামৰ বিজেপি নেতাজনৰ নাম বহু চৰ্চিত চুপাৰি ছিণ্ডিকেটৰ ভাইৰেল ভিডিঅ’ৰ সৈতে সাঙোৰ খাই পৰাৰ পাছতে অসম বিজেপিত সৃষ্টি হৈছে ভূমিকম্পৰ৷ যদিও বিজেপিৰ কোনো নেতাই মুখ খুলি এতিয়ালৈকে ভৱেশ কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাই কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈছে খোদ দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী৷ ভূপেন বৰাই কৰা লাভ জেহাদ সম্পৰ্কীয় মন্তব্যৰ বাবে একপ্ৰকাৰে বিদ্ৰোহ ঘোষণা কৰি দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে ভূপেন বৰাৰ শাস্ত্ৰৰ জ্ঞান আছে, ৰামায়ণ-মহাভাৰতৰ জ্ঞানো আছে আৰু সেয়ে তেওঁ সুযোগ পালেই শাস্ত্ৰৰ কথা ক’বলৈ বিচাৰে৷ কালি পুৱা গোস্বামীৰ লগত কথা পাতোতে বৰাই কালি দুটামান অপ্ৰয়োজনীয় শব্দ বেছিকৈ কোৱা বুলি উপলব্ধি কৰাৰ বিষয়ে তেওঁ প্ৰকাশ কৰে৷ তাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন অনুতপ্ত বুলিও গোস্বামীয়ে জানিবলৈ দিয়ে৷ গোস্বামীয়ে লগতে কয়, ‘মই কথা পাতোতে তেখেতক পৰামৰ্শ দি কওঁ, আপুনি কোনোবা এখন সত্ৰলৈ যাওক আৰু সত্ৰাধিকাৰ প্ৰভুৱে যদি আজ্ঞা মতে সত্ৰৰ নামঘৰত ভকত হৈ পৰম্পৰা আৰু নীতি-নিয়ম মানি ধৰ্মচৰ্চা কৰক৷ ৰাজনীতি কৰিবলৈ আমিবোৰ আছো৷ দিল্লীত হাইকামাণ্ড আছে৷ আপুনি ৰাজনীতিত থাকে যদি শাস্ত্ৰৰ কথা কমকৈ কওক, ৰাজনীতিৰ কথা বেছিকৈ কওক৷